ETV Bharat / state

এ পি এছ চি কেলেংকাৰী: বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:40 PM IST

Updated : Nov 22, 2023, 2:54 PM IST

APSC scam
বক্ৰ পথেৰে চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক

APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন আজি উচ্চ ন্যায়ালয়ত দাখিল কৰিব SIT য়ে ৷ বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক মঙলবাৰে নিশা আটক কৰিছে বিশেষ তদন্ত গোটে ৷ এছ আই টিৰ তদন্তত অনিয়মৰ তথ্য লাভ কৰা ৩৪ বিষয়াৰ ভালেসংখ্যক এ চি এছ বিষয়া সম্প্রতি দিছপুৰতে কৰ্মৰত ।

গুৱাহাটী, ২২ নৱেম্বৰ: বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰিছে বিশেষ তদন্ত গোটে (এছ আই টি) । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাচত ৰাজ্য চৰকাৰে এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোটে (এছ আই টি) ২০১৫ চনৰ এই ৩৪ বিষয়াৰ বাছনিৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ তথ্য-পাতি লাভ কৰাৰ পিচতে মঙলবাৰে নিশা ৩৪ ৰাজপত্ৰিত বিষয়াক আটক কৰিছে । বৰ্তমান এছ আই টিয়ে চি বি আইৰ কাৰ্যালয়ত আটাইকেইজনৰ জেৰা অব্যাহত ৰাখিছে । ইয়াৰে কেইবাজনো আজি গ্ৰেপ্তাৰ হোৱাৰো‌ সম্ভাৱনা আছে ।

জানিব পৰা মতে, বিশেষ তদন্ত গোটে আটক কৰা ৰাজপত্ৰিত বিষয়াকেইজনৰ অসম অসামৰিক সেৱাৰ অভিযুক্তসকল ক্ৰমে ধ্ৰুৱজ্যোতি হাতীবৰুৱা, ত্ৰিদীৱ ৰায়, বিক্ৰমাদিত্য বৰা, ধীৰাজ কুমাৰ জৈন আৰু আকাশী দুৱৰা ৷ আনহাতে অসম আৰক্ষী সেৱাৰ অভিযুক্তসকল হৈছে দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নিতুমণি দাস, পুস্কল গগৈ, সুকন্যা দাস, ৰুমী তিমুংপি, অমিতৰাজ চৌধুৰী, অসীমা কলিতা আৰু ৰাকেশ দাস ৷

ইয়াৰ উপৰি আৰক্ষী বিষয়া ছাহজাহান সৰকাৰ, অনলজ্যোতি দাস, ঋতুৰাজ দলে, জগদীশ ব্ৰহ্ম, হিতেশ মজুমদাৰ, ঐশ্বৰ্য জীৱন বৰুৱা, সৌৰভ কুমাৰ ভট্টাচাৰ্য, নন্দিনী কাকতি আৰু নন্দিতা হাজৰিকাকো আটক কৰে বিশেষ তদন্ত গোটে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছিল । ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মর্মে চৰকাৰে এই উদ্যোগ গ্রহণ কৰাৰ কথা সদৰী কৰিছিল ।

২০১৩ চনত পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত বাছনি লাভ কৰা এই বিষয়াসকলৰ বাছনিত সংঘটিত বিসংগতি এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (প্রাক্তন) বিপ্লৱ কুমাৰ শৰ্মাৰ প্রতিবেদনত আঙুলিয়াই দিয়া হৈছিল । এই প্রতিবেদনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্রতীক থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ ছজনীয়া এছ আই টি গঠন কৰে । আদালতৰ অনুমতি সাপেক্ষে ইতিমধ্যে প্ৰাৰ্থী (বিষয়া)কেইজনৰ এ পি এছ চিৰ পৰীক্ষাৰ উত্তৰবহী আৰু পৰীক্ষা সংক্রান্তীয় এ পি এছ চিৰ অন্য নথিপত্ৰ পৰীক্ষা কৰি এছ আই টিয়ে তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক আৰু সন্দেহ উদ্রেককাৰী তথ্য লাভ কৰাৰ কথা জানিব পৰা হৈছে ।

মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বাছনিত বিসংগতি ধৰা পেলোৱা এই ৩৪জন বিষয়াৰ বহুকেইজনৰ উত্তৰবহী আৰু তেওঁলোকৰ নাম-নম্বৰ সম্বলিত টেবুলেচন শ্বীট এ পি এছ চি কেলেংকাৰীৰ গোচৰৰ পূৰ্বৰ তদন্তকাৰী বিষয়াই আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহৰ পৰা জব্দ কৰিছিল । কিন্তু তেওঁলোকক তদন্তৰ আওতালৈ অনা হোৱা নাছিল বা তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । এই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ে চৰকাৰক প্রশ্ন কৰাৰ পাছত চৰকাৰে এছ আই টি গঠন কৰিছিল । এই এছ আই টিয়ে প্ৰাৰম্ভিক তদন্তত বহু তথ্য-পাতি লাভ কৰিছে । সেই পৰিপ্ৰেক্ষিতত এছ আই টি আৰু গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ মাজত দিছপুৰত যোৱা কেইদিনত একাধিক বৈঠক অনুষ্ঠিত হৈ থকাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে এছ আই টিয়ে আজি অৰ্থাৎ বুধবাৰে উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব । আদালতে পূৰ্বে ছসপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ এছ আই টিক সময় বান্ধি দি থৈছে । মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বিসংগতিৰে বাছনি হোৱা বুলি চিনাক্ত কৰা তথা এছ আই টিৰ তদন্তত অনিয়মৰ তথ্য লাভ কৰা ৩৪ বিষয়াৰ ভালেসংখ্যক এ চি এছ বিষয়া সম্প্রতি দিছপুৰতে কৰ্মৰত । এনে প্রেক্ষাপটত এছ আই টিয়ে আদালতত কি প্রতিবেদন দিয়ে সেয়া লক্ষণীয় হ’ব ।

ইফালে, ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷

লগতে পঢ়ক: বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত

Last Updated :Nov 22, 2023, 2:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.