ETV Bharat / state

Jayanta Hazarika death anniversary: ৰাণাদা বিহীন ৪৬ টা বছৰ; গীতেৰে-সুৰেৰে মৃত্যু বাৰ্ষিকী পালনৰ ব্যাপক প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:16 PM IST

Updated : Oct 17, 2023, 7:34 PM IST

দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি পালনৰ বাবে ব্যাপক প্ৰস্তুতি । ৰবীন্দ্ৰ ভৱনত ‘সুৰ বাহিনী’ৰ এদল শিল্পী এতিয়া ব্যস্ত শিল্পীগৰাকীৰ এটি গীত 'এইটো প্ৰহৰ শূন্য প্ৰহৰ'ৰ আখৰাত । মৰিগাঁৱত চৰকাৰীভাৱে উদযাপন হ’ব ৰাণাদাৰ মৃত্যুবাৰ্ষিকী ৷

Jayanta Hazarika death anniversary
Assamese music icon Jayanta Hazarika

ৰাণাদা বিহীন ৪৬ টা বছৰ

গুৱাহাটী, ১৩ অক্টোবৰ: অহা ১৫ অক্টোবৰত দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বাৰ্ষিকী । ৰাণাদা হিচাপে পৰিচিত শিল্পীগৰাকীৰ অবিহনে অসমীয়াই পাৰ কৰিলে ৪৬ টাকৈ বছৰ ৷ এইবাৰ মৰিগাঁৱত চৰকাৰীভাৱে উদযাপন কৰা হ'ব প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু বাৰ্ষিকী । ১৯৭৭ চনৰ ১৫ অক্টোবৰত মাত্ৰ ৩৪ বছৰ বয়সতেই সকলোকে কন্দুৱাই নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিছিল ন-সুৰুযৰ চানেকি লৈ আহিব খোজা শিল্পীগৰাকী । জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰি পিছলৈ এগৰাকী কণ্ঠশিল্পী, সংগীত পৰিচালক, সুৰকাৰ তথা সংগীতজ্ঞ হিচাপে সুকীয় পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল জয়ন্ত হাজৰিকা ৷

‘মোৰ মিনতি’, ‘এই আকাশ বৰ বিশাল’, ‘আগলি বতাহে কঁপালে কলৰে পাত’, ‘মোৰ মন চাতকৰ কণ্ঠই’, ‘তোমাৰ মৰমে মোৰ’, ‘সুৰাত মগন ভয়াল ৰাতি’, ‘সাৰ পাম মই পুৱতি নিশাতে’, ‘লুইতৰ বলিয়া বান’ আদিৰ দৰে বহু কেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পী গৰাকীয়ে ।

শিল্পীগৰাকীৰ মৃত্যু তিথিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সাজু হৈছে সুৰ বাহিনী । ১৯৭৭ চনত গোলাঘটীয়া ৰাইজৰ সহযোগত শিল্পী জয়ন্ত হাজৰিকাই গঠন কৰিছিল 'সুৰ-বাহিনী' । তেওঁৰ সহধৰ্মিনী তথা কণ্ঠশিল্পী মনিষা হাজৰিকা আৰু সংগীত শিল্পী জে পি দাসৰ নেতৃত্বত এদল শিল্পীয়ে চলাইছে প্ৰস্তুতি । 'এইটো প্ৰহৰ শূন্য প্ৰহৰ' গীতটো সমবেত সংগীত হিচাপে পৰিৱেশনৰ বাবে ৰবীন্দ্ৰ ভৱনত এইসকল কণ্ঠশিল্পীয়ে চলাইছে আখৰা ।

দৰদী শিল্পী গৰাকীৰ মৃত্যু তিথিৰ সম্পৰ্কত শিল্পী জে পি দাসে মন্তব্য কৰি কয়, ‘‘জয়ন্ত হাজৰিকা বিহীন ৪৬ টা বছৰ পাৰ কৰিলে অসমবাসীয়ে । এক দীঘলীয়া সময় । ৪৬ টা বছৰে তেওঁক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে মনিষা হাজৰিকাই । এগৰাকী শিল্পীৰ মৃত্যু হ’লেও তেওঁৰ সৃষ্টিৰাজীয়ে তেওঁক সদায় জীয়াই ৰাখিব ।’’

লগতে পঢ়ক: New Assamese film: ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ

Last Updated :Oct 17, 2023, 7:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.