ETV Bharat / state

New Assamese film: ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 3:18 PM IST

আজিৰে পৰা ৰাজ্যৰ বহুকেইটা ছবিগৃহত মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি 'বীৰ' । বৰ্তমান সমাজত ঘটি থকা কিছু সমস্যা তথা ঘটনাৰাজিক কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী কলা-কুশলী ।

New Assamese film Veer to hit theatres
ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ

গুৱাহাটী,১৩ অক্টোবৰ: অসমীয়া ছবি উদ্যোগলৈ ক্ৰমাৎ যেন ঘূৰি আহিছে ভাল দিন । মুক্তি পাইছে ইখনৰ পিছত সিখনকৈ ছবি । ইয়াৰ মাজতে অসমীয়া ছবিপ্ৰেমীসকলৰ বাবে আন এক ভাল খবৰ । শুকুৰবাৰে মুক্তি লাভ কৰে আন এখন নতুন অসমীয়া ছবিয়ে । ৰাজ্যৰ বহুকেইটা ছবিগৃহত আজিৰে পৰা দৰ্শকে উপভোগ কৰিব পাৰিব নতুন অসমীয়া ছবি 'বীৰ'। দুৰ্নীতিমুক্ত এখন সমাজ গঢ়িবলৈ হ'লে সমাজখনৰ পৰা তথাকথিত কোনবোৰ কামক প্ৰত্যাহ্বান জনাই আগবাঢ়িব লাগিব তাৰে কিছু ঘটনা-পৰিঘটনাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে নতুন অসমীয়া ছবি "বীৰ"।

New Assamese film Veer to hit theatres
ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ

ড্ৰাগছ, সুৰাৰ দৰে নিচাজাতীয় সামগ্ৰীয়ে বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত সৃষ্টি কৰা ত্ৰাস আৰু সমাজত অসমাজিক কৰ্মৰ সৈতে জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে লোৱা পদক্ষেপসমূহক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখনৰ । চম্পাৱতী ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে দীপ্তি ইছলাম আৰু খুছবু বেগমে । আনহাতে ছবিখন চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি পৰিচালক নাৰায়ণ শীলে ।

ছবিখন 'বীৰ'ৰ মূল চৰিত্ৰ সমূহত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰাজ, লনীশ্ৰী দাস, পল ফুকন, মুকুল দাস, ভৱেশ দাস, অনয়া ব্ৰহ্ম, বাবলি বৰা, প্ৰিয়া পি শৰ্মা, ছাজু আহমেদ, ৰক্তিম ৰাজ, জোন সাগৰ, প্ৰিন্স, মীনৰ', ওম কাশ্যপ, মাণিক ৰয়, অনিন্দিতা ৰুদৰাজে । ছবিখনৰ পাণ্ডুলিপি আৰু সংলাপ ঋষি কলিতাৰ । আনহাতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে কুকিল সিনহাই ।

New Assamese film Veer to hit theatres
ছবিগৃহলৈ নতুন অসমীয়া ছবি বীৰ

ছবিখনত সন্নিবিষ্ট গীত কেইটাত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু অনায়া ব্ৰহ্মই । লগতে 'বীৰ'ৰ দৃশ্যগ্রহণ কৰিছে চিদা বৰা, সুশান্ত বৰ্মন, মিণ্টু বৰ্মন আৰু চনু ডেকাই । ছবিখনৰ ডি আই সুজিত বৰাৰ । সম্পাদনা কৰিছে ৰাজু গগৈ, কৰিঅ'গ্ৰাফ কৰিছে কমল নাথে, আনহাতে ছাউণ্ড মিক্সিং যতীন শৰ্মাৰ, এক্সন ৰমেশ ৰয়ৰ । ছবিখনৰ বিষয়বস্তুটোৱে দৰ্শকক আমোদ প্ৰদান কৰিব বুলি যথেষ্ট আশাবাদী 'বীৰ' ৰ নিৰ্মাতা গোষ্ঠীৰ লগতেই ছবিখনৰ কলা-কুশলীসকল ।

লগতে পঢ়ক: Mamatar sithi: 'মমতাৰ চিঠি'ৰ প্ৰদৰ্শনী বাতিলৰ সিদ্ধান্ত নিৰ্মাতাৰ, আঁৰত আছে দুটা ডাঙৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.