ETV Bharat / state

CPIM Press conference: ঝাৰখণ্ডৰ বিধায়ক কিনা বেচাৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী: চিপি আই এম

author img

By

Published : Aug 9, 2022, 9:39 PM IST

ঝাৰখণ্ডৰ জে এম এম নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটোৱাৰ বাবে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক কিনা বেচা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ চিপি আই এমৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ংকৰ দামবৃদ্ধিত ইতিমধ্যে অতিষ্ঠ জনগণ । অনবৰত নিজৰ সাফল্যৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনে অসমৰ সামূহিক জীৱনৰ গুৰুত্বপূৰ্ণ এই কামবোৰ কৰিবলৈ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই । সংবাদমেলৰ আয়োজন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ চিপি আই এমৰ(CPIM Press conference) ৷

cpim-press-meet-on-jharkhand-mla-horse-trading
ঝাৰখণ্ডৰ বিধায়ক কিনা বেচাৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী: চিপি আই এম

গুৱাহাটী, 9 আগষ্ট: ঝাৰখণ্ডৰ জে এম এম নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটোৱাৰ বাবে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক কিনা বেচা (Jharkhand political crisis)ঘটনাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ গুৰুতৰ অভিযোগৰ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ(Himanta Biswa Sarma in Jharkhand MLA FIR) ।

গুৱাহাটীত মঙ্গলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে, ঝাৰখণ্ডৰ জে এম এম নেতৃত্বাধীন চৰকাৰখনৰ পতন ঘটোৱাৰ বাবে ৰাজ্যখনৰ কংগ্ৰেছ বিধায়ক ক্ৰয়ৰ ঘটনাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলি কংগ্ৰেছী বিধায়ক এজনে ইতিমধ্যে এই অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে(CPIM press meet on Jharkhand MLA horse trading) ।

ইতিমধ্যে, বিপুল পৰিমাণৰ নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ হোৱা ৩ জন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে পশ্চিমবংগ আৰক্ষীয়ে গোচৰ তৰিছে আৰু আইনবিৰোধী কার্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধনুকাক চমন জাৰি কৰিছে ।

ঝাৰখণ্ডৰ বিধায়ক কিনা বেচাৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী: চিপি আই এম

ইপিনে, তেওঁ দামবৃদ্ধিৰ মাধমাৰ সন্দৰ্ভত কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ভয়ংকৰ দামবৃদ্ধিত ইতিমধ্যে অতিষ্ঠ জনগণ । ইয়াৰ পাছতো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে স্বাধীন ভাৰতত এতিয়ালৈকে প্ৰায় কৰ মুক্ত হৈ থকা খাদ্য সামগ্ৰীৰ ওপৰতো জি এছ টি কৰ আৰোপ কৰি জ্বলা জুইত যেন ঘিউহে ঢালিছে । পৰিণতিত বজাৰত চাউল, আটা, চিৰা, মুড়ী, গুৰ, চেনি আদিৰ মূল্য নতুনকৈ পুনৰাই বৃদ্ধি পাইছে ।

এনে পৰিস্থিতিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য সামগ্ৰী সস্তা দামত যোগান ধৰি বজাৰৰ দামৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ বাবে বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । অথচ একমাত্ৰ চি পি আই (এম) নেতৃত্বাধীন চৰকাৰ- কেৰালাৰ বাঁও-গণতান্ত্ৰিক মৰ্চা চৰকাৰে ১৩ বিধ খাদ্য সামগ্ৰী সস্তা দামত যোগান ধৰি ইতিমধ্যে বিকল্প নীতিৰ দৃষ্টান্ত দাঙি ধৰিছে । ইয়াৰ বিপৰীতে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ‘কর্মকুশলী’ চৰকাৰখন সম্পূর্ণ নীৰৱ আৰু নিৰ্লিপ্ত হৈ থাকি চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে ।

সুপ্ৰকাশ তালুকদাৰে কয় যে, শিক্ষাক্ষেত্ৰত নিৰ্বাচনৰ সময়ত বিজেপি দলৰ অন্যতম প্ৰতিশ্ৰুতি আছিল ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ(School provincialisation in Assam) । হিমন্ত বিশ্ব শৰ্মাই বিধান সভা নিৰ্বাচনৰ প্ৰায় প্ৰতিখন সভাতেই সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছিল(Assam venture school teacher)। কিন্তু এতিয়া একপক্ষীয়ভাৱে ঘোষণা কৰিছে নতুনকৈ কোনো শিক্ষানুষ্ঠান প্রাদেশীকৃত কৰা নহ'ব । এয়া অসমৰ শিক্ষা জগতৰ প্ৰতি চৰকাৰৰ সম্পূৰ্ণ দায়িত্বহীনতাৰ পৰিচায়ক ।

ৰাজ্যখনৰ পশ্চাদপদ অঞ্চল আৰু দুৰ্বল জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক এই সিদ্ধান্তই সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত কৰিব । আনহাতে যিবোৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ হোৱা বুলি ঘোষণা কৰা হৈছে, সেইসমূহৰো শিক্ষকসকলক ‘টিউটৰ’ বুলি ঘোষণা কৰি প্ৰাপ্য সা-সুবিধাৰ পৰা বঞ্চিত কৰিছে আৰু চৰম অপমান কৰিছে । বিভিন্ন ধৰণৰ শিক্ষকসকলক চৰকাৰে নানান প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে । তদুপৰি, ৰাজ্যখনত এতিয়াও ২৮,২৯০ টা শিক্ষকৰ পদ খালি হৈ আছে ।

অনবৰত নিজৰ সাফল্যৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনে অসমৰ সামূহিক জীৱনৰ গুৰুত্বপূৰ্ণ এই কামবোৰ কৰিবলৈ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই । অথচ নিজৰ খেয়াল-খুচিমতে স্কুলীয়া শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত কেতবোৰ টোঘলকী পদক্ষেপ গ্ৰহণ কৰিছে বিজেপি চৰকাৰখনে । শৈক্ষিক জগতৰ কোনো প্ৰতিনিধিৰ সৈতে আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু ইংৰাজী মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমত পঢ়ুওৱা হ'ব ।

মাতৃভাষা মাধ্যমতে এনেদৰে দুটা মাধ্যমত পঢ়ুওৱাৰ এনে অবিবেচক সিদ্ধান্তই শিক্ষাৰ মান সাংঘাতিকভাৱে অৱনমিত কৰিব । মাতৃভাষা মাধ্যমৰ শিক্ষাৰ যে অপূৰণীয় ক্ষতি সাধন কৰিব, তাক বুজিবলৈ বিশেষ মেধাৰ প্ৰয়োজন নাই । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অসম চৰকাৰে দশম শ্ৰেণীলৈ হিন্দী বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজনৈতিক লাভালাভৰ বাবে অনবৰতঃ ‘খিলঞ্জীয়া’ৰ স্বাৰ্থৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে দৰাচলতে যে মাতৃভাষা মাধ্যমৰ শিক্ষাক দ্ৰুগতিত ধ্বংসহে কৰিব বিচাৰিছে সেয়া স্পষ্ট হৈ আহিছে ।

তেওঁ কয় যে, দুটাকৈ প্ৰলয়ংকাৰী বানপানীয়ে অসমক বিধ্বস্ত কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে যিদৰে অসমক অৱহেলা আৰু অৱজ্ঞা কৰি গৈছে । বানপানী এই তিনিমাহৰ ভিতৰত এজনো কেন্দ্রীয় মন্ত্রী বা বিষয়াই বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখন ভ্ৰমণ নকৰিলে । সেয়ে বানপীড়িতক সাহায্য আৰু ক্ষতিপূৰণৰ বিষয়টো এতিয়াও অৱহেলিত হৈ ৰৈছে ।

লগতে পঢ়ক : Assam Cabinet Decision: কেবিনেটত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.