ETV Bharat / state

Covid vaccination for teens starts today: প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ

author img

By

Published : Jan 3, 2022, 8:27 PM IST

সোমবাৰে সন্ধিয়া ৬.৩০ বজা পৰ্যন্ত ৰাজ্যখনৰ ৯০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে(Covid vaccination drive for teenager of Assam starts today) । এই সকলো শিক্ষাৰ্থীকে Covaccine প্ৰদান কৰা হৈছে ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযান অব্যাহত থাকিব অহা ৯ জানুৱাৰী পৰ্যন্ত ।

প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ
প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ

গুৱাহাটী, ৩ জানুৱাৰী: সোমবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ১৫-১৮ বয়সসীমাৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰতি বিপুল সহাৰি পৰিলক্ষিত হয় সকলো শিক্ষানুষ্ঠানতে (Covid vaccination drive for teenager of Assam starts today) । স্বাস্থ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি সোমবাৰে সন্ধিয়া ৬.৩০ বজা পৰ্যন্ত ৰাজ্যখনৰ ৯০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে । এই সকলো শিক্ষাৰ্থীকে Covaccine প্ৰদান কৰা হৈছে ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই দুলীয়াজানত আজি এই অভিযানৰ শুভাৰম্ভ কৰাৰ বিপৰীতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীৰ গোপাল বড়ো হাইস্কুলত উপস্থিত থাকি টীকাকৰণ অভিযান মুকলি কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰে (Himanta Biswa Sarma launches vaccination drive for teens) ।

প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ
প্ৰথম দিনাই ১৫-১৮ বয়সৰ ৯০ সহস্ৰাধিকক টীকাকৰণ

উল্লেখযোগ্য যে এই প্ৰতিষেধক প্ৰদান অভিযানে ১৫-১৮ বয়সৰ সীমাৰ ভিতৰত ৰাজ্যৰ প্ৰায় ২০.৩৭ লাখ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীক সামৰি লব । সোমবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযান অব্যাহত থাকিব অহা ৯ জানুৱাৰী পৰ্যন্ত ।

টীকাকৰণৰ এই বিশেষ অভিযান মুখ্যমন্ত্ৰীয়ে নিজেই আজি দুলীয়াজানত তদাৰক কৰাৰ সমান্তৰালভাৱে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কামৰূপ (ম) জিলাত, মন্ত্ৰী ৰঞ্জিৎ দাসে শোণিতপুৰত, পৰিমল শুক্লবৈদ্যই হোজাইত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, অজন্তা নেওগে গোলাঘাটত, ডাঃ ৰনোজ পেগুৱে নগাঁৱত, উৰ্খাওগৌৰা ব্ৰহ্মই চিৰাঙত, যোগেন মহনে চৰাইদেউত উপস্থিত থাকি তদাৰক কৰে । প্ৰায় ৫০০ খন শিক্ষানুষ্ঠানত আজি স্বাস্থ্য বিভাগৰ তিনি হাজাৰ স্বাস্থ্য কৰ্মীয়ে এই অভিযান চলায় ।

লগতে পঢ়ক: Covid vaccination for teens starts today: দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.