ETV Bharat / state

চৰকাৰখনে এটা নিৰ্দ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে : ৱাজেদ আলী চৌধুৰী

author img

By

Published : Sep 28, 2021, 9:27 PM IST

Congress Legislative Party Press Conference
চৰকাৰখনে এটা নিৰ্দ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে

এক সংবাদমেলত মুখ্যমন্ত্ৰীৰ বক্তব্যকলৈ সৰৱ কংগ্ৰেছ বিধায়িনী দল । ২১ আগষ্টত হোৱা আলোচনাত ধলপুৰৰ প্ৰতিটো পৰিয়ালক ৬ বিঘাকৈ ভূমি দিয়াৰ কথা হৈছিল । লোকসকলক উচ্ছেদ কৰি ৰাস্তালৈ পঠিওৱা নহয় বুলি ‍আশ্বাস প্ৰদান কৰিছিল । কিন্তু কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰি লোকসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰা হ'ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৱাজেদ আলী চৌধুৰীৰ ।

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিপাঝাৰৰ ধলপুৰৰ লোকসকলক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । প্ৰতিটো পৰিয়ালক ছয় বিঘাকৈ ভূমি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি আৰু আশ্বাস পূৰণ নকৰি উচ্ছেদ কাৰ্য চলোৱাৰ উপৰি নিৰীহ লোকসকলৰ ওপৰত গুলীচালনা কৰিলে ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ ।

মঙলবাৰে বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ কক্ষত আয়োজন কৰা এখন সংবাদমেলত ধলপুৰৰ ঘটনাকলৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰীয়ে । সংবাদমেলত তেওঁ কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ২১ আগষ্টত প্ৰদেশ কংগ্ৰেছ বিধায়িনী দলৰ হোৱা আলোচনাত ধলপুৰৰ প্ৰতিটো পৰিয়ালক ৬ বিঘাকৈ ভূমি দিয়াৰ কথা হৈছিল ।

লগতে পঢ়ক : 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণী সহ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান

মুখ্যমন্ত্ৰীয়ে লোকসকলক উচ্ছেদ কৰি ৰাস্তালৈ পঠিওৱা নহয় বুলি ‍আশ্বাস প্ৰদান কৰিছিল । সংস্থাপন নিদিয়াকৈ উচ্ছেদ নকৰাৰ বাবে আহ্বান জনাই স্মাৰক পত্র প্ৰদান কৰা হৈছিল । ধলপুৰৰ সেই লোকসকল গৰাখহনীয়াত ঘৰ-বাৰী হেৰুৱাই তাত আশ্ৰয় লৈছিল ।

প্ৰায় ৪০ বছৰ ধৰি ধলপুৰৰ সেই চৰত তেওঁলোকে বসবাস কৰি আহিছিল । মুখ্যমন্ত্রীয়ে দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতিত আশ্বস্ত প্ৰকাশ কৰি এমাহ পাছতেই কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰি লোকসকলক অমানৱিয়ভাৱে উচ্ছেদ কৰা হ'ল বুলি কয় ৱাজেদ আলী চৌধুৰীয়ে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী : আটক আৰক্ষী সহ 7 গৰাকী

এই ঘটনাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীয়ে গৰুখুটি উচ্ছেদৰ সন্দৰ্ভত আলোচনা হোৱাৰ কথা বাৰম্বাৰ উল্লেখ কৰিছে । কিন্তু আলোচনাৰ কোনো কথাই বাস্তৱত কাৰ্যকৰী কৰা নহ'ল । তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীয়ে কথা মতে কাম নকৰিলে । কেৱল ধলপুৰৰ চৰৰ ভূমিতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰৰ ভূমিত বেদখল হৈছে ।

চৰকাৰখনে এটা নিৰ্দ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে । উচ্ছেদ কৰা সেই অঞ্চলত থকা লোকসকল এশ শতাংশ মুছলমান । তাত কোনো হিন্দু লোক নাই আৰু মন্দিৰো নাই । যদি কৃষি কাৰ্য কৰিব লাগে তেন্তে তেওঁলোককো কৃষিকাৰ্যত জড়িত কৰিব পাৰিলে হয় । কিন্তু তাকে নকৰি উচ্ছেদ অভিযান চলালে বুলি ক্ষোভ প্ৰকাশ কৰে ৱাজেদ আলী চৌধুৰীয়ে ।

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া

গৰুখুটিৰ হিংসাত্মক ঘটনাৰ আঁৰত তৃতীয় শক্তি আছে বাৰম্বাৰ কৈ থকা হৈছে ৷ যদি সঁচাকৈয়ে সেই ঘটনাৰ লগত তৃতীয় শক্তি জড়িত আছে তেন্তে তেওঁলোকক বিচাৰি উলিওৱাৰ দায়িত্ব চৰকাৰৰ । বৰ্তমান শাসক পক্ষই গৰুখুটি ঘটনাৰ লগত তৃতীয় শক্তি জড়িত থকা বুলি কৈ এখন নতুন নাটক ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৱাজেদ আলী চৌধুৰীয়ে ।

লগতে পঢ়ক: গৰুখুটিৰ পিছত মঙলদৈৰ হেটৌ চাপৰি-আৰিমাৰি চৰৰ চৰকাৰী ভূমিত ভয়াৱহ বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.