অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী : আটক আৰক্ষী সহ 7 গৰাকী

author img

By

Published : Sep 28, 2021, 7:12 PM IST

scam-in-assam-police-recruitment-process-seven-arrested

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কৰিমগঞ্জত দুৰ্নীতি হোৱাৰ অভিযোগ ৷ শাৰীৰিক পৰীক্ষাত নিজৰ অনুত্তীৰ্ণ ল'ৰা-ছোৱালীক উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত আটক কৰা হৈছে তিনি আৰক্ষী কৰ্মী ৷ ঘটনা সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

কৰিমগঞ্জ, 28 ছেপ্তেম্বৰ : সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঘোষণা কৰি অহাৰ পাছতো অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে ব্যাপক বিসংগতি ৷ খোদ আৰক্ষী বিষয়াই সংঘটিত কৰিছে এই বিসংগতি ৷ আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ শাৰীৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা নিজ সন্তানক বক্ৰ পথেৰে উত্তীৰ্ণ কৰাই কৰিমগঞ্জত আটক হৈছে তিনি আৰক্ষী বিষয়া ৷

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী: আটক আৰক্ষী সহ 7 গৰাকী

ঘটনা সন্দৰ্ভত এক বিশেষ অভিযোগৰ ভিত্তিত অভিযান চলাই, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আটক কৰিছে মুঠ সাত জনকৈ লোকক ৷ আটক হোৱা তালিকাত আছে তিনি গৰাকী কনিষ্টবল পদৰ প্ৰাৰ্থী, তিনি গৰাকী প্ৰাৰ্থী সকলৰ অভিভাৱক তথা আৰক্ষী বিষয়া আৰু পৰীক্ষা গ্ৰহণৰ দায়িত্বত থকা কোম্পানীৰ এগৰাকী কৰ্মচাৰী ৷ আটক হোৱা আৰক্ষী তিনিজন হৈছে যথাক্ৰমে পৰিদৰ্শক তাপস সিনহা, উপ পৰিদৰ্শক বলাই চন্দ আৰু নাৰ্চিং ষ্টাফ দেবাশীষ সিনহা ৷

আটক হোৱা তিনি গৰাকী কনিষ্টবল পদৰ প্ৰাৰ্থী তথা আৰক্ষীৰ সন্তান হৈছে ক্ৰমে, শিবম সিনহা, আশীষ সিনহা আৰু বৈশালী চন্দ ৷ লগতে পৰীক্ষা পৰিচালনা কৰা ইনফো ক্লেব কোম্পানীৰ কৰ্মচাৰী আজিম হাছিব ৷ আৰক্ষী নিয়োগ প্ৰক্ৰিয়াত সংঘটিত হোৱা এই বিসংগতিৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

উল্লেখ্য যে, ক্ল’জ ছাৰ্কিট কেমেৰাত বন্দী হৈছিল আৰক্ষীয়ে নিজ নিজ সন্তানক উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত বক্ৰ পথ অবলম্বন কৰা সমগ্ৰ দৃশ্য ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমৰাৰ নিশাৰ ভাগত কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰিছিল আৰক্ষীৰে তিনিজন লোকক ৷ যোৱা পাঁচ ছেপ্টেম্বৰৰ পৰা কৰিমগঞ্জৰ চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত হৈ থকা আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত সংঘটিত হৈছিল এই বিসংগতি ৷

প্ৰাপ্ত খবৰ মতে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হোৱা পাছৰে পৰাই বিভিন্ন বিসংগতিৰ অভিযোগ কৰি আহিছিল একাংশ প্ৰাৰ্থীয়ে ৷ উক্ত অভিযোগৰ ভিত্তিতে চলিছিল আৰক্ষীৰ তদন্ত ৷ বৰ্তমান আটক হোৱা প্ৰতি গৰাকীকে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ৷ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই জনাইছে যে, আটক হোৱা সকলৰ বিৰুদ্ধে অপৰাধ জনক গোচৰ ৰুজু কৰি শাস্তিৰ ব্যবস্থা কৰা হ'ব ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.