ETV Bharat / state

1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণী সহ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান

author img

By

Published : Sep 28, 2021, 7:13 PM IST

ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ বাবে বিদ্যালয়ৰ পাঠদানৰ ক্ষেত্ৰত বিশেষ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে ৷ সেই অনুসৰি অহা 1 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নৱম শ্ৰেণীৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা ৷

schools-and-colleges-will-re-open-from-1st-october
1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণী সহ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান

মৰাণ,28 ছেপ্তেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু শাম কটাত কেইবাখনো ৰাজ্যৰ লগতে অসমতো ইতিমধ্যেই আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ ৰাজ্য চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট নীতি-নিয়ম সমূহ মানি যোৱা 20 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত দশম শ্ৰেণীৰ পাঠদান চলি আছে ৷ ইয়াৰ মাজতে আনবোৰ শ্ৰেণীৰ পাঠদানৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কৰিছে বিশেষ ঘোষণা ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে জনোৱা মতে,অহা 1 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান ৷

1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নৱম শ্ৰেণী সহ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদান

ইয়াৰ সমান্তৰালকৈ 1 অক্টোবৰৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পাঠদানো আৰম্ভ হ'ব ৷ আনহাতে শাৰদীয় দূৰ্গোৎসৱৰ পিছতে, 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব একাদশ শ্ৰেণীৰ পাঠদান ৷ লগতে 19 অক্টোবৰৰ পৰা আৰম্ভ হ'ব অষ্টম শ্ৰেণীৰ তলৰ সকলো পাঠদান ৷ অৱশ্যে সপ্তাহত তিনিদিনহে চলিব পাঠদান ৷ মঙলবাৰে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিলে এই কথা ৷

বিদ্যালয়খন পৰিদৰ্শন কৰি মন্ত্ৰী ডাঃ পেগুৱে কয়, ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান সমূহৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে তিনি কোটি টকা বিনিয়োগ কৰিব ৷ 1985 চনতে স্থাপন কৰা বিদ্যালয়খনত চৰকাৰে বৃহৎ পুঁজি বিনিয়োগ কৰিব ৷

ইয়াৰ জৰিয়তে বিদ্যালয় খনক আটকধুনীয়াকৈ সজাই তুলিবলৈ সম্ভৱপৰ হ'ব ৷ ইফালে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰি বুজ ল'লে বিদ্যালয়খনৰ অভাৱ-অভিযোগ ৷ এই পৰিদৰ্শনত মন্ত্ৰী পেগুক সংগ দিয়ে বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী, বিদ্যালয় সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে ৷

লগতে পঢ়কঃ 30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.