ETV Bharat / state

30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

author img

By

Published : Sep 28, 2021, 12:01 PM IST

By Election
উপ-নিৰ্বাচন

30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন(By Election) । নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 8 অক্টোবৰ ।

গুৱাহাটী, 28 ছেপ্তেম্বৰ : অৱশেষত ঘোষণা হ’ল অসম বিধানসভাৰ উপ নিৰ্বাচন(By Election)ৰ দিন । 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । পাঁচটা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । 1 অক্টোবৰত জাৰি হ’ব অধিসূচনা । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ ।

By Election
উপ-নিৰ্বাচন

30 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত 2 নৱেম্বৰত হ’ব ভোটগণনা । অসমৰ পাঁচটা সমষ্টি ক্ৰমে 28 নং গোঁসাইগাঁও সমষ্টি, 41 নং ভৱানীপুৰ সমষ্টি, 58 নং তামুলপুৰ সমষ্টি, 101 নং মৰিয়নী সমষ্টি আৰু 107 নং থাওৰা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ।

By Election
উপ-নিৰ্বাচন

আনহাতে, এতিয়াও ঘোষণা হোৱা নাই মাজুলীৰ উপ নিৰ্বাচনৰ দিন । কিয়নো এতিয়ালৈকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) মাজুলীৰ পৰা ত্যাগ কৰা নাই বিধায়ক পদ । সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে সোণোৱাল । মন্ত্ৰাী সোণোৱালে বিধায়ক পদ ত্যাগ কৰাৰ পাচতহে অনুষ্ঠিত হ’ব মাজুলীৰ উপ নিৰ্বাচন ।

লগতে পঢ়ক : তেজপুৰত ভূইকঁপৰ জোকাৰণি অনুভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.