ETV Bharat / state

গৰুখুটিৰ পিছত মঙলদৈৰ হেটৌ চাপৰি-আৰিমাৰি চৰৰ চৰকাৰী ভূমিত ভয়াৱহ বেদখল

author img

By

Published : Sep 28, 2021, 5:25 PM IST

illegal-encroachers-in-mangaldai
গৰুখুটিৰ পিছত মঙলদৈৰ হেটৌ চাপৰি, আৰিমাৰি চৰত চৰকাৰী ভূমিত ভয়াৱহ বেদখল

গৰুখুটিৰ উচ্ছেদৰ পিছত পুনৰ মঙলদৈ হেটৌ চাপৰি, আৰিমাৰি চৰত চৰকাৰী ভূমি বেদখল । কিছুদিনৰ ভিতৰতে চৰ সমূহত গঢ়ি উঠিল শ শ জুপুৰি ঘৰ ।

মঙলদৈ, 28 ছেপ্টেম্বৰ : কিমান ভয়াৱহভাৱে ৰাজ্যত অবৈধ ভূমি বেদখলৰ সমস্যাই প্ৰভাৱ পেলাইছে সেই কথা হয়তো এতিয়াও ৰাজ্যৰ বহুলোকৰ অগোচৰে ৰৈ গৈছে ৷ গৰুখুটিৰ উচ্ছেদৰ পিছত পুনৰ মঙলদৈৰ হেটো চাপৰি, আৰিমাৰি আদি চৰত চৰকাৰী ভূমি বেদখলৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে । মঙলদৈ চহৰৰ নিচেই কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিৰ এই দৃশ্যই এতিয়া স্তম্ভিত কৰি তুলিছে সচেতন মহলক ৷

গৰুখুটিৰ পিছত মঙলদৈৰ হেটৌ চাপৰি, আৰিমাৰি চৰত চৰকাৰী ভূমিত ভয়াৱহ বেদখল

উল্লেখযোগ্য যে, এই সমূহ চৰত এতিয়া অচিনাকী মানুহৰ বাসগৃহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে । সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে দালাল ৰাজৰ অৱসান ঘটাই এক নতুন পৰিবেশৰ সৃষ্টি কৰিব বুলি ঘোষণা কৰিছে ৷ কিন্তু এনে এক সময়তে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিৰ চৰকাৰী ভূমি কোনো দালাল চক্ৰই বিক্ৰী কৰি আন এচাম বেদখলকাৰীয়ে বসবাস কৰাৰ বাবে ৰঙা দলিচা পাৰি দিছে ৷

শেহতীয়াকৈ দৰং জিলাৰ গৰুখুটিত চৰকাৰী নিৰ্দেশত যি উচ্ছেদ অভিযান চলিছিল সেই অভিযানৰ মাজতে সংঘটিত হোৱা ৰক্তাক্ত পৰিস্থতিৰ কথা সৰ্বজন বিদিত ৷ গৰুখুটিৰ উচ্ছেদৰ ঘটনাক অমানৱীয় ঘটনা হিচাপে আখ্যা দিছে দেশ তথা বিশ্বৰ বিভিন্ন মহলে ৷ তেনে সময়তে একেখন দৰং জিলাতে পুনৰ সমুখলৈ আহিছে অবাধ বেদখলৰ আন এক ভয়াৱহ ছবি ৷

এতিয়া প্ৰশ্ন উঠিছে যে দৰং জিলা প্ৰশাসনৰ এই চৰ সমূহত চলি থকা এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে কি স্থিতি হয় ৷ সচেতন মহলে এইদৰে হাজাৰ হাজাৰ বিঘা মাটি দালাল চক্ৰৰ হাতত এৰি নিদিয়াৰ বাবে বিশেষভাৱে আহ্বান জনাইছে চৰকাৰ প্ৰশাসনক ৷ একে সময়তেই বেদখলীকৃত ভূমি সমূহত শীঘ্ৰে উচ্ছেদ অভিযান চলোৱাৰ বাবে দাবী জনাইছে সদৌ দৰং জিলা ছাত্ৰ সন্থায়ো ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.