ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

author img

By

Published : Sep 28, 2021, 1:07 PM IST

জম্মু-কাশ্মীৰৰ উৰি চেক্টৰত সেনা আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত এটা পাকিস্তানী সন্ত্ৰাসবাদী নিহত আৰু আন এটা সন্ত্ৰাসবাদীক আটক ।

Pak terrorist killed
উৰি চেক্টৰত নিহত পাকিস্তানী সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত পাকিস্তানী সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । বিভিন্ন স্থানত সেনা তথা আৰক্ষীয়ে এনকাউণ্টাৰো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (LoC) উৰি চেক্টৰত সেনাৰ গুলিত নিহত হয় এটা সন্ত্ৰাসবাদী ৷ লগতে আন এটা সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

মঙলবাৰে এক অভিযানৰ মাজতে সেনাৰ হাতত নিহত হয় সন্ত্ৰাসবাদীজন । জানিব পৰা মতে উৰিত ১৮ আৰু ১৯ ছেপ্টেম্বৰৰ পৰা চলি থকা শেহতীয়া অনুপ্ৰৱেশৰ মাজতে আটকাধীন সন্ত্ৰাসবাদীটো প্ৰৱেশ কৰিছিল । ইফালে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলিত চাৰিগৰাকীকৈ সেনাও গুলীবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে ।

সেনাৰ এক সূত্ৰৰ মতে যোৱা দুটা দিনত তিনিটাকৈ পৃথক স্থানত অনুপ্ৰৱেশকাৰীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে সেনা বাহিনী ।

লগতে পঢ়ক :ক'ভিডৰ তৃতীয় ঢৌ : শিশু চিকিৎসকসকলক সাজু কৰিছে ত্ৰিপুৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.