ETV Bharat / state

অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 26, 2022, 3:03 PM IST

অৱশেষত ৰেডিশ্বন ব্লুৰ সন্মুখত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ হোটেলখনৰ সন্মুখত গাড়ী ৰখাই সাংবাদিকৰে কৰিলে বাৰ্তালাপ ৷

Himanta Biswa Sarma at Radisson Blu
অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৬ জুন: হোটেল ৰেডিশ্বন ব্লু সন্মুখত হঠাৎ মুখ্যমন্ত্ৰী (Himanta Biswa Sarma at Radisson Blu)। গাড়ীৰ পৰা নামিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে কৰিলে বাৰ্তালাপ । সাংবাদিকসকল কেনেকৈ আছে, কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি তাৰে কিছু খা-খবৰ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে । কিন্তু মহাৰাষ্ট্ৰৰ ৰাজনীতি তথা ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা বিসম্বাদী বিধায়াকসকলৰ বিষয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে সংবাদ মাধ্যমৰ আগত (MAHA rebel MLAs in Guwahati)।

অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে পুৱা শিলচৰত বান পৰিস্থিতিৰ বুজ লয় । কিয়নো এতিয়াও উন্নত হোৱা নাই শিলচৰৰ বান পৰিস্থিতি । ইয়াৰ পাছতে হাজোত বান পৰিস্থিতিৰ বুজ লৈ গুৱাহাটী অভিমুখে ঘূৰি আহোতে হোটেলখনৰ সন্মুখত গাড়ী ৰখাই সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷

উল্লেখ্য যে, বুধবাৰৰ পৰা শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুত(Hotel Radisson Blu) বাহৰ পতা ৪৭ জন বিসম্বাদী বিধায়কৰ লগতে আন নেতাৰ বাবে ৭০ টা কোঠা প্ৰথমে এসপ্তাহৰ বাবে বুক কৰা হৈছিল যদিও অতিৰিক্তভাৱে আৰু ৩ দিনৰ বাবে কোঠাসমূহ বুক কৰা হৈছে (Maharastra rebel MLAs in Guwahati) ।

লগতে পঢ়ক: Maharashtra political crisis: শিৱসেনাৰ বিসম্বাদী বিধায়কৰে পুনৰ বৈঠক একনাথ সিন্দেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.