ETV Bharat / state

Water supply project in Guwahati: ২০২৪ চনৰ এপ্ৰিল মাহলৈ গুৱাহাটীৰ ১ লাখ ৪০ হাজাৰ লোকে পাব পানীৰ সংযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:57 PM IST

২০২৪ চনত মহানগৰবাসীয়ে সম্পূৰ্ণকৈ জাইকাৰ পানী লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্প মুকলি ।

Leechubagan Distribution Reservoir
জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্প

লিচুবাগানত জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্প মুকলি

গুৱাহাটী, ১৫ অক্টোবৰ: জল ব'ৰ্ডৰ অধীনৰ মুকলি কৰা হয় জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্পৰ অন্তৰ্গত ৪৫ লাখ লিটাৰ ক্ষমতাসম্পন্ন জল-ভাণ্ডাৰ । মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত দেওবাৰে মুকলি কৰে এই জল ভাণ্ডাৰটো ।

মহানগৰীৰ হেঙেৰাবাৰীৰ লিচুবাগানত জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্পৰ মুকলি । গুৱাহাটী জল ব'ৰ্ডৰ অধীনৰ মুকলি কৰা হয় জাইকা সাহায্যপ্ৰাপ্ত পানী যোগান প্ৰকল্পৰ অন্তৰ্গত ৪৫ লাখ লিটাৰ ক্ষমতাসম্পন্ন জল-ভাণ্ডাৰ । মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহল । এই জল-ভাণ্ডাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিৰ ক্ষেত্ৰত সহায়ক হোৱাৰ আশা প্ৰকাশ । লগতে জলসেৱা নামৰ এটা মোবাইল এপো মুকলি কৰা হয় ৰাইজৰ বাবে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি এই প্ৰকল্পটোৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,‘‘জাইকা প্ৰকল্পৰ দ্বাৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীত বিশুদ্ধ খোৱাপানী যোগান ধৰা হ'ব । ২০২৪ চনত মহানগৰ বাসীয়ে সম্পূৰ্ণকৈ লাভ কৰিব জাইকাৰ পানী । আজি মুকলি কৰা জল সেৱা এপৰ জৰিয়তে উপভোক্তাই ওজৰ আপত্তি জনাব পাৰিব ।’’ ৰঙা ফিটাৰ মেৰপাক নহ’বলৈ এই এপ প্ৰস্তুত কৰা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী গৰকীৰ ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয়, ‘‘৪৫ লাখ লিটাৰ ক্ষমতাসম্পন্ন এই জল ভাণ্ডাৰৰ দ্বাৰা ২০ হাজাৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পাৰিব । এই জলভাণ্ডাৰৰ দ্বাৰা ১৩০ কিলোমিটাৰ অঞ্চল সামৰি লোৱা হৈছে । প্ৰাৰম্ভিকভাৱে প্ৰথম পৰ্যায়ত ৭ তা DMA ৰ দ্বাৰা লিচুবাগান অঞ্চলত ৬৫০০ লোকক পানী যোগান ধৰা হ'ব । পৰৱৰ্তী সময়ত ১৪ টা DMA ৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত পানী যোগান ধৰিব পৰা যাব ।’’

২০২৪ চনৰ এপ্ৰিল মাহলৈ গুৱাহাটীত প্ৰায় ১ লাখ ৪০ হাজাৰ লোকক পানীৰ সংযোগ দিয়া হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ‘‘বিপদাশংকা ব্যৱস্থাপনাৰ বাবে কেতিয়াবা পানীৰ পাইপ ফাটি যায় । খাৰঘুলিত পানীৰ পাইপ ফটাৰ পিছত মই বহুত অধ্যয়ন কৰিছিলোঁ’’ বুলিও মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰী উন্নয়নৰ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘‘গুৱাহাটী মহানগৰীত বৰ্তমানলৈ ১০ খনকৈ উৰণ সেতু নিৰ্মাণ কৰা হ’ল । পূৰ্বতে এখন উৰণ সেতু নিৰ্মাণ কৰোঁতে ৭ বছৰ লাগিছিল । কিন্তু এতিয়া ১৯ মাহতে এখন উৰণ সেতু নিৰ্মাণ হৈ যায় । পৰিকল্পনা বিহীন এখন মহানগৰীত কাম কৰি যোৱা বহুত কঠিন ।’’

কৃত্ৰিম বানপানী সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, ‘‘মই নগৰ উন্নয়ন মন্ত্ৰী থাকোতে গুৱাহাটীত চাৰি দিনলৈ পানী জমা হৈ আছিল । কিন্তু এতিয়া তিনি বা চাৰি ঘণ্টাত গুৱাহাটীৰ কৃত্ৰিম পানী নাইকীয়া হৈ যায় ।’’

লগতে পঢ়ক : Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.