ETV Bharat / state

Alert against Bangladeshi: অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কতা জাৰি

author img

By

Published : Nov 12, 2022, 10:02 PM IST

centre issues alert against illegal bangladeshi
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যসমূহলৈ কেন্দ্ৰৰ সতৰ্কতা জাৰি

জেহাদী কাৰ্যকলাপকে ধৰি বিভিন্ন দেশ বিৰোধী কাৰ্যক লৈ উদ্বিগ্ন কেন্দ্ৰ(Assam police operation against Jihadi) । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্রহণ কৰাৰ নিৰ্দেশ গৃহ মন্ত্রালয়ৰ(Central government warns of infiltrators) । অসমৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশীৰ বাবেই সলনি হৈ পৰিছে জন-গাঁথনি । অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্বৰ ভুৱা নথি-পত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে একাংশ ভাৰতীয় লোকে । অসমত ছয় বছৰত জেহাদী সন্দেহত ৯০ জনক গ্ৰেপ্তাৰ ।

গুৱাহাটী, ১২ নৱেম্বৰ: অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বসতি স্থাপন কৰা অবৈধ বাংলাদেশী লোকসকলক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ । জেহাদী কার্যকলাপৰ লগতে আন আন বিভিন্ন দেশ-বিৰোধী কার্যকলাপৰ সৈতে অবৈধ বাংলাদেশী লোকসকল জড়িত হৈ থকাৰ ঘটনাই কেন্দ্ৰক শংকিত কৰি তুলিছে । ইতিমধ্যে জেহাদী কাৰ্যকলাপৰ বহু কেইটা ঘটনা উন্মোচিত হৈছে(Assam police operation against Jihadi) । জেহাদী সংগঠনৰে জড়িত থকা বহু লোকক গ্ৰেপ্তাৰো কৰা হৈছে(Jihadi Arrested in Assam) ।

শেহতীয়াকৈ বাংলাদেশী লোকসকলৰ অবৈধ বসতি স্থাপন সন্দৰ্ভত কেন্দ্রীয় গৃহ বিভাগে সতর্কতা জাৰি কৰিছে(Centre issues alert against illegal Bangladeshi) । ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ আৰক্ষীৰ সঞ্চালক প্রধানসকলক সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি দেশৰ বিভিন্ন প্ৰান্তত গোপনে বাস কৰি থকা অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যবস্থা গ্রহণ কৰিবলৈকো গৃহ মন্ত্রালয়ে নির্দেশ দিছে(Central government warns of infiltrators) ।

centre issues alert against illegal bangladeshi
জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ জে এম বি

উল্লেখ্য় যে উন্মুক্ত সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী লোকসকলে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশীৰ বাবেই জন-গাঁথনি সলনি হৈ পৰিছে । আনহাতে শেহতীয়াকৈ জেহাদী কার্যকলাপৰ সৈতেও অবৈধ বাংলাদেশী লোকসকল জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে । আনকি অসমত জেহাদী নেটৱৰ্ক গঢ়ি তোলা বাংলাদেশী যুৱক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হৈছে ।

স্মৰ্তব্য যে ৰাজ্যত জেহাদ আৰু জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ ব্যাপক অভিযান । য'তেই জেহাদীৰ সম্পৰ্ক পোৱা গৈছে তাতেই চলিছে অভিযান । আনকি জেহাদী কাৰ্যকলাপৰ বাবে ভাঙি দিয়া হৈছে মাদ্ৰাছা । লক্ষ্যণীয় বিষয় যে বিজেপি চৰকাৰৰ দিনত বিগত ছয় বছৰত অৰ্থাৎ ২০১৬ চনৰ পৰা বৰ্তমানলৈকে জেহাদী সন্দেহত প্ৰায় ৯০ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে(Centre issues alert against illegal Bangladeshi) ।

জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ জে এম বিৰ লগত সম্পৰ্ক থকাৰ অভিযোগত ৩৫ জন, হিজবুল মুজাহিদ্দীনৰ ৯ জন আৰু আনচাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ ৪০ জনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ১০ জন মাদ্ৰাছাৰ লগত জড়িত লোক । যাৰ বাবে ৰাজ্য চৰকাৰে মাদ্ৰাছাসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

centre issues alert against illegal bangladeshi
জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ জে এম বি

আনহাতে আৰক্ষী সঞ্চালক প্ৰধানেও মাদ্ৰাছাৰ লগত জড়িত সংগঠনসমূহক মাদ্ৰাছাৰ সবিশেষ তথ্য দিয়াৰ বাবেও সময়সীমা বান্ধি দিছে । লগতে কেতবোৰ নিৰ্দেশনাও জাৰি কৰিছে । জেহাদী কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় গৃহ বিভাগে ৰাজ্য সমূহলৈ বাংলাদেশীৰ প্ৰসংগত সতর্কতা জাৰি কৰিছে । উদ্বেগৰ বিষয় যে অবৈধ বাংলাদেশী লোকসকলক ভাৰতীয় নাগৰিকত্বৰ ভুৱা নথি-পত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত একাংশ ভাৰতীয় লোকে সহায় কৰি আহিছে ।

ধনৰ বিনিময় প্রথমে বাংলাদেশী লোকসকলক ভাৰতীয় নাগৰিকত্বৰ বাবে প্ৰয়োজন হোৱা আধাৰ কাৰ্ড, ভোটাৰ পৰিচয়-পত্ৰ আদি নথি-পত্ৰ প্ৰস্তুত কৰি দিয়া হয় । যাৰ জৰিয়তে অবৈধ বাংলাদেশী লোকসকলে অসম বা পশ্চিম বংগ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত দেশৰ আন প্ৰান্তলৈ গমন কৰে । কিছু দিনৰ পূৰ্বে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বহুকেইজন অবৈধ বাংলাদেশীৰ হাতত পোৱা গৈছিল এনে ধৰণৰ ভুৱা বহু নথি-পত্ৰ ।

আনকি এনেধৰণৰ ভুৱা নথি-পত্ৰ প্ৰদৰ্শন কৰি ভাৰতত বাংলাদেশী লোকে চাকৰিও লাভ কৰাৰ উদাহৰণ আছে । ইফালে চোৰাংভাৱে গৰু সৰবৰাহ, ড্ৰাগছ আৰু জালনোটৰ ব্যৱসায়ৰ সৈতে অবৈধ বাংলাদেশী লোক জড়িত থকাৰ কথা পোহৰলৈ আহিছে । মনকৰিব লগীয়া যে বাংলাদেশ সীমান্তত থকা অসমৰ জিলাসমূহত বিগত ১০ বছৰত অপ্রত্যাশিতভাৱে সলনি হৈছে জন-গাঁথনিও ।

তথ্য অনুসৰি বাংলাদেশ সীমান্তৰে সংলগ্ন হৈ থকা ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ জনসংখ্যা বিগত এটা দশকত অর্থাৎ ২০১১ চনৰ পৰা ২০২১ চনলৈ প্রায় ৩২ শতাংশ বৃদ্ধি পাইছে । বিশেষকৈ সীমান্তৰ দহ কিলোমিটাৰ এলেকাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে জনসংখ্যা । অথচ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্বানুমান অনুসৰি এই সময়ছোৱাত ১২.৫ শতাংশ আৰু ৰাজ্যিক পৰ্যায়ৰ পূৰ্বানুমান অনুসৰি ১৩.৬৪ শতাংশ জনসংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছিল ।

কিন্তু এই পূৰ্বানুমানৰ বিপৰীতে জনসংখ্যা স্বাভাৱিকতকৈ ২০ শতাংশৰো অধিক বৃদ্ধি পাইছে । সীমান্তৰ জিলাসমূহত বৃদ্ধি পোৱা এনে জন-বিস্ফোৰণৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কিছুদিন পূর্বে অসম আৰক্ষীক এই ক্ষেত্ৰত সতৰ্ক হৈ থকাৰ লগতে পৰিস্থিতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ নিৰ্দেশ দিছিল । পিছে এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে দেশৰ বিভিন্ন প্ৰান্তত বাস কৰি থকা অবৈধ বাংলাদেশীৰ সন্দৰ্ভত সতর্কতা জাৰি কৰা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে । এই বিষয়টো অসমৰ বাবে সবাতকৈ বেছি চিন্তনীয় । কিয়নো অসমে দশক দশক ধৰি অনুপ্ৰৱেশকাৰীৰ সমস্যাৰে যুঁজ দি আহিছে ।

লগতে পঢ়ক: Body found in Guwahati: অপহৃতক হত্যা কৰি পেলাই দিয়া হ’ল ব্ৰহ্মপুত্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.