ETV Bharat / state

Cattle Preservation Amendment Bill: বিধানসভাত গৃহীত গো-সুৰক্ষা সংশোধনী বিধেয়ক

author img

By

Published : Dec 23, 2021, 6:38 PM IST

Cattle Preservation Amendment Bill
বিধানসভাত গৃহীত গো সুৰক্ষা সংশোধনী বিধেয়ক

অৱশেষত বিধানসভাত গৃহীত হ'ল গো-সুৰক্ষা আইন সংশোধনী বিধেয়ক (Cattle Preservation Amendment Bill passed in assembly) । বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ মাজতো যোৱা অধিৱেশনত শাসক পক্ষই সদনত ধ্বনি ভোটৰ দ্বাৰা গৃহীত কৰিছিল । পূৰ্বৰ সেই আইনখনৰে কেতবোৰ সংশোধনী আনি বিধেয়ক উত্থাপন কৰা হয় ।

গুৱাহাটী,২৩ ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা সদনত গৃহীত হয় কেইবাখনো বিধেয়ক (Assam assembly winter session)। ইয়াৰে অন্যতম এখন হ'ল গো-সুৰক্ষা আইন সংশোধনী বিধেয়ক (Cattle Preservation Amendment Bill passed in assembly) । বিধানসভাৰ বিগত অধিবেশনতে বিৰোধীৰ প্ৰবল আপত্তি আৰু সমালোচনাৰ পিছতো শাসক পক্ষই সদনত ধ্বনি ভোটৰ দ্বাৰা গৃহীত কৰিছিল গো-সুৰক্ষা বিধেয়ক ।

আনকি বিৰোধী পক্ষই বিধেয়কখন গৃহীত কৰাৰ পূৰ্বে বাচনি সমিতি (Select Committee)লৈ প্ৰেৰণ কৰিব লাগে বুলি সদনত সেই সময়ত দাবী তুলিছিল যদিও শাসক পক্ষই তেনে দাবী অগ্ৰাহ্য কৰিছিল । কিন্তু বৃহস্পতিবাৰে বিধানসভাত পূৰ্বৰ সেই আইনখনৰে কেতবোৰ সংশোধনী আনি বিধেয়ক উত্থাপন কৰা হয় । এই সংশোধনী বিধেয়কখন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই সদনত কয় যে চৰকাৰে গো হত্যা ৰোধ কৰিব খুজিছে আৰু সেইবাবেই এই সংশোধনী বিধেয়ক অনা হৈছে ।

তেওঁ আৰু কয় যে এচাম লোক গৰুৰ গাখীৰ নহয়, মাংসকলৈহে অধিক ব্যস্ত হৈ পৰিছে । কৃষকৰ গো-পালন চৰকাৰে বন্ধ কৰিব খোজা নাই । অবৈধ গো সৰবৰাহহে বন্ধ কৰিব খোজা হৈছে ।

মুখ্যমন্ত্ৰীয়ে সদনত কয়-"গৰুৰ প্ৰতি জিঘাংসা কমাব লাগিব । গাখীৰ উৎপাদনত আমি চহকী হ'ব লাগিব । এতিয়াৰে পৰা অবৈধভাৱে গো সৰবৰাহ কৰা লোকে শাস্তি পাব । অবৈধভাৱে গো সৰবৰাহ কৰা বাহন আৰক্ষীয়ে জব্দ কৰি নিলাম কৰিব পাৰিব ।"

বাংলাদেশৰ বহু সীমামূৰীয়া জিলাত অবৈধ গো সৰবৰাহ চলি আছে বুলিও তেওঁ মন্তব্য কৰে । অৱশ্যে ম'হৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাথাকে ।

লগতে পঢ়ক :কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.