ETV Bharat / bharat

কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ আন্দোলনত নামিব কংগ্ৰেছ

author img

By

Published : Dec 23, 2021, 11:31 AM IST

২০২২ ৰ জানুৱাৰী মাহৰ পৰা পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰিছে বিৰোধী দল কংগ্ৰেছে (Congress to launch agitation against Centre) । বুধবাৰে দলটোৰ আন্দোলন সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

Congress to launch agitation against Centre
পুনৰ আন্দোলনত নামিব কংগ্ৰেছ

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ : বৰ্ধিত নিবনুৱা সমস্যাক লৈ পুনৰ সৰৱ কংগ্ৰেছ । নতুন বছৰৰ আৰম্ভণিৰে পৰা পুনৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে (Congress to launch agitation against Centre over unemployment)। বুধবাৰে এই বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যেৰে কংগ্ৰেছৰ আন্দোলন সমিতিৰ বৈঠক অনুষ্ঠিত হয় ।

১৫ জিআৰজিত আয়োজিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে দিগ্বিজয় সিং, প্ৰিয়ংকা গান্ধী, উদিত ৰাজ, নীতা ডিচুজা, বি ভি শ্ৰীনিবাস, ৰাগিণী নায়কৰ লগতে দলটোৰ নেতৃবৰ্গ । নিবনুৱা সমস্যা সমাধানৰ দাবী আৰু ৰাজহুৱা খণ্ডৰ সম্পদৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিব বিৰোধী দলটোৱে (Congress to stages protest against Central Govt) । মুদ্ৰাস্ফীতিৰো বিৰোধিতা কৰি আহিছে দলটোৱে ।

পুনৰ কেন্দ্ৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণৰ যো-জা চলাইছে দলটোৱে । কংগ্ৰেছ নেতা ৰিপুণ বৰাই জনাইছে যে, বৈঠকত আন্দোলন সমিতিয়ে "মহংগাই হটাও" শীৰ্ষক অভিযানৰ বিষয়ে পৰ্যালোচনা কৰিছে আৰু পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে ।

আনহাতে, আন্দোলন সমিতিৰ সদস্য উদিত ৰাজে কয় যে, জয়পুৰত যিদৰে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ঠিক একেদৰে অহা বছৰ জানুৱাৰী মাহৰ পৰা এই প্ৰতিবাদ অব্যাহত ৰাখিব কংগ্ৰেছে । মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব আৰু দ্বিতীয় পৰ্যায়ত নিবনুৱা সমস্যা আৰু ব্যক্তিগতকৰণৰ বিষয়টো উত্থাপন কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Assam Meghalaya Border issue: বিধানসভাৰ চৌহদত প্ৰতিবাদত বহিল বিধায়িকা নন্দিতা দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.