ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ সৈতে মিত্রদল অগপৰ বিদ্ৰোহৰ উকমুকনি

author img

By

Published : Jun 28, 2023, 3:50 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৰাক বিজেপিত সংঘাত । অসন্তুষ্ট সাংসদ ৰাজদ্বীপ ৰয় আৰু বিধায়কৰ সৈতে মন্ত্রী অশোক সিংহলৰ আলোচনা । আমগুৰিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাকো বুজনি মন্ত্রী সিংহলৰ । ৰাজনৈতিক ভৱিষ্যত অসুৰক্ষিত হোৱাত বিজেপি আৰু অগপৰ বহু নেতাৰ খচৰাখনক লৈ অসন্তুষ্টি । পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে তৎপৰ বিজেপি দল আৰু চৰকাৰ ।

Constituency delimitation
Rebellion in BJP over the delimitation

গুৱাহাটী, ২৮ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰিছে । খচৰাখনক লৈ যে কেৱল বিৰোধী ৰাজনৈতিক দলসমূহে অসন্তুষ্ট তেনে নহয় । শাসকীয় দল বিজেপি আৰু মিত্রদল অগপৰ ভিতৰ চ'ৰাটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ব্যাপক অসন্তুষ্টি আছে ।

ৰাজনৈতিক ভৱিষ্যত অসুৰক্ষিত হোৱাত বিজেপি আৰু অগপৰ বহু নেতাই খচৰাখনক লৈ ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে। বহু ঠাইত নেতাসকলে সন্মুখলৈ আহি অসন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে সমৰ্থিত দলীয় কৰ্মী আৰু স্থানীয় সমৰ্থকৰ জৰিয়তে খচৰাখনৰ বিৰোধিতা কৰিছে ।

উল্লেখ্য যে, খচৰাত লোকসভা আৰু বিধানসভাৰ সমষ্টি সংখ্যা পূৰ্বৰ দৰেই একেই ৰখা হৈছে যদিও সমষ্টিৰ সীমাৰ ব্যাপক সালসলনি ঘটোৱা হৈছে । লগতে সমষ্টিৰ বিলুপ্তি সাধন আৰু নতুন সমষ্টিৰ সৃষ্টি কৰাৰ উপৰি সংৰক্ষণৰ ব্যৱস্থাটো ব্যাপক পৰিৱৰ্তন ঘটোৱা হৈছে । যাৰ ফলত বহু নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিৰোধী ৰাজনৈতিক দলসমূহ জাঙুৰ খাই উঠাৰ সমান্তৰালকৈ শাসকীয় দলৰ লগতে মিত্রদল অগপৰ একাংশ নেতা অসন্তুষ্ট হৈ পৰিছে ।

বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি বৰাকত শাসক পক্ষৰ মাজত মতানৈক্য প্ৰকট হৈ পৰিছে । কৰিমগঞ্জ লোকসভাৰ অধীনস্থ বিধায়কসকলে সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে শিলচৰ লোকসভাৰ অধীনস্থ বিধায়কসকলে অসন্তুষ্টি ব্যক্ত কৰিছে । ইতিমধ্যে এই বিষয়ক লৈ শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাতো মিলিত হৈছিল ।

লগতে পঢ়ক: Bhupen Bora slams Assam CM : হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এদিন ধংস হ’ব বিজেপি- ভূপেন বৰা

আনহাতে, মন্ত্ৰী অশোক সিংহলৰ সৈতেও সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে দীঘলীয়া আলোচনাত মিলিত হৈছিল । কিন্তু এই আলোচনাত কোনো ধৰণৰ সমাধানৰ সূত্ৰ ওলোৱা নাছিল । উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মন্ত্রী অশোক সিংহলে তদাৰক কৰিছিল । আনকি খচৰা প্ৰকাশৰ পূৰ্বে মন্ত্রী সিংহলে দিল্লীত বাহৰ পাতি সমস্ত দিশ তদাৰক কৰিছিল ।

লক্ষণীয় বিষয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্রত খিলঞ্জীয়াক প্ৰাধান্য দিয়াৰ পৰিপ্ৰেক্ষিতত বহু সমষ্টিত নতুনত্ব আহিছে । যাৰ বাবে বহু সমষ্টিত অসন্তুষ্টিয়ে দেখা দিছে । উল্লেখ্য যে, খচৰাত শিলচৰ লোকসভা সমষ্টি সংৰক্ষণ কৰাক লৈ সাংসদ ৰাজদ্বীপ ৰয়ে আপত্তি দৰ্শাইছে ।

ইফালে শাসক পক্ষৰ আন একাংশ বিধায়কে সন্তুষ্টি ব্যক্ত কৰাৰ পৰিপ্ৰেক্ষিতত বৰাক বিজেপিত উলম্ব বিভাজন হোৱাটো একপ্ৰকাৰ স্পষ্ট হৈছে । এই বিভাজন ৰোধ কৰাৰ বাবে বিজেপি দল আৰু চৰকাৰে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ।

ইফালে বিজেপিৰ মিত্রদল অগপতো সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ব্যাপক অসন্তুষ্টিয়ে বিৰাজ কৰিছে । অগপৰ আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে মন্ত্ৰী অশোক সিংহলে তেওঁৰ সৈতে আলোচনাত মিলিত হৈছিল । মন্ত্রী সিংহলে শাসকীয় দলৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয় আৰু বৰাকৰ আন বিজেপি বিধায়কৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাচত আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ সৈতে আলোচনাত মিলিত হৈছিল । ইফালে থাওৰাৰ শাসক দলৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ো মন্ত্রী সিংহলৰ সৈতে আলোচনাত মিলিত হৈছিল ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সুশান্ত বুঢ়াগোহাঁয়ে প্রতিনিধিত্ব কৰি অহা থাওৰা সমষ্টিও বিলুপ্ত কৰা হৈছে । যাৰ বাবে সুশান্ত বুঢ়াগোহাঁয়ো অসন্তুষ্ট হৈ আছে । লক্ষণীয় বিষয় যে, দলীয়ভাৱে অগপই খচৰাখনক আদৰণি জনাইছে যদিও আমগুৰিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাৰ উপৰি ছয়গাঁৱৰ প্ৰাক্তন অগপ বিধায়ক তথা খাদী ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা প্ৰমুখ্যে কেইবাজনো নেতাই মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছে ।

লগতে পঢ়ক: Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ

নির্বাচন আয়োগে প্রকাশ কৰা খচৰাত অগপৰ জ্যেষ্ঠ নেতা প্রদীপ হাজৰিকাৰ আমগুৰি, ডাঃ কমলা কলিতাই পূর্বে প্রতিনিধিত্ব কৰা ছয়গাঁও আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত কৰা হৈছে । নিৰ্বাচন আয়োগৰ খচৰাকলৈ শাসকীয় দল বিজেপি আৰু মিত্রদল অগপৰ বহু নেতা ক্ষোভিত হৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়তে বিদ্ৰোহ হোৱাৰ আশংকাত শাসকীয় দল আৰু মিত্রদলে বিশেষ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.