ETV Bharat / state

Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে 12 ঘন্টীয়া বন্ধ

author img

By

Published : Jun 28, 2023, 11:57 AM IST

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বুধবাৰৰ পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘন্টীয়া বন্ধ ঘোষণা কৰা হয় সমষ্টিটোত । বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।

Bandh declared against constituency Delimitation
সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ

সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে লাহোৱালত প্ৰতিবাদ

ডিব্ৰুগড়, 28 জুন : ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সমষ্টিবাসীৰ প্ৰতিবাদ ৷ ৰাইজৰ আহ্বানমৰ্মে বুধবাৰৰ পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘন্টীয়া বন্ধ ঘোষণা কৰা হয় সমষ্টিত । প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে খচৰা প্ৰকাশ কৰাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিচতে লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ খবৰ বিয়পি পৰাত সমষ্টিৰ ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । 12 ঘন্টীয়া বন্ধৰ ফলত লাহোৱালত থকা শিক্ষানুষ্ঠান, ব্যৱসায়-প্ৰতিষ্ঠান আদি সকলো বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে । ইফালে লাহোৱাল আৰক্ষীয়ে বন্ধ সমৰ্থনকাৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছে বুলিও জানিবলৈ পৰা গৈছে ।

উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । 1957 চনতে গঠিত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ ,অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে । বহুতে লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাই নিমাতী কন্যাৰ ভূমিকা গ্ৰহণ কৰাত তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি, বিধায়কগৰাকীৰ নিজা সমষ্টিটো বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতো মৌনব্ৰত ধাৰণ কৰি অহাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

আৰক্ষীয়ে বন্ধ কাৰ্যসূচীত বাধা প্ৰদানৰ চেষ্টা কৰিছে যদিও 12 ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সমষ্টিটোত ।

লগতে পঢ়ক : Road accident : তীব্ৰবেগী মাৰুতি বাহনৰ খুন্দাত নিহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.