Road accident : তীব্ৰবেগী মাৰুতি বাহনৰ খুন্দাত নিহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

By

Published : Jun 28, 2023, 11:19 AM IST

thumbnail

বৰপেটাৰোড, 28 জুন: বৰপেটাৰোডত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত বুধবাৰৰ পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় হেমন্ত দাস নামৰ লোকজনে ৷ উল্লেখ্য যে, তীব্ৰবেগী মাৰুতি বাহন এখনে বিদ্যুৎ বিভাগৰ দুজনকৈ কৰ্মচাৰীক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল । পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা আনজন লোক হ’ল ৰঞ্জিত গগৈ । 

গুৰুতৰভাৱে আহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী দুজনক সংকটজনক অৱস্থাত বৰপেটাৰোডৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হেমন্ত দাস ৷ নিশা শিমলাগুৰীৰ পৰা বৰপেটাৰোড অভিমুখে আহি আছিল AS 01DJ 3293 নম্বৰৰ তীব্ৰবেগী মাৰুতি বাহনখন ৷ 

এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে বুলি জানিবলৈ পৰা গৈছে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই আটকাধীন লোকজনৰ পৰিচয় ৷ 

লগতে পঢ়ক :  Haflong Civil Hospital : হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিস্ফোৰণ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.