ETV Bharat / state

মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

author img

By

Published : Feb 14, 2022, 1:31 PM IST

Updated : Feb 14, 2022, 2:36 PM IST

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে ঘোষণা কৰা হয় মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম । মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে টিকট লাভ কৰে বিজেপি প্ৰাৰ্থী ভূৱন গামে ৷ কিন্তু কোন এই ভুৱন গাম ! কেনেদৰে মাজুলীৰ পৰা টিকট লাভ কৰিলে ভুৱন গামে....

BJP fields Bhuban Gam for Majuli bypoll in Assam
মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী কোন হ’ব তাকেলৈ বিগত প্ৰায় পষেকজুৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত ভিতৰুৱাকৈ চলি থকা শীতল যুদ্ধখনৰ অৱশেষত অৱসান ঘটিল । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে, মাজুলীৰ উপ-নিৰ্বাচনত(Majuli By Election 2022 ) বিজেপিৰ প্ৰাৰ্থী হ’ব ভুৱন গাম(BJP Nominates Bhubhan Gam For Majuli ByPol) ।

৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব তাকে লৈ বিগত সময়চোৱাত বিজেপিৰ বাহিৰে ভিতৰে চলিছিল সৰব চৰ্চা । এফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দুই মেৰুত দুজন । দুয়োৰে পচন্দ বেলেগ বেলেগ ।

মাজুলীৰ প্ৰাৰ্থিত্বক লৈ সোণোৱালৰ দিল্লীৰ বাসগৃহত দুয়োৰে মাজত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছিল । ড৹ শৰ্মাৰ পচন্দ আছিল বৰ্তমানৰ লখিমপুৰৰ সাংসদ তথা তেওঁৰ অতি ঘনিষ্ঠ প্ৰদান বৰুৱা । ইয়াৰ বিপৰীতে সোণোৱালে বিচাৰিছিল তেওঁ মুখ্যমন্ত্ৰী হৈ থকা দিনৰে পৰা ঘনিষ্ঠ হৈ থকা বহুচৰ্চিত ব্যৱসায়ী ভুৱন গামে প্ৰাৰ্থিত্ব পোৱাটো । অৱশেষত মাজুলীৰ প্ৰাৰ্থিত্বৰ বাবে দুজনীয়া পেনেলো প্ৰেৰণ কৰা হৈছিল দলটোৰ শীৰ্ষ নেতৃত্বলৈ ।

BJP fields Bhuban Gam for Majuli bypoll in Assam
মাজুলী উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গাম

পেনেলত আছিল প্ৰদান বৰুৱা আৰু ভুৱন গাম দুয়োৰে নাম । অৱশ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা মুঠেও কৰা নাছিল । আনহাতে এই কথাও স্পষ্ট হৈ পৰিছিল যে মাজুলীৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সোণোৱালৰ পচন্দ অপচন্দ বা তেওঁৰ মতামত হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ । সেই অনুসৰিয়েই সোমবাৰে ভুৱন গামক দলীয় প্ৰাৰ্থী হিচাপে বিজেপিয়ে ঘোষণা কৰে ।

এইখিনিতে প্ৰশ্ন উঠিব পাৰে ভুৱন গাম কোন । ভুৱন গাম হৈছে এনে এজন চতুৰ ব্যৱসায়ী যিয়ে সময়ৰ শৰ সময়ত মৰাত একেবাৰেই পাৰ্গত । এসময়ত তেওঁ আছিল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অকণ বৰাৰ ভাতঘৰৰ মানুহ । অকণ বৰা সমাজ কল্যাণ মন্ত্ৰী হৈ থকা সময়তে বিভাগটোত চলিছিল ঠিকাদাৰ ভুৱন গামৰ অবাধ ৰাজত্ব । সেই সময়তে কোটি কোটি টকাৰ মালিক হৈ পৰে এইজন ঠিকাদাৰ ।

সমাজ কল্যান বিভাগত সংঘটিত বহু অনিয়ম কেলেংকাৰীৰ সৈতেও সেই সময়ত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল । পৰবৰ্তী সময়ত যেতিয়া ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হ'ল নিশাটোৰ ভিতৰতে ভুৱন গামেও মোট সলাই গেৰুৱা বসন পিন্ধিলে ৷ তেওঁ এখোজ দুখোজকৈ সোণোৱালৰ কাষ চাপি তেওঁৰ অতিকে ঘনিষ্ঠ হৈ পৰিল আৰু আজি তেৱেই হ'ল মাজুলীৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ।

লগতে পঢ়ক : Majuli by election 2022 : বিজেপিৰ প্ৰাৰ্থী নাম ঘোষণা

Last Updated :Feb 14, 2022, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.