ETV Bharat / state

Bharat Jodo Yatra : ১ নৱেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Oct 25, 2022, 2:50 PM IST

Updated : Oct 25, 2022, 3:54 PM IST

১ নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা অনুষ্ঠিত হ'ব (Rahul Gandhi Bharat Jodo Yatra) । এই যাত্ৰাত পদব্ৰজে ৮৩৫ কিলোমিটাৰ অতিক্ৰম কৰা হ'ব । এদিনত ১৫ পৰা ২০ কিলোমিটাৰ যাত্ৰা কৰা হ'ব ।

Congress
Congress

গুৱাহাটী, ২৫ অক্টোবৰ : সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে অহা ১ নৱেম্বৰৰ পৰা অসমত আৰম্ভ হব কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা (Bharat Jodo Yatra in Assam) । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰী কৰে (APCC President Bhupen Bora) ।

১ নৱেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

তেওঁ কয় যে অহা ১ নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছৰ ভাৰত জোড়ো অসম যাত্ৰা অনুষ্ঠিত হ'ব (Rahul Gandhi Bharat Jodo Yatra) । এই যাত্ৰাত পদব্ৰজে ৮৩৫ কিলোমিটাৰ অতিক্ৰম কৰা হ'ব । এদিনত ১৫ পৰা ২০ কিলোমিটাৰ যাত্ৰা কৰা হ'ব ।

উল্লেখ্য, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা ।

১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব । ৰাজস্থানৰ কাৰ্যসূচীত অসমৰ ১০০ গৰাকী কংগ্ৰেছকৰ্মীয়ে অংশগ্ৰহণ কৰিব ।

সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ১ নৱেম্বৰৰ পৰা অসমত ৮৩৫ কিলোমিটাৰ দূৰত্ব পদযাত্ৰা কৰা হ'ব বুলি প্ৰকাশ কৰে । ভাৰত জোড়ো যাত্ৰাৰ সৈতে সংগতি ৰাখি এই পদযাত্ৰা কৰা হ'ব গোলকগঞ্জ সমষ্টিৰ এক নিৰ্দিষ্ট স্থানৰ পৰা । মুকলিসভাৰ জৰিয়তে এই পদযাত্ৰা আৰম্ভ কৰা হ'ব ।

প্ৰথম দিনা ৯ কিলোমিটাৰ যাত্ৰা কৰা হ'ব । ৭৫ দিনত এই যাত্ৰা সম্পন্ন কৰা হ'ব । কংগ্ৰেছৰ ১২৬ গৰাকী নেতা-কৰ্মীয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিব । সমষ্টি অৰু জিলা ভিত্তিত আহ্বায়ক আৰু উপদেষ্টা মণ্ডলী গঠন কৰা হ'ব । ভূপেন বৰাই লগতে কয় যে অসমৰ শান্তি আৰু সম্প্ৰীতি অটুট ৰখা আৰু বিজেপি চৰকাৰৰ বিভাজন আৰু সাম্প্ৰদায়িক নীতি, স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে এই পদযাত্ৰা কৰা হ'ব ।

বিজেপি চৰকাৰৰ জনবিৰোধী চৰিত্ৰ এই পদযাত্ৰাৰ জৰিয়তে উন্মোচন কৰা হ'ব বুলি ভূপেন বৰাই সদৰী কৰে । সংবাদমেলত ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰা, অসমৰ শীৰ্ষ সংগীতো মুকলি কৰে ।

লগতে পঢ়ক :Dibrugarh All India Radio : আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া নিউজ বুলেটিন বন্ধ হোৱাত অসন্তুষ্ট মন

Last Updated :Oct 25, 2022, 3:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.