ETV Bharat / state

স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া

author img

By

Published : Dec 15, 2021, 8:22 PM IST

Updated : Dec 16, 2021, 7:44 AM IST

বিকি-কেটৰিণাৰ বিয়া যেনেকৈ চৰ্চাত আছে, তেনেকৈ কিছুদিনৰ আগতে অসমতো চৰ্চিত হৈছিল এখন বিয়া ৷ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিয়া (Barasha rani Bishoya's wedding)৷ এতিয়া বাৰু ভাস্কৰ-বৰষা ক’ত আছে জানে নে ?

Barasha rani Bishoya's instagram reel goes viral on social media
Barasha rani Bishoya's instagram reel goes viral on social media

নিউজ ডেস্ক, 15 ডিচেম্বৰ : সকলোৱে এইকেইদিন চৰ্চা কৰি আছে বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিয়াৰ কথা (Vickat's wedding goes viral) ৷ কোনোবাই কৈছে ভাল লাগিছে, আন কোনোবা আকৌ হিংসাত জ্বলি-পকি মৰিছে ৷ কিছুমানে কৈছে, বিকিয়ে আৰু ভাল কাৰোবাক পালেহেঁতেন ৷ একাংশৰ আকৌ শোকে বুকুত খুন্দিয়াইছে চল্লু ভাই মানে চলমান খানৰ কথা ভাবি ৷ প্ৰাক্তন প্ৰেয়সীৰ বিয়াৰ খবৰ ৰজনজনাই গৈছে ৷ চল্লু ভায়ে বাৰু কেনেকৈ সহিছে ? কেটৰিণা-বিকিৰ বিয়াৰ খবৰ এৰি আহক অলপ অসমৰ তাৰকাৰ খবৰ লওঁ ৷

বিকি-কেটৰিণাৰ বিয়া যেনেকৈ চৰ্চাত আছে, তেনেকৈ কিছুদিনৰ আগতে অসমতো চৰ্চিত হৈছিল এখন বিয়া ৷ মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ বিয়া ৷ এইখন বিয়াক লৈও বহুতো সুখী আৰু বহুতো দুখী লোক দেখা পোৱা গৈছিল ৷ চ’ছিয়েল মিডিয়া ভৰিছিল বিবাহৰ বিশ্লেষণেৰে ৷

এতিয়া বাৰু ভাস্কৰ-বৰষা ক’ত আছে জানেনে ? কিহত বাৰু ব্যস্ত হৈ আছে অভিনেত্ৰী গৰাকী ?

বৰ্তমান স্বামী ভাস্কৰ আৰু পৰিয়ালৰ সৈতে দিল্লী ভ্ৰমণত ব্যস্ত আছে বৰষা ৰাণী বিষয়া ৷ নিজৰ ইনষ্টাগ্ৰামত বৰষাই শ্বেয়াৰ কৰিছে দিল্লীৰ বিভিন্ন পৰ্যটন থলীত উঠা ফটো (Barasha rani Bishoya's instagram post) ৷ কিন্তু বিশেষভাৱে চৰ্চিত হৈছে ভাস্কৰৰ সৈতে দিল্লীত কৰা এটা বিশেষ কাম ৷ এই কামটো হ’ল যে, এটা ইনষ্টাগ্ৰাম ৰীলত স্বামীৰ সৈতে নৃত্য কৰা দেখা গ’ল বৰষাক (Barasha rani Bishoya's instagram reel )৷ তেওঁৰ অনুৰাগী সকলে ব্যাপকভাৱে সঁহাৰি জনাইছে এই ৰীলটোৰ প্ৰতি ৷ এতিয়া ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে ভাস্কৰ-বৰষাৰ নৃত্যৰ ৰীল ৷

স্বামী ভাস্কৰৰ সৈতে দিল্লীত নৃত্য কৰি চৰ্চাত বৰষা ৰাণী বিষয়া

লগতে পঢ়ক : Happy Birthday Prastuti Parasar : 40 বছৰীয়া হ’ল অসমীয়া ছবি জগতৰ অপ্ৰতিৰোধ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

Last Updated :Dec 16, 2021, 7:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.