ETV Bharat / sitara

Happy Birthday Prastuti Parasar : 40 বছৰীয়া হ’ল অসমীয়া ছবি জগতৰ অপ্ৰতিৰোধ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

author img

By

Published : Dec 15, 2021, 1:27 PM IST

মঞ্চ, নাট, থিয়েটাৰ, টেলিভিছনৰ পৰা অসমীয়া ছবি জগতলৈকে জনপ্ৰিয়তাৰ ধাৰাবাহিকতা অটুট ৰখা অসমৰ এগৰাকী অন্যতম অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি পালন কৰিব 40 বছৰীয়া জন্মদিন (prastuti parasar turns 40 today) ৷ ইটিভি ভাৰত চিটাৰাৰ পৰিয়ালৰ তৰফৰ পৰা এই আপাহতে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ জন্মদিনৰ অফুৰন্ত শুভেচ্ছা থাকিল...

Prastuti parasar turns 40 today
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি পালন কৰিব 40 বছৰীয়া জন্মদিন

চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : নিজৰ বলিষ্ঠ অভিনয়ৰে অসমীয়া ছবি জগতক অন্য এক মাত্ৰা প্ৰদান কৰা প্ৰস্তুতি পৰাশৰক চিনি নোপোৱা মানুহ নাই ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে নিজৰ অভিনয়েৰে আকৃষ্ট কৰা প্ৰস্তুতি পৰাশৰে আজি ভৰি দিয়ে 40 বছৰত (prastuti parasar turns 40 today) ৷

Prastuti parasar turns 40 today
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি পালন কৰিব 40 বছৰীয়া জন্মদিন

1981 চনৰ 15 ডিচেম্বৰত যোৰহাটৰ মালৌআলিত জন্মগ্ৰহণ কৰা প্ৰস্তুতিয়ে 5 বছৰ বয়সতেই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা প্ৰচাৰ হোৱা অসমীয়া ধাৰাবাহিক ‘বৰ্ণালী’ ত অভিনয়েৰে অভিনয় জীৱনৰ পাতনি মেলে ৷ বাণী দাসৰ অসমীয়া ছবি ‘মহাৰথী’ আছিল প্ৰস্তুতিৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট ৷ তাৰ পিছৰ পৰা থমকিবলগীয়া হোৱা নাই অভিনেত্ৰীগৰাকী ৷

সৰুৰ পৰাই নৃত্য, গীত, অভিনয়ৰ প্ৰতি আকৰ্ষিত প্ৰস্তুতিয়ে পৰিয়ালৰ পৰা পোৱা সমৰ্থনক সদায় দোহাৰে ৷ প্ৰস্তুতিৰ পিতৃ বিজয় চন্দ্ৰ শৰ্মা অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ৷

Prastuti parasar turns 40 today
Dada Saheb Phalke International Film Festival লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী

প্ৰস্তুতি পৰাশৰ অভিনীত কেইখনমান উল্লেখযোগ্য অসমীয়া ছবি হ’ল ‘তুমি মোৰ মাথো মোৰ’, ‘গুণ গুণ গানে গানে’, ‘অন্তহীন যাত্ৰা’, ‘আছেনে কোনোবা হিয়াত, ‘প্ৰেম আৰু প্ৰেম’, ‘বাৰুদ’, ‘দীনবন্ধু’, ‘ৰামধেনু’, ‘চুৰেণ চোৰৰ পুতেক’ ইত্যাদি ৷

2016 বৰ্ষত ‘মৃগনাভি’ ছবিখনৰ বাবে 'Best Actor Female' শাখাত বিজয়ী হৈ 'Dada Saheb Phalke International Film Festival' বঁটা অৰ্জন কৰিছিল ৷ একেটা বৰ্ষতে ‘মৃগনাভি’ ৰ বাবে 'Prag Cine Awards North-East 2016' বঁটাৰেও সন্মানিত হৈছিল অভিনেত্ৰীগৰাকী ৷ 2017 চনত ‘দূৰদৰ্শন এটি যন্ত্ৰ’ ছবিখনৰ বাবে 'Prag Cine Awards North-East 2017' বঁটা লাভ কৰে তেওঁ ৷

Prastuti parasar turns 40 today
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি পালন কৰিব 40 বছৰীয়া জন্মদিন

ছবিৰ সমান্তৰালকৈ মঞ্চ, থিয়েটাৰটো অপাৰ সফলতাৰ গৰাকী প্ৰস্তুতি পৰাশৰ ৷ তেওঁৰ উল্লেখযোগ্য মঞ্চ নাট কেইখনমান ‘ৰূপালীম’, ‘নিমাতী কইনা’, ‘অপৰাহ্ণ’ ৷ তেওঁ অভিনয় কৰা ‘জোনাকত শিহৰণ’, ‘সেন্দুৰ’, ‘মেজৰ চাহাব’, ‘চক্ৰবেহু’, ‘শাহু-বোৱাৰী’ আদি অসমীয়া ধাৰাবাহিকে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

সম্প্ৰতি আৱাহন থিয়েটাৰৰ প্ৰযোজিকা-অভিনেত্ৰী-পৰিচালিকা হিচাপে প্ৰস্তুতিয়ে দায়িত্ব পালন কৰি আছে ৷

লগতে পঢ়ক : Miss Universe 2021 : কোন এই হৰনাজ সন্ধু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.