Miss Universe 2021 : কোন এই হৰনাজ সন্ধু ?

author img

By

Published : Dec 13, 2021, 4:27 PM IST

Updated : Dec 14, 2021, 6:40 AM IST

Miss Universe 2021

70 সংখ্যক ব্ৰহ্মাণ্ড সুন্দৰী (70th Miss Universe)ৰ মুকুট জিলিকিল ভাৰতীয় সুন্দৰীৰ শিৰত ৷ পঞ্জাৱৰ চণ্ডীগড়ৰ 21 বছৰীয়া হৰনাজ কৌৰ সন্ধুৱে 21 বছৰৰ মূৰত ভাৰতলৈ আঁজুৰি আনিলে 2021 বৰ্ষৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ (Harnaaz Kaur Sandhu crowned 2021 Miss Universe) ৷

চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : 21 বছৰীয়া ভাৰত কন্যা হৰনাজ কৌৰ সন্ধুৱে 21 বছৰৰ মূৰত ভাৰতলৈ আঁজুৰি আনিলে 2021 বৰ্ষৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ (Harnaaz Kaur Sandhu crowned 2021 Miss Universe) ৷ পঞ্জাৱৰ চণ্ডীগড়ৰ এই গৰাকী মডেলে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ল মডেলিঙৰ ইতিহাসত ৷ ইয়াৰ পূৰ্বে 1994 চনত সুস্মিতা সেন (Sushmita Sen crowned Miss Universe in 1994)আৰু 2000 চনত লাৰা দত্ত ভূপতিয়ে জয় কৰিছিল এই সন্মান ৷ এইবাৰ ইজৰাইলত অনুষ্ঠিত হৈছিল 2021 চনৰ মিছ ইউনিৰ্ভাচ প্ৰতিযোগিতা (Miss Universe to Indian beauty after 21 years) ৷

ইয়াৰ পূৰ্বে হৰনাজ সন্ধুৱে 2017 চনত মিছ চণ্ডীগড় খিতাপ দখল কৰিছিল ৷ তাৰোপৰি 2018 চনত Miss Max Emerging Star India খিতাপ আৰু 2019 চনত ফেমিনা মিচ ইণ্ডিয়া পঞ্জাৱ খিতাপ লাভ কৰে হৰনাজে ৷ পাচত ফেমিনা মিচ ইণ্ডিয়াতো অংশ গ্ৰহণ কৰিছিল মডেলগৰাকীয়ে ৷

হৰনাজে মডেলিঙত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কিশোৰী অৱস্থাৰ পৰাই ৷ বিভিন্ন মডেলিং আৰু ফেশ্চন শ্ব’ত অংশ গ্ৰহণ কৰি পৰ্যায়ক্ৰমে ডাঙৰ ডাঙৰ সৌন্দৰ্যৰ প্ৰতিযোগিতাতো অংশ ল’বলৈ আৰম্ভ কৰে হৰনাজে ৷ পাঞ্জাৱী ভাষাৰ চলচ্চিত্ৰ ‘‘য়াৰা দিয়া পু বৰণ’’ আৰু ‘‘বাই জী কুটাংগে’’ ত অভিনয়ো কৰিছে হৰনাজ সন্ধুৱে ৷

এই ক্ষেত্ৰত মডেল হৰনাজক আটাইতকৈ বেছি উৎসাহ যোগাইছিল তেওঁৰ মাতৃয়ে ৷ এখন পুৰুষতান্ত্ৰিক সমাজত বাস কৰিও হৰনাজৰ মাতৃয়ে এগৰাকী প্ৰসূতিৰোগ বিশেষজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷ হৰনাজে সমাজত নাৰী সৱলীকৰণ আৰু মহিলাৰ স্বাস্থ্যৰ উন্নতিৰ বাবে কাম কৰি আছে ৷ নাৰী সমাজক পৰিচ্ছন্নতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত সক্ৰিয়াভাৱে অংশ লয় হৰনাজ কৌৰ সন্ধুৱে ৷

তাৰোপৰি তেওঁৰ মিছ ডিভাৰ প্ৰতিযোগিতাৰ সময়চোৱাত ৰাজীৱ গান্ধী ইনষ্টিটিউট এণ্ড ৰিচাৰ্ছ চেন্টাৰ (Rajiv Gandhi Cancer Institute and Research Centre )আৰু খুচি নামৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা হৰনাজে ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল ৷ লগতে মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ, গ্ৰীবা আৰু বক্ষৰ কৰ্কট ৰোগ সম্পৰ্কে সজাগতা মূলক অনু৷ষ্ঠানতো হৰনাজে অংশ লৈছিল ৷

চণ্ডীগড়তেই নিজৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল হৰনাজে ৷ বৰ্তমান লোক প্ৰশাসন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে হৰনাজে ৷ মডেলিঙৰ বাহিৰেও ৰন্ধন-প্ৰকৰণ, গীত-নৃত্য, যোগাভ্যাস আদিৰো ৰুচি আছে ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ বিজয়ী হৰনাজ কৌৰ সন্ধুৰ ৷

লগতে পঢ়ক : Miss Universe 2021 Harnaaz Sandhu : হৰনাজৰ কোনটো কথাই আকৰ্ষিত কৰিলে বিচাৰকক ?

Last Updated :Dec 14, 2021, 6:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.