ETV Bharat / state

Deendayal Upadhyaya : দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:48 PM IST

দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণ উন্মোচন মুখ্যমন্ত্ৰীৰ ৷ দেশৰ ২৪ টা ভাষাত গ্রন্থাকাৰে প্রকাশিত হ'ব মহাবীৰ লাচিত বৰফুকনৰ বৰ্ণিল জীৱনগাঁথা ৷ প্ৰকাশ পাব ‘অসমৰ ৰাজনৈতিক বুৰঞ্জী' শীৰ্ষক গ্রন্থ ৷

Deendayal Upadhyaya Rachana Samagra Inaugurates
দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণ উন্মোচন

দীনদয়াল উপাধ্যায় ৰচনাসমগ্ৰ

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম তিথিৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সমগ্ৰ ৰচনাকৃতি একত্ৰিত কৰি ১৫ টা খণ্ডত প্ৰকাশিত ‘দীনদয়াল উপাধ্যায় ৰচনাসমগ্র'ৰ অসমীয়া সংস্কৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ উল্লেখ্য যে, মূল হিন্দীত ড° মহেশ চন্দ্ৰ শৰ্মাৰ দ্বাৰা সংকলিত আৰু সম্পাদিত এই ৰচনাসমগ্ৰৰ অসমীয়া সংস্কৰণৰ অনুবাদকৰ্মৰ ভাষা পুনৰীক্ষণৰ লগতে সম্পাদনাৰ দায়িত্ব বহন কৰিছে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্রণেতা সুমন্ত চলিহাই ৷

আনহাতে এই সংকলনটো প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে ৷ গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাম্প্ৰতিক ভাৰতৰ ৰাজনীতিৰ মুখ্য ধাৰাটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ চিন্তাৰে প্ৰৱাহিত হৈছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে জাতিৰ পিতা মহাত্মা গান্ধী, ৰামমনোহৰ লোহিয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ে পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতাৰ মূল্যবোধৰ আধাৰত দেশৰ ভূমিত তিনিটা ৰাজনৈতিক ধাৰা মৌলিক চিন্তাৰে উদ্ভাষিত কৰিছিল ৷ আজি প্রকাশিত এই ৰচনাসমগ্রই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনৰাজিৰ বিস্তৃতভাৱে জনাৰ সুযোগ প্রদান কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পণ্ডিত উপাধ্যায় আছিল ইতিহাস আৰু আৰ্থ-সাংস্কৃতিক- ৰাজনৈতিক চেতনাৰে পৰিপূৰ্ণ এজন ক্ষণজন্মা পুৰুষ আৰু তেখেতৰ জীৱন আৰু কৰ্মসাধনা সমাজৰ বাবে এক আদৰ্শ ৰূপত উজলি আছে ৷

প্রসংগক্ৰমে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে সমাজৰ শেষৰজন ব্যক্তিকো উপকৃত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আন আন জনকল্যাণমুখী কাম-কাজৰ সমান্তৰালকৈ বিদ্যায়তনিক কাম- কাজো অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অনুষ্ঠানত সদৰী কৰে যে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজি সামৰি মূল ইংৰাজী ভাষাত লিখা গ্ৰন্থখন অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ভাৰতৰ ২৪ টা ভাষালৈ অনুবাদ কৰা কাৰ্য সম্প্ৰতি তীব্ৰ গতিত চলি আছে ৷ আগন্তুক কেইটামান মাহৰ ভিতৰতে এই গ্ৰন্থখন দেশৰ বিভিন্ন ৰাজ্যত উন্মোচন কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে বুলিও সদৰী কৰি তেওঁ কয় যে এই কাৰ্যৰ দ্বাৰা সংশ্লিষ্ট ৰাজ্যৰ লোকসকলে নিজ ভাষাতে মহাবীৰ লাচিত বিষয়ে জনাৰ সুযোগ লাভ কৰিব ৷

তদুপৰি ‘অসমৰ ৰাজনৈতিক বুৰঞ্জী' শীৰ্ষক এখন গ্ৰন্থ প্ৰস্তুতৰ কামো সম্প্ৰতি চলি আছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে ৷ উল্লেখ্য যে, মুখ্যমন্ত্রী ড° শৰ্মাই আজি উন্মোচন কৰা ‘দীনদয়াল উপাধ্যায় ৰচনাসমগ্র'ৰ অনুবাদকমণ্ডলী হৈছে ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী, চন্দ্ৰভূষণ শৰ্মা, ড° দেৱেন চন্দ্ৰ দাস, গোকর্ণ মিশ্র, পৰিস্মিতা বৰদলৈ, ৰাজলক্ষ্মী খাওন্দ, ৰীতামণি বৈশ্য, মাণিক চন্দ্ৰ দাস, ড° জুৰি শৰ্মা, গুঞ্জন ফুকন, স্বপ্না দেৱী শৰ্মা, সঞ্জীৱ কলিতা, মায়াশ্রী দেৱী আৰু ইলা দেৱী গোস্বামী ৷ মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানত উপস্থিত থকা একাংশ অনুবাদকক সম্বৰ্দ্ধনাও জ্ঞাপন কৰে ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ এই অনুষ্ঠানটোত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, নতুন দিল্লীৰ ৰিচাৰ্চ এণ্ড ডেভলপমেন্ট ফাউণ্ডেশ্যন ফৰ ইণ্টিগ্ৰেল ইউমেনিজিমৰ ন্যাসৰক্ষী অম্বৰ আগৰৱালা প্ৰমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Minister Bimal Bora : খুমটাইৰ ১০ কোটি টকীয়া আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ কাম লেহেমীয়া হোৱাক লৈ মন্ত্ৰী বিমল বড়াৰ খং!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.