ETV Bharat / state

Minister Bimal Bora : খুমটাইৰ ১০ কোটি টকীয়া আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ কাম লেহেমীয়া হোৱাক লৈ মন্ত্ৰী বিমল বড়াৰ খং!

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:58 PM IST

গোলাঘাটৰ খুমটাইত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Assam Agar International Trade Centre
আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : ৰাজ্যৰ আগৰ খেতিয়ক সকলৰ ব্যৱসায়িক লেন-দেন আৰু প্ৰসাৰৰ বাবে গোলাঘাটৰ খুমটাইত আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ স্থাপন কৰাটো ৰাজ্যত ৭ বছৰীয়া বিজেপি চৰকাৰৰ অন্যতম পদক্ষেপ আছিল ৷ কিন্তু আজিও কাৰ্যক্ষম হৈ নুঠিল এই প্ৰকল্প ৷ নিৰ্মীয়মান এই প্ৰকল্পত সোমবাৰে উপস্থিত হয় ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া ৷

Assam Agar International Trade Centre
লেহেমীয়া গতিত চলিছে আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণ

সোমবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ডাবিডুবিত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ সৈতে পৰিদৰ্শন কালত মন্ত্রী বড়াই উদ্যোগ বিভাগৰ বিষয়া সকলৰেও আলোচনাত মিলিত হয় ৷ এই বাণিজ্য কেন্দ্ৰৰ জৰিয়তে অসমৰ সাঁচি খেতিয়কসকলে ব্যৱসায়ৰ ক্ষেত্ৰত সুবিধা লাভ কৰাৰ লগতে উচিত মূল্য পোৱাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

Assam Agar International Trade Centre
খুমটাইত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ

কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰী সকলক মন্ত্রী বড়াই নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে এই কেন্দ্রটোৰ নিৰ্মাণ কাৰ্য 2022 বৰ্ষৰ অক্টোবৰ মাহতে সম্পূৰ্ণ হ'ব লাগিছিল ৷ কিন্তু নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাত সময়মতে সম্পূৰ্ণ হৈ নুঠিল এই কেন্দ্ৰ ৷ যাক লৈ এতিয়া মন্ত্রী বড়াই অসন্তুষ্টি প্ৰকাশ কৰে ৷ সময় মতে কাম সম্পূর্ণ নহ’লে ইয়াৰ দায়িত্বত থকা বিষয়াগৰাকীক নিলম্বন কৰাৰ বাবেও উৰ্ধতন বিষয়াক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্রী বিমল বড়াই লগতে ইয়াৰ বাবে এক সময় নিৰূপিত কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ গোলাঘাট জিলাৰ উপায়ুক্ত ড০ প্ৰবীণ উদয়ক নিৰ্দেশ দিয়ে ৷

Assam Agar International Trade Centre
আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী বিমল বড়াৰ

উল্লেখযোগ্য যে, 2020 চনৰ অক্টোবৰ মাহতে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ডাবিডুবিত, দেশৰ ভিতৰতে প্ৰথম আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কৃষকসকলৰ লগতে অসমৰ আগৰ বাগিচা আৰু বাণিজ্যৰ সৈতে জড়িত উদ্যোগীসকলৰ ব্যৱসায়িক সম্ভাৱনাক প্ৰসাৰিত কৰিবলৈ ৰাজ্য চৰকাৰে এই বাণিজ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

​লগতে পঢ়ক : MLA Bhuwan Pegu in Jonai:বিধায়ক ভূৱন পেগুৰ জোনাইৰ বিধ্বস্ত বাট-পথ পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.