ETV Bharat / state

Rich cultural heritage of Assam: দেশৰ ভিন্ন মহানগৰত অসমৰ ঐতিহ্য উজলাই তোলাৰ প্ৰয়াৰ শৰ্মা চৰকাৰৰ

author img

By

Published : Apr 22, 2023, 10:17 PM IST

Assam
অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে দেশৰ মুখ্য মহানগৰসমূহত নতুনকৈ কিছু নিৰ্মাণৰ যো-জা কৰিছে ৷ ভেলোৰ আৰু বাংগালোৰত একোটাকৈ নতুন অসম ভৱন স্থাপন কৰা হ'ব ৷ আনহাতে কলকাতাত থকা বৰ্তমানৰ অসম ভৱনটো ভাঙি তাৰ ঠাইত এটা নতুন ভৱন নিৰ্মাণ কৰা হ'ব ৷ ইতিমধ্যেই চেন্নাইত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছে (Assam house in metropolitan cities) ।

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : দেশৰ অন্যান্য মহানগৰসমূহত অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে অসম চৰকাৰে কামাখ্যা মন্দিৰ, বটদ্ৰৱা থান আৰু ৰংঘৰৰ দৰে কেইবাটাও প্ৰকল্পৰ বাবে মুম্বাইত ভূমি অধিগ্ৰহণ কৰিছে (rich cultural heritage of Assam) ৷ ৰাজ্য চৰকাৰে এনে প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীতো উপযুক্ত ভূমিৰ সন্ধান কৰি আছে বুলি শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় । মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে দ্বাৰকাত এখন নতুন অসম ভৱনৰ আধাৰশিলা স্থাপন কৰে ।

"নতুন অসম ভৱনে ৰোগী আৰু শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব ৷ আনহাতে ৰাষ্ট্ৰীয় ৰাজধানীৰ আন দুটা অসম ভৱন বিষয়াসকলে ব্যৱহাৰ কৰিব । দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব ৷ আনহাতে চৰ্দাৰ পেটেল মাৰ্গৰ বৰ্তমানৰ ভৱনটো ভাঙি পেলোৱা হ'ব আৰু ইয়াৰ ঠাইত এটা নতুন ভৱন নিৰ্মাণ হ’ব, যাৰ কাম জুন মাহত আৰম্ভ হ'ব," ড৹ শৰ্মাই কয় (Assam to showcase its rich cultural heritage) ।

মুখ্যমন্ত্ৰীয়ে কয় যে, পিডব্লিউডি (বিল্ডিং আৰু এনএইচ) বিভাগৰ অধীনৰ যিকোনো প্ৰকল্প দুবছৰৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । দ্বাৰকাত নতুন অসম ভৱনটো অসম চৰকাৰৰ ৰাজহুৱা নিৰ্মাণ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ দ্বাৰা আনুমানিক ২১.৬৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব ৷ ১,০০০ বৰ্গ মিটাৰ মাটিকালিত তিনিটা ঘৰ, তলৰ মহলা আৰু চাৰিমহলাৰে গঠিত হ'ব ।

"ইয়াত এটা ভিভিআইপি চুইট, 18 টা অতিথি কোঠা, 13 টা ডৰমিটৰী বিচনা, এটা 2 বিএইচকে ইউনিট আৰু আৱাসী কৰ্মচাৰীৰ বাবে দুটা 1বিএইচকে ইউনিট থাকিব । ইয়াত কেফেটেৰিয়া, অভ্যৰ্থনা আৰু লাউঞ্জ, পাকঘৰ, সাধাৰণ শৌচালয়, গাড়ী পাৰ্কিং, যাত্ৰীবাহী লিফ্ট আৰু গাড়ী লিফ্টৰ দৰে সুবিধা থাকিব । প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ তাৰিখ হৈছে মাৰ্চ 2024," শৰ্মাই কয় ।

ৰাজ্য চৰকাৰে মুখ্য মহানগৰসমূহত নতুনকৈ কিছু সম্পত্তিৰ সৃষ্টি কৰিছে ৷ ভেলোৰ আৰু বাংগালোৰত একোটাকৈ নতুন অসম ভৱন স্থাপন কৰা হ'ব ৷ আনহাতে কলকাতাত থকা বৰ্তমানৰ অসম ভৱনটো ভাঙি তাৰ ঠাইত এটা নতুন ভৱন নিৰ্মাণ কৰা হ'ব ৷ ইতিমধ্যেই চেন্নাইত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছে (Assam house in metropolitan cities) ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অসমত আন্দোলন আৰু প্ৰতিবাদৰ দিনবোৰ এতিয়া নাইকিয়া হৈছে কিয়নো ৰাজ্যখনত পথ, উৰণীয়া সেঁতু আৰু দলঙৰ দৰে কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ হৈ উঠিছে আৰু বহু প্ৰকল্পৰ নিৰ্মাণৰ বিভিন্ন পৰ্যায়ৰ অধীনত আছে । তেওঁ কয় যে চৰকাৰে ২৪ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছে যাৰ ভিতৰত ১২ খন ইতিমধ্যে সম্পূৰ্ণ হৈছে ।

আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শৰ্মাৰ মন্ত্ৰীসভাৰ সহকৰ্মী তথা ৰাজ্যিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জয়ন্ত মল্লা বৰুৱা, সাংসদ কুইন ওজা আৰু পাবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে । লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং, বিশেষ প্ৰধান আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশী, বিশেষ আয়ুক্ত আৰু বিশেষ সচিব, পিডব্লিউডি, ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ চক্ৰৱৰ্তী আৰু জিএডিৰ প্ৰধান সচিব অবিনাশ যোশীও উপস্থিত থাকে ।

লগতে পঢ়ক : Rahul Gandhi vacates official bungalow: অৱশেষত চৰকাৰী বাসগৃহ এৰিলে ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.