ETV Bharat / bharat

Rahul Gandhi vacates official bungalow: অৱশেষত চৰকাৰী বাসগৃহ এৰিলে ৰাহুল গান্ধীয়ে

author img

By

Published : Apr 22, 2023, 9:00 PM IST

চৰকাৰী বাসগৃহ এৰি মাতৃ গৃহলৈ খোজ ল’লে সদ্য সম্প্ৰসাৰিত সাংসদ ৰাহুল গান্ধীয়ে ৷ তাৰ পিচতেই ২২ এপ্ৰিলৰ ভিতৰত ৰাহুল গান্ধীয়ে বাস কৰা চৰকাৰী বাসগৃহটো খালী কৰিবলৈ আহ্বান জনাইছিল (Tughlaq Lane bungalow in New Delhi) ৷

Rahul Gandhi vacates official bungalow after disqualification as MP
সাংসদ পদ খাৰিজৰ পিচতেই চৰকাৰী বাসগৃহ এৰিলে ৰাহুল গান্ধীয়ে

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: মানহানিৰ গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ খাৰিজ হোৱাৰ পিচত অৱশেষত চৰকাৰী বাসগৃহ এৰিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi vacates official bungalow) ৷ সূত্ৰ অনুসৰি, ইতিমধ্যে ৰাহুল গান্ধীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা 10 নং জনপথত থকা মাতৃ ছোনিয়া গান্ধীৰ বাসগৃহলৈ সামগ্ৰীসমূহ লৈ স্থানান্তৰিত হৈছে (Rahul Gandhi vacates official bungalow in Delhi)৷ এখন ট্ৰাকে তেওঁৰ সামগ্ৰীসমূহ লৈ ভৱনটোৰ পৰা ওলাই যোৱা পৰিলক্ষিত কৰিছিল ৰাহুলক ৷ প্ৰায় দুটা দশক ধৰি ৰাহুল গান্ধীয়ে চৰকাৰী বাংলোটোত বসবাস কৰি আহিছিল (a month after his disqualification as an MP )৷

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে "মোডী উপাধি"ক লৈ কৰা এটা মন্তব্যৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচতে তেওঁৰ সাংসদ পদ খাৰিজ কৰা হৈছিল (Tughlaq Lane bungalow ) ৷ তাৰ পিচতেই ২২ এপ্ৰিলৰ ভিতৰত ৰাহুল গান্ধীক বাস কৰা চৰকাৰী বাসগৃহটো খালী কৰিবলৈ আহ্বান জনোৱা হৈছিল (Tughlaq Lane bungalow in New Delhi )৷ গান্ধীয়ে প্ৰথমে ১৪ এপ্ৰিলত তেওঁৰ কাৰ্যালয় আৰু কিছু ব্যক্তিগত সামগ্ৰী বাংলোৰ পৰা স্থানান্তৰ কৰিছিল ৷ আজি অৰ্থাৎ শনিবাৰে ৰাহুল গান্ধীয়ে বাসগৃহটোৰ পৰা সকলো সা-সামগ্ৰী লৈ ছোনিয়া গান্ধীৰ বাসগৃহলৈ স্থানান্তৰিত হয় ৷

  • Today @RahulGandhi vacates his home at TughlaqLane in response to the LokSabha Secretariat’s order. The Court gave him 30 days to appeal &the HC or SC could still reinstate him, but his exemplary gesture to move out shows his respect for the rules. #Respect #MeraGharAapkaGhar

    — Shashi Tharoor (@ShashiTharoor) April 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই খবৰ প্ৰকাশ হোৱাৰ পিচতে টুইটাৰত ৰাহুল গান্ধীৰ সমৰ্থনত একাংশ সমৰ্থকে যুৱনেতা ৰাহুল গান্ধী কাৰোবাৰ বাবে তেওঁলোকৰ পুত্ৰ, কিছুলোকৰ ভাতৃ, কিছুলোকৰ বাবে নেতা বুলি টুইট কৰে (Rahul Gandhi disqualification as MP) ৷ ৰাহুল সকলোৰে আৰু সকলোৱেই ৰাহুলৰ । ৰাহুলজী, মোৰ ঘৰ-আপোনাৰ ঘৰ বুলি উল্লেখ কৰি কংগ্ৰেছৰ নেতা কৰ্মীসকলে #MeraGharAapkaGhar হেজটেগ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত তোলপাৰ লগায় ৷

AICC ৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয়, "তেওঁলোকে আপোনাক এটা ঘৰৰ পৰা উলিয়াই পঠাব পাৰে, কিন্তু আমাৰ সকলোৰে ঘৰে ঘৰে, হৃদয়ত আপোনাৰ স্থান তেনেদৰেই থাকিব ৷ আপুনি জনসাধাৰণৰ হকে মাত মতা আৰু সত্যৰ পক্ষে থিয় দিয়াত পিচুৱাই নাহিব ৷"

কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে, ৰাহুল গান্ধী পদটোৰ বিষয়ে বা চৰকাৰী গৃহৰ বিষয়ে আমি চিন্তিত নহয় । ইমানবোৰ বিপদে তেওঁৰ পথ ৰোধ কৰিবলৈ চেষ্টা কৰাৰ পিচতো, তেওঁ নিজৰ নীতিৰ সৈতে আপোচ কৰা নাছিল ।

দলৰ সাংসদ শশী থাৰুৱে কয়, "আজি ৰাহুল গান্ধীয়ে লোকসভা সচিবালয়ৰ নিৰ্দেশনানুসৰি তুঘলক লেনত থকা তেওঁৰ চৰকাৰী বাসগৃহ খালী কৰে । ন্যায়ালয়ে তেওঁক আপীল কৰিবলৈ ৩০ দিন সময় দিছিল, কিন্তু তেওঁৰ দৃষ্টান্তমূলক আদৰ্শই নীতি-নিয়মৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, ২০০৪ চনত ৰাহুল গান্ধীয়ে প্ৰথমে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিচতেই চৰকাৰী বাসগৃহটো ৰাহুল গান্ধীক আৱণ্টন কৰা হৈছিল ৷ ৰাহুল গান্ধীয়ে ২০১৯ চনলৈকে লোকসভাত উত্তৰ প্ৰদেশৰ আমেঠি সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৷ 2019 ৰ লোকসভা নিৰ্বাচনত আমেঠিৰ লগতে কেৰালাৰ ৱায়ানাডৰ পৰা পৰাও তেওঁ প্ৰতিদ্বন্দিতা আগ বঢ়াইছিল ৷ আমেঠিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ৱায়নাডৰ পৰা তেওঁ জয়লাভ কৰে ৷

যোৱা ২৮ মাৰ্চত, ৰাহুল গান্ধীয়ে লিখিতভাৱে জনায় যে ২০০৪ চনৰ পৰা বাস কৰি অহা এই বাসগৃহটোত তেওঁৰ বহুতো স্মৃতি জড়িত হৈ আছে ৷ কিন্তু তেওঁ নীতি-নিয়ম মানি চলি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Death threat letter to PM: প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি পত্ৰ ; কেৰালাত হাহাকাৰ

ইফালে কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছিল যে, ৰাহুল গান্ধীক বিজেপিয়ে লক্ষ্য কৰি লৈছে ৷ কাৰণ তেওঁ প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানিৰ মাজত থকা সম্পৰ্কৰ সন্দৰ্ভত তদন্তৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.