ETV Bharat / bharat

Death threat letter to PM: প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি পত্ৰ ; কেৰালাত হাহাকাৰ

author img

By

Published : Apr 22, 2023, 11:30 AM IST

কেৰালাৰ বিজেপি কাৰ্যালয়লৈ প্ৰেৰণ মৃত্যুৰ ভাবুকি পত্ৰ (Death threat letter to Kerala BJP office)। আত্মঘাতী আক্ৰমণৰ ভাবুকি । ২৪ এপ্ৰিলত কেৰালাত প্ৰধানমন্ত্ৰী উপস্থিত হোৱাৰ কথা । প্ৰধানমন্ত্ৰীক কোনে দিলে এই ভাবুকি ?

Death threat letter to Kerala BJP office
প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি পত্ৰ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল : দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২৪ এপ্ৰিলত কেৰালাত উপস্থিত হ'ব (PM Modi to visit Kerala)। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি । কেৰালাৰ ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ প্ৰেৰণ কৰিলে এই ভাবুকি পত্ৰ । লগে লগে আৰক্ষী আৰু চোৰাংচোৱাৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি দিয়া পত্ৰখন লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনী বিষয়টোৰ তদন্তত জড়িত হৈ পৰিছে (Death threat letter against PM Modi)।

বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ কেৰালা ভ্ৰমণৰ সময়ত এক আত্মঘাতী আক্ৰমণ কৰা হ'ব । পত্ৰখন এৰ্নাকুলামৰ স্থানীয় বাসিন্দা যোচেফ জন নাডুমুথামিলৰ নামত আহিছে । ইতিমধ্যে আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীত বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তাৰ প্ৰাকক্ষণত এনেদৰে প্ৰধানমন্ত্ৰীক আক্ৰমণৰ ভাবুকি প্ৰদানৰ লগে লগে ৰাজ্যখনত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে । আৰক্ষী সূত্ৰই কোৱা মতে পত্ৰখন এসপ্তাহ পূৰ্বে বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়লৈ আহিছিল (Kerala BJP office got death threat letter)। বিজেপিৰ ৰাজ্যিক নেতৃত্বই পত্ৰখন লগে লগে কেৰালা আৰক্ষী প্ৰধানক হস্তান্তৰ কৰে । কিন্তু ঘটনাটো শনিবাৰে পুৱা পোহৰলৈ আহিছে । অৱশ্যে আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই শীঘ্ৰেই ইয়াৰ তদন্ত আৰম্ভ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত কোচি নৌ বিমানবন্দৰত উপস্থিত হ'ব । তেওঁ মধ্য প্ৰদেশৰ পৰা এখন বিশেষ বায়ু সেনাৰ বিমানেৰে আহিব । তাৰ পাচতে তেওঁ কেৰালাত বিজেপিৰ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । ইয়াৰ পাচত তেওঁ থেভাৰা চেক্ৰেড হাৰ্ট কলেজ খেলপথাৰত বিজেপিৰ যুৱ সংগঠনসমূহৰ দ্বাৰা আয়োজিত 'যুৱম' নামৰ এক সন্মিলন উদ্বোধন কৰিব ।

তাৰ পাচত তেওঁ ৭.৪৫ বজাত তাজ মালাবাৰ হোটেল লৈ যাব আৰু তাত নিশা কটাব । পিচদিনা অৰ্থাৎ ২৫ এপ্ৰিলৰ পুৱা তেওঁ কোচিৰ পৰা পুৱা ৯.২৫ বজাত ৰাওনা হ'ব আৰু পুৱা ১০.১৫ বজাত তিৰুৱন্তপুৰম বিমানবন্দৰত উপস্থিত হ'ব । তাৰ পাচত তেওঁ পুৱা ১০.৩০ বজাৰ ভিতৰত কেন্দ্ৰীয় ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব । ২০ মিনিটৰ এই কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাত কেন্দ্ৰীয় ষ্টেডিয়ামত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব ।

তেওঁ ৰে'লৱেৰ ৪ টা প্ৰকল্প, টেকনো চিটিৰ আধাৰশিলা আৰু কোচি ৱাটাৰ মেট্ৰ'ৰ উদ্বোধন কৰিব । ৰাজহুৱা সভাৰ অন্তত তেওঁ দুপৰীয়া ১২.৪০ বজাত গুজৰাটৰ চুৰাটলৈ ৰাওনা হ'ব ।

লগতে পঢ়ক :Satyapal Malik Summoned: চিবিআয়ে চমন জাৰি কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.