ETV Bharat / state

Cross Voting in President Election: গাড্ডাৰৰ তালিকা লৈ দিল্লীলৈ উৰা মাৰিল ভূপেন বৰা

author img

By

Published : Jul 26, 2022, 10:16 PM IST

ক্ৰছ ভোটিং তথা গাড্ডাৰী কৰা দলৰ ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora)। ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক । হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে ।

Cross Voting in President Election
গাড্ডাৰৰ তালিকা লৈ দিল্লীলৈ উৰা মাৰিল ভূপেন বৰা

গুৱাহাটী, ২৬ জুলাই: ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰিলে ক্ৰছ ভোটিং ? কোনে কৰিলে নিজ দলক গাড্ডাৰী ? বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ইয়াকে লৈ চলি আছে তুমুল বিতৰ্ক । তাৰ মাজতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চিনাক্ত কৰিলে ক্ৰছ ভোটিং তথা গাড্ডাৰী কৰা দলৰ ছয় বিধায়কক । এই ছয় বিধায়কৰ তালিকা লৈ আজি দিল্লী অভিমুখে ৰাওনা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Bora)।

ৰাষ্ট্ৰপতি নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰা ছয় বিধায়কৰ তালিকা দিব কংগ্ৰেছ হাইকামাণ্ডক । হাইকামাণ্ডৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ছয় বিধায়কৰ বিৰুদ্ধে । ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ছয় বিধায়কে ক্ৰছ ভোটিং কৰিছিল তাৰ তালিকা অসম কংগ্ৰেছে প্ৰস্তুত কৰিছে যদিও নামসমূহ এতিয়াও প্ৰকাশ কৰা নাই । এই সন্দৰ্ভত আজি দিনৰ ভাগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, ক্ৰছ ভোটিং(Cross voting in president election) কৰা ছয় বিধায়কক চিনাক্ত কৰা হৈছে ।

ইতিমধ্য সকলোৱে গমেই পাইছে যে ছয়জন বিধায়কে খেলিমেলি কৰিছে । সংবাদ মাধ্যমৰ আগত এতিয়া নামকেইটা কোৱাত অসুবিধা আছে । তেওঁ কয় যে, কৰ্মৰ ফল ভোগ কৰিবই লাগিব । ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদে(MLA Rekibuddin Ahmed) কয় যে, দলক গাড্ডাৰী কৰা কংগ্ৰেছী বিধায়কক লালকিল্লা নহ’লে জজ ফিল্ডত ফাঁচী দিয়ক । বিজেপিক ভোট দিয়া কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে কঠোৰ হওক বুলি তেওঁ কয় ।

উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ২২ জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক ভোট দিছিল (Opposition vote to Droupadi Murmu)। যাক লৈ বিৰোধীৰ মাজত আৰম্ভ হৈছিল বোকা ছটিওৱাৰ ৰাজনীতি । অসমত এন ডি এৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯ জন । ইয়াৰে বিজেপিৰ ৬৩ জন, অগপৰ ৯ জন আৰু ইউ পি পি এলৰ ৭জন বিধায়ক । আনহাতে, বি পি এফৰ তিনিজন বিধায়কেও ভোট দিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীক ।

সেই অনুসৰি এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে অসমৰ মুঠ ৮২ জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছিল । কিন্তু ভোট গণনাত দেখা গ'ল যে দ্ৰৌপদী মুৰ্মুৱে অসমৰ পৰা মুঠ ১০৪ টা ভোট লাভ কৰিছে । ইফালে বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ’ল ২৭ জন । ইয়াৰে তিনিজন নিলম্বিত হৈ আছে (Suspended congress MLA of Assam)। এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক আছিল যদিও দুজনে ভোট দিয়া নাছিল ।

আনহাতে, বিধানসভাত চি পি এমৰ এজন আৰু ৰাইজৰ দলৰ এজন বিধায়ক আছে । ইয়াকে ধৰি বিৰোধীৰ শিবিৰত থকা ৪২ জন বিধায়কে ভোট দিছিল । কিন্তু বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিছিল মাত্ৰ ২০ জন বিধায়কৰ ভোটহে । কংগ্ৰেছৰ মতে তেওঁলোকৰ ছয়জন বিধায়কে ক্ৰছ ভোটিং কৰিছে আৰু তেওঁলোকক চিনাক্ত কৰা হৈছে । এতিয়া কংগ্ৰেছ হাইকামাণ্ডে সেই ছয়জন বিধায়কৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Tripura BJP political crisis: ত্ৰিপুৰাত বিজেপিৰ বিধায়কে যোগ দিব কংগ্ৰেছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.