ETV Bharat / bharat

Tripura BJP political crisis: ত্ৰিপুৰাত বিজেপিৰ বিধায়কে যোগ দিব কংগ্ৰেছত

author img

By

Published : Jul 26, 2022, 1:48 PM IST

ত্ৰিপুৰাত শীঘ্ৰেই ৰাজনৈতিক পৰিৱৰ্তন ইংগিত দিছে কংগ্ৰেছে । দলটোৱে দাবী কৰা মতে এক ডজনৰো অধিক বিজেপি বিধায়কে শীঘ্ৰেই দল ত্যাগ কৰিব(More than a dozen BJP MLAs will soon leave party in Tripura)।

Tripura Congress claimed
ত্ৰিপুৰাত বিজেপিৰ বিধায়কে যোগ দিব কংগ্ৰেছত

আগৰতলা ,২৬ জুলাই: ত্ৰিপুৰাত শীঘ্ৰেই ৰাজনৈতিক পৰিৱৰ্তন হ'ব পাৰে বুলি দাবী কৰিছে কংগ্ৰেছে । ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী বিৰজিৎ সিনহাই সোমবাৰে এইদৰে দাবী কৰি কয় যে বিজেপিৰ ডজনৰো অধিক বিধায়কে দলটোৰ সৈতে যোগাযোগ কৰি আছে (Tripura BJP political crisis)। এনে ইংগিত দি ত্ৰিপুৰাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী সিনহাই কয়,'এক ডজনৰো অধিক বিজেপি বিধায়কে শীঘ্ৰেই দল ত্যাগ কৰিব(More than a dozen BJP MLAs will soon leave party in Tripura)। তেওঁলোকে ইতিমধ্যে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে । কিয়নো তেওঁলোকে মূলসুঁতিৰ সংগঠনৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিছে আৰু সেইবাবেই তেওঁলোকে দল ত্যাগ কৰিব ।' ৰাজ্যখনৰ জনতাই শীঘ্ৰেই ত্ৰিপুৰাৰ ৰাজনৈতিক পৰিস্থিতিত ব্যাপক পৰিৱৰ্তন ঘটাব বুলিও প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় (Tripura Pradesh Congress Chief Birajit Sinha comment on bjp MLAs)।

ত্ৰিপুৰাৰ খোৱাই জিলা ভ্ৰমণৰ সময়ত সিনহাই কয় যে ১০০ বছৰতকৈও অধিক পুৰণি কংগ্ৰেছে ৰাইজৰ স্বাৰ্থৰ বাবে যুঁজ দিছে আৰু অনাগত দিনতো অব্যাহত থাকিব । তেওঁ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয় যে বিজেপিয়ে ভয় -ভীতি, শাৰীৰিক আক্ৰমণ আদি ব্যৱহাৰ কৰি কংগ্ৰেছৰ আত্মাক বাধা দিব নোৱাৰে ।

তেওঁ লগতে কয় যে বিজেপিৰ দুৰ্বৃত্তই (মটৰ চাইকেলত অহা)ৰাইজক ভাবুকি দি আছে । ইফালে, সিনহাই ভষ্মীভূত কংগ্ৰেছ ভৱনটো পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । তদুপৰি সিনহাই স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰা বুলি জানিব পৰা গৈছে l তেওঁ দলটোৰ সংগঠনৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আলোচনা কৰে ।

লগতে পঢ়ক:Fine for not wearing masks: ত্ৰিপুৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.