ETV Bharat / state

Price Hike in Assam: ছিণ্ডিকেট বন্ধ কৰিলেই দামবৃদ্ধি নিয়ন্ত্ৰণ হ’ব; মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পৰামৰ্শ

author img

By

Published : Jul 15, 2023, 6:03 PM IST

নিজৰ চিনেমাৰ নিজেই অভিনেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ দামবৃদ্ধি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শও দিলে ভূপেন বৰাই ৷

Price Hike in Assam
Price Hike in Assam

ছিণ্ডিকেট বন্ধ কৰিলেই দামবৃদ্ধি নিয়ন্ত্ৰণ হ’ব

গুৱাহাটী,১৫ জুলাই: ছিণ্ডিকেট বন্ধ হ'লেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হ'ব ৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শনিবাৰে মূল্যবৃদ্ধিৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

তেওঁ ছিণ্ডিকেট বন্ধ কৰিম বুলি মুখ্যমন্ত্ৰীক মা কামাখ্যা মন্দিৰ নতুবা বটদ্ৰৱা থানত শপত খোৱাৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে এনে কৰিলে মূল্যবৃদ্ধি নিজে নিজেই ৰোধ হ'ব বুলি তেওঁ কয় । এইটো তেওঁৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰথম ফৰ্মুলা বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীক সৎ সাহস আছে যদি শীঘ্ৰেই এই কাম কৰাৰ বাবে আহ্বান জনায় ।

আগলৈয়ো এনেদৰে আৰু দুটা পৰামৰ্শ আগবঢ়াব বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা অসমৰ ৰাইজে যথেষ্ট সকাহ পাব । লগতে মুখ্যমন্ত্ৰীৰ নিজৰো লাভ হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ছিণ্ডিকেটৰ বাবেই কংগ্ৰেছ ডুবিছিল আৰু কংগ্ৰেছৰ বহুত বদনাম হৈছিল ।

আনহাতে মুখ্যমন্ত্ৰীক ধৰ্মভীৰু আখ্যা দি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ধৰ্মক ভয় কৰে আৰু সেয়ে শপত ল'লে ছিণ্ডিকেট বন্ধ হ'ব । লোকসভা নিৰ্বাচনক লৈ বিৰোধী ঐক্যমঞ্চৰ ৰণ কৌশল সন্দৰ্ভত কৰা প্ৰশ্ন উত্তৰত তেওঁ কয় যে তেওঁলোকৰ লক্ষ্য হৈছে কেনেদৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰি । নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিদৰে পৰিকল্পনা কৰিব পাৰি, বান-খহনীয়াত আক্ৰান্ত লোকক কিদৰে সহায় কৰিব পাৰি তাক লৈ তেওঁলোক চিন্তিত বুলি তেওঁ কয় ।

আনহাতে সাংসদ বদৰুদ্দিন আজমলৰ প্ৰসংগত তেওঁ মুখ্যমন্ত্ৰীক সাঙুৰি কয় যে অসমত এখন চিনেমা চলি আছে । যিখন চিনেমাৰ ডিৰেক্টৰ, প্ৰডিউচাৰ, এক্টৰ, স্ক্ৰিপ্ট ৰাইটাৰ এজনেই । চিনেমাখনৰ অভিনেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই আৰু সহ-অভিনেতা বদৰুদ্দিন আজমল । গতিকে সহ-অভিনেতাৰ কথা পাতি লাভ নাই, চিনেমাখন চালেই হ'ল বুলি তেওঁ কয় ।

লগতে পঢ়ক:Miya Controversy: মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পুত্ৰক বিলাহী খেতি কৰাৰ পৰামৰ্শ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ
লগতে পঢ়ক: Constituency Delimitation: আছুৰ কথাৰ কোনো মূল্য নাই; ড৹ হীৰেণ গোহাঁই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.