ETV Bharat / state

Ankita Dutta row: বিজেপি আৰু আৰ এছ এছৰ চক্ৰবেহুত সোমাইছে অংকিতা; ভূপেন বৰাৰ অনুভৱ

author img

By

Published : Apr 20, 2023, 7:27 PM IST

বিষয়টো মীমাংসা কৰা হ’ব বুলি কোৱাৰ পাচতো অংকিতা দত্তই গোচৰ দিয়াক লৈ ক্ষোভিত ভূপেন বৰা । বিজেপি আৰু আৰ এছ এছৰ চক্ৰবেহুত অংকিতা দত্ত সোমাইছে বুলি ক্ষোভ প্ৰকাশ বৰাৰ ৷ অংকিতা দত্তৰ বিৰুদ্ধে লোৱা হ'ব অনুশাসনমূলক ব্যৱস্থা (Bhupen Bora react on Ankita Dutta)।

Bhupen Bora react on Ankita Dutta
অংকিতা দত্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভূপেন বৰাৰ

অংকিতা দত্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভূপেন বৰাৰ

গুৱাহাটী, ২০ এপ্ৰিল: প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে এক নতুন দিশত গতি লাভ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাকো উলংঘা কৰি বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দাখিল কৰে অংকিতা দত্তই । যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (Bhupen Bora react on Ankita Dutta )।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় যে বিষয়টো মীমাংসা কৰিম বুলি কোৱাৰ পাচতো অংকিতা দত্তই গোচৰ তৰিলে । তেওঁ লগতে কয় যে, আইনী ব্যৱস্থাটোৰ ক্ষেত্রত মতামত দিয়াটো উচিত নহ'ব । ন্যায়ালয়ৰ ক্ষেত্রত কংগ্ৰেছ সদায় শ্ৰদ্ধাশীল । পুলিচে কৰা নিৰপেক্ষ তদন্তত কংগ্ৰেছে সহযোগিতা কৰিব । থানাত কি ধৰণৰ গোচৰ ৰুজু হৈছে সেই বিষয়ে আমি অৱগত নহয় (Ankita Dutta accuses Srinivas BV of harassment) ৷

অংকিতা দত্তই তেওঁৰ কথা অমান্য কৰিলে বুলি উল্লেখ কৰি ভূপেন বৰাই কয়, ‘‘টুইটাৰত দেখাৰ পাছত ৰাজ্যিক সভাপতি হিচাপে অংকিতা দত্তক মাতি আনি কথাখিনি জানি তেওঁক কিছুমান কথা কৈছিলো । কি কথা কৈছিলো সেয়া অংকিতা দত্তই ক'ব’’ ।

আনহাতে, অংকিতা দত্তই বিষয়টো ৰাহুল গান্ধীক জনোৱা বুলি কোৱাৰ প্ৰসংগত ভূপেন বৰাই কয়, ‘‘সেইটো আমাৰ দলীয় প্ৰক্ৰিয়া নহয় । নেতা হিচাপে ৰাহুল গান্ধীক অংকিতা দত্তই জনাব পাৰে । কিন্তু দলৰ সভাপতি হৈছে মল্লিকাৰ্জুন খাৰ্গে । অসমত খাৰ্গেৰ প্ৰতিনিধি হৈছে জীতেন্দ্ৰ সিং আৰু ভূপেন বৰা । অংকিতা দত্ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য আৰু জনাব লাগিব মল্লিকাৰ্জুন খাৰ্গেক । কিন্তু অংকিতা দত্তই জনাইছে নাই নাজানো’’ ।

তাৎপৰ্যপূৰ্ণভাৱে সভাপতি বৰাই কয় যে অংকিতা চক্ৰবেহুত সোমাই পৰিছে । বিজেপি আৰু আৰ এছ এছৰ ষড়যন্ত্রৰ চক্ৰবেহুত সোমাই পৰিছে অংকিতা । এই চক্ৰবেহুটো যুটীয়াভাৱে বনোৱা হৈছে ৷ ইয়াত অদৃশ্যমান হৈ আছে বিজেপি আৰু আৰ এছ এছ আৰু দৃশ্যমান হৈ আছে দুই-এজন কংগ্ৰেছী । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেচটো আমাক দিলে চাম বুলি কোৱাৰ পাছতে অংকিতা দত্তই দিছপুৰ থানাত গোচৰ দিলে বুলিও তেওঁ কয় (Bhupen Bora on Ankita Dutta row)।

এই সন্দৰ্ভত অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰাৰ বাবে দায়িত্ব দিয়া হৈছে । অংকিতা দত্ত এ আই চি চিৰ সদস্য । গতিকে এ আই চি চিৰ মতামত লৈ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

আনহাতে অংকিতা দত্তই কংগ্ৰেছ ত্যাগ কৰিলে কংগ্ৰেছৰ ক্ষতি হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আমগুৰি সমষ্টিৰ ৰাইজৰ অনুভৱ বুজিবৰ বাবে কাইলৈ প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে আমগুৰি সমষ্টি ভ্ৰমণ কৰিব। ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক এটা দল বনাবলৈ কোৱা হৈছে । ৰ'জলীনা তিৰ্কীয়ে দলটোৰ নেতৃত্ব ল'ব । ইফালে অংকিতা দত্তই বিজেপিলৈ যোৱাৰ বাবে এনে পৰিৱেশ ৰচনা কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই প্ৰসংগটো সৰ্বত্র চৰ্চা হৈছে ।

লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত সভাপতি ভূপেন বৰাই কয় যে, কংগ্ৰেছ বিধায়িনী দল ২৪ জনীয়া বুলি কোৱাটো ভুল । কংগ্ৰেছ বিধায়িনী দল প্ৰকৃততে ২৫ জনীয়া আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চি এল পিৰ সদস্য । মুখ্যমন্ত্রীকলৈ কংগ্ৰেছ বিধায়িনী দলৰ সদস্য সংখ্যা ২৫ জনীয়া । চি এল পিৰ মিটিঙলৈ নাহিলেও মুখ্যমন্ত্রী কংগ্ৰেছ বিধায়িনী দলৰ এগৰাকী অন্যতম সদস্য। বিধায়িনী দলত মুখ্যমন্ত্রী শাৰীৰিকভাৱে উপস্থিত নাই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ বিধায়িনী দলৰ ২৫ নম্বৰ সদস্য বাবেই বিধায়িনী দলৰ সকলো কথা গম পায় (Ankita Dutta alleged Srinivas BV of sexism) ৷

কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, অংকিতা দত্তক যেতিয়া অসম আৰক্ষীৰৰ জোৱানে ৰাজপথত টানি চোঁচৰাই নিছিল তেতিয়া কিন্তু মুখ্যমন্ত্রীৰ অসমীয়া জীয়ৰীৰ আত্মসন্মানৰ কথা মনলৈ অহা নাছিল । আনহাতে দেউতাকৰ এটা পুৰণি গোচৰত অংকিতা দত্তক চি বি আয়ে কৰা মানসিক হাৰাশাস্তিৰ ক্ষেত্রত কিন্তু মুখ্যমন্ত্রী মৌন । তেতিয়া অসমীয়া জীয়ৰীৰ কথা মনলৈ কিয় নাহে বুলি তেওঁ প্ৰশ্ন কৰে (Bhupen Bora slams CM Himanta Biswa Sarma) ।

লগতে পঢ়ক: Amrit pal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত দলজিৎ সিং কালচিৰ পৰিয়ালৰ লোক

ইফালে ড৹ অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছে । অতি কম সময়ৰ ভিতৰতে উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছে । উল্লেখ্য যে, যথোচিত উত্তৰ নাপালে কংগ্রেছৰ পৰা অংকিতা দত্তক বহিষ্কাৰ কৰাৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.