ETV Bharat / state

Amrit pal Singh updates: ডিব্ৰুগড় কাৰাগাৰত উপস্থিত দলজিৎ সিং কালচিৰ পৰিয়ালৰ লোক

author img

By

Published : Apr 20, 2023, 4:30 PM IST

Khalistani leader Family in Dibrugarh
ডিব্ৰুগড় কাৰাগাৰত উপস্থিত দলজিৎ সিং কালচিৰ পৰিয়ালৰ লোক

কাৰাৰুদ্ধ হৈ থকা খালিস্তানি নেতা দলজিৎ সিং কালচিক সাক্ষাৎ কৰিবলৈ কাৰাগাৰত উপস্থিত হৈছে কালচিৰ পত্নী নৰিন্দৰ কৌৰৰ (নিৰু কালচি) লগতে আন এজন সদস্য (Khalistani leader Family in Dibrugarh) ৷

ডিব্ৰুগড় কাৰাগাৰত উপস্থিত দলজিৎ সিং কালচিৰ পৰিয়ালৰ লোক

মৰাণ, 20 এপ্ৰিল : খালিস্তান পন্থী সংগঠন ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিঙৰ সৰ্বমুঠ ৯ জন সহযোগীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে (Amrit pal Singh updates) ৷ বৃহস্পতিবাৰে কাৰাৰুদ্ধ হৈ থকা খালিস্তানী নেতা দলজিৎ সিং কালচিৰ পৰিয়ালৰ সদস্যসকল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় (Khalistani leader Family in Dibrugarh)।

বিশেষ সূত্ৰ অনুসৰি, দলজিৎ সিং কালচিৰ পত্নী নৰিন্দৰ কৌৰ (নিৰু কালচি)ৰ লগতে আন এজন সদস্য ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছে ৷ দলজিৎ সিং কালচিৰ পৰিয়ালক কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ পাচত কাৰাগাৰৰ ভিতৰত বহু সময় কটাই তেওঁলোকে । খালিস্তানি নেতাজনক আৰক্ষীয়ে সাক্ষাৎ কৰিবলৈ সুবিধা দিলে নে নাই সেই কথা এই মুহূৰ্ততলৈকে স্পষ্ট হোৱা নাই ।

জানিব পৰা অনুসৰি ডিব্ৰুগড়ৰ মনোহৰী ৰিজৰ্টত বাহৰ পাতিছে দলজিৎ সিং কালচিৰ পৰিয়ালৰ সদস্যসকলে । উল্লেখযোগ্য যে, পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠন ৱাৰিছ পঞ্জাৱ দেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ সহযোগীক ডিব্ৰুগড় কাৰাগাৰলৈ অনাৰ পাছতে এতিয়া দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰ হৈ পৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ (Waris Punjab De chief Amritpal Singh)। এই নেতাসকলক কিয় ডিব্ৰুগড়লৈ লৈ অনা হ'ল সেই কথা আজিও ৰসহ্যৰ মাজত আছে যদিও খালিস্তানি নেতাসকলৰ নিৰাপত্তাত অলপো ক্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে (Khalistani leaders in Dibrugarh Jail)।

এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানি নেতাসকলে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেলত ৰখা হৈছে খালিস্তানি নেতাসকলক । ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: Amrit pal Singh updates : অমৃতপাল সিং নহয়, অমৃতপাল সিঙৰ ৪ সহযোগীহে আছে ডিব্ৰুগড় কাৰাগাৰত

যোৱা 19 মাৰ্চত পঞ্জাৱৰ পৰা বায়ু সেনাৰ বিশেষ বিমানযোগে ডিব্ৰুগড়লৈ অনা হৈছিল পাঞ্জাৱৰ ৱাৰিছ দে পাঞ্জাৱ নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ ৪ সহযোগীক (4 Amritpal Singh associates taken to jail in Assam)। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত খালিস্তানি নেতা অমিতপাল সিঙৰ সহযোগী ক্ৰমে দলজিৎ সিং কালচি, ভগৱন্ত সিং, গুৰমিত সিং আৰু প্ৰধানমন্ত্ৰী বাজেকাক পৃথকে পৃথকে ৰখা হৈছে বুলি জানিব পৰা গৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.