ETV Bharat / state

Amrit pal Singh updates : অমৃতপাল সিং নহয়, অমৃতপাল সিঙৰ ৪ সহযোগীহে আছে ডিব্ৰুগড় কাৰাগাৰত

author img

By

Published : Mar 20, 2023, 10:51 PM IST

দেওবাৰে অনা হ’ল ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙৰ ৪ সহযোগীক (4 Amritpal Singh associates taken to jail in Assam) ৷ সেনা কামাণ্ডোৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাত ৰখা হৈছে অমিত পাল সিঙৰ চাৰি সহযোগী ৷

Amrit pal Singh updates
ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙৰ ৪ সহযোগীক

ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ’ল অমৃতপাল সিঙৰ ৪ সহযোগীক

ডিব্ৰুগড়, 20 মাৰ্চ : পাঞ্জাৱৰ ৱাৰিছ দে পাঞ্জাৱ নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ ৪ সহযোগীক দেওবাৰে অনা হ’ল ডিব্ৰুগড় কাৰাগাৰলৈ (4 Amritpal Singh associates taken to jail in Assam)। পঞ্জাৱৰ পৰা বায়ু সেনাৰ বিশেষ বিমানযোগে ডিব্ৰুগড়লৈ অনা হৈছে এই কেইজন কাৰাবন্দীক। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত খালিস্তানি নেতা অমিতপাল সিঙৰ সহযোগী ক্ৰমে দলজিৎ সিং কালচি, ভগৱন্ত সিং, গুৰমিত সিং আৰু প্ৰধানমন্ত্ৰী বাজেকাক পৃথকে পৃথকে ৰাখিছে ।

এই চাৰিজন ব্যক্তিক পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া এটা দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থৈ ইতিমধ্যে ঘূৰি যায় পাঞ্জাৱলৈ । ডিব্ৰুগড়লৈ এই চাৰি অমৃতপাল সিঙৰ সহযোগীক অনাৰ পাচতে ৰাজ্যৰ লগতে দেশতে সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । কিয় হঠাৎ পাঞ্জাৱৰ পৰা এই চাৰি খালিস্তানি নেতাক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হ’ল সেই কথাও স্পষ্ট নহয় আজিও ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনিব আৰু কেইবাজনো অমৃতপাল সিঙৰ সহযোগীক । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ ব্যৱস্থা ইতিমধ্য কৰিছে বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ ছেল প্ৰস্তুত কৰা হৈছে সেই সকল খালিস্তানি নেতাৰ বাবে (Four Amritpal Singh Aides In Assam Jail)।

লগতে পঢ়ক : Amritpal Singh updates: পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে অমৃতপাল সিঙক; ইমান সিং খাৰাৰ দাবী

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে পহৰাৰ ব্যৱস্থা কৰিছে । কটকটীয়া নিৰপাত্তা গঢ়ি তোলা হৈছে কাৰাগাৰৰ চাৰিওদিশে । পূৰ্বৰ দৰে সাধাৰণ লোকে কাৰাগাৰলৈ অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰে এতিয়া ডিব্ৰুগড় কাৰাগাৰলৈ ।

ডিব্ৰুগড়লৈ কিয় এইসকল খালিস্তানি নেতাক অহা হ’ল সেই সম্পৰ্কত আজিও ডিব্ৰুগড় প্ৰশাসন নতুবা অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ কথা ৰাজহুৱা কৰা নাই । কিন্তু দেওবাৰে ধাৰণা কৰা হৈছিল ৱাৰিছ দে পাঞ্জাৱ নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙক আটক কৰি গোপনে ডিব্ৰুগড়লৈ অনা হৈছে । কিন্তু এটা কথা আজি দিনটোত স্পষ্ট হ’ল অমৃতপাল সিঙক নহয় তেওঁৰ চাৰি সহযোগীকহে ডিব্ৰুগড়ৰ জিলা কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : Punjab police manhunt operation : অমৃতপাল সিঙৰ সমৰ্থনত টুইট কৰাৰ বাবেই বন্ধ হ’ব সাংসদ চিমৰণজিৎ সিঙৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.