ETV Bharat / politics

ছিকিমত এছকেএমৰ বৃহৎ জয়, পুনৰ শাসনৰ গাদীত বহিব প্ৰেম সিং তামাং ! - Sikkim Assembly election results

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 5:05 PM IST

Sikkim Assembly election results: ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা । ৩২ খন আসনৰ ভিতৰত ৩১ খন আসনে লাভ কৰিলে ছিকিম ক্ৰান্তিকাৰী মৰ্চাই । মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ বিজয় ।

Sikkim Assembly election results
ছিকিমত এছকেএমৰ বৃহৎ জয় (ETV Bharat)

তেজপুৰ, ২ জুন : ৪ জুনত দেশত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । তাৰ পূৰ্বে দেওবাৰে ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় । ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছকেএম) দলে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । ইফালে এছকেএমৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে । এছকেএম দলৰ হৈ তেওঁ ৰেহনক-১৯ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । তেওঁ মুঠ ১০,০৯৪ টা ভোট লাভ কৰে ।

২০১৯ চনৰ পৰা তেওঁ ছিকিমৰ মুখ্যমন্ত্ৰীৰ আসনত আছে । উল্লেখ্য যে ৫৬ বছৰীয়া তামাঙ এগৰাকী দক্ষ নেতা । তেওঁ ২০১৯ চনৰ পৰা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু এজন দক্ষ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । ১৯৯৪ চনৰ পৰা ২০০৯ চনলৈকে চাকুং জিলাত তেওঁ শিক্ষকতা কৰিছিল । ছিকিম ক্ৰান্তিকাৰি মৰ্চা দল গঠন কৰাৰ পূৰ্বে তেওঁ ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট (এছ ডি এফ) পাৰ্টী এজন গুৰুত্বপূৰ্ণ সদস্য আছিল ।

আনহাতে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও দুয়োটা সমষ্টিতে তেওঁ পৰাজিত হয় । তামাঙে নিৰ্বাচনত জয়ী হৈ দলীয় কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ছিকিমৰ মুঠ ৩২ খন আসনৰ ভিতৰত বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ মাত্ৰ ১৭ খন আসনৰ প্ৰয়োজন যদিও ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১ খন আসনে লাভ কৰিবলৈ সক্ষম হয় । এই বৃহৎ জয়ৰ লগে লগে ছিকিমত এছকেএমৰ কৰ্মী তথা সমৰ্থকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :এগজিট প’লে যিয়েই নকওক ফলাফল ভাল হ’ব বুলি আশাবাদী ভূপেন বৰা - Lok Sabha Election 2024 Results

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.