ETV Bharat / bharat

Amritpal Singh updates: পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে অমৃতপাল সিঙক; ইমান সিং খাৰাৰ দাবী

author img

By

Published : Mar 20, 2023, 7:05 AM IST

Amritpal Singh declared fugitive
Amritpal Singh updates

পলাতক খালিস্তানী সমৰ্থক নেতা অমৃতপল সিঙক শ্বাহকোট থানাত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি দেওবাৰে দাবী কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ আইনী উপদেষ্টা ইমান সিং খাৰাই (Amritpal Singh declared fugitive) ।

নিউজ ডেস্ক, 20 মাৰ্চ: সম্প্ৰতি সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ আত্মগোপনৰ বিষয়টো ৷ পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং এতিয়াও পলাতক হৈ আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি কোৱাৰ পিচতো ৱাৰিছ পঞ্জাৱ দেৰ আইনী উপদেষ্টা ইমান সিং খাৰাই দাবী কৰিছে যে খালিস্তানৰ সমৰ্থকজনক শ্বাহকোট থানাত গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে অমৃতপাল সিঙক “ভুৱা এনকাউণ্টাৰ”ত হত্যা কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে (Amritpal Singh absconded) ।

অমৃতপাল সিঙৰ জীৱনলৈ ভাবুকি অহা বুলি উদ্ধৃতি দি অধিবক্তা খাৰাই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপি লেখ আবেদন দাখিল কৰিছে । তেওঁ সংবাদ সংস্থা এ এন আইক কয়, ‘‘আজি মই পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অপৰাধমূলক লেখ আবেদন (ইমান সিং খাৰা বনাম পঞ্জাৱ ৰাজ্য) দাখিল কৰিছো । এয়া হাবিয়াছ কৰ্পাছৰ লেখ আবেদন ।’’ (Amritpal Singh latest news)

অধিবক্তা খাৰাই লগতে কয় যে, ‘‘ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি যিটো হৈছে জীৱনৰ অধিকাৰ ৷ আদালতৰ যথাযথ পদ্ধতি অবিহনে আৰক্ষীয়ে কাকো প্ৰহাৰ কৰিব নোৱাৰে । এই আৱেদনত আমি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন জনাইছো যে, অমৃতপাল সিঙৰ জীৱনলৈ ভাবুকি আহিছে আৰু তেওঁক শ্বাহকোট থানাত গ্ৰেপ্তাৰ কৰা হৈছে ।’’(Amritpal Singh updates)

লগতে পঢ়ক: Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

অধিবক্তাগৰাকীয়ে পুনৰ অভিযোগ কৰে যে, ২৪ ঘণ্টাৰ ভিতৰত এজন ব্যক্তিক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাৰ দায়িত্ব থকাৰ পিচতো আৰক্ষীয়ে তেওঁক হাজিৰ কৰা নাই ৷ তেওঁ আৰু অভিযোগ কৰে যে, আৰক্ষীৰ দুৰ্নীতিপৰায়ণ উদ্দেশ্য আছে । ইয়াৰ পূৰ্বে অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে জনোৱা মতে, ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বীজনে এতিয়াও পলায়ন কৰি আছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে (Punjab police hunt Amritpal Singh) ।

পঞ্জাৱ আৰক্ষীয়ে জনোৱা মতে, "ৱাৰিছ পঞ্জাব দেৰ সমৰ্থক আৰু ৰাজ্যখনৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা ব্যক্তিৰ বিৰুদ্ধে চলি থকা অভিযানৰ সময়ত দেওবাৰে সমগ্ৰ ৰাজ্যতে আৰু ৩৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে মুঠ ১১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।" (Khalistan supporters arrested in Punjab)

ইয়াৰ বিপৰীতে অধিবক্তা খাৰাই কয়, “পুলিচে তেওঁক ভুৱা এনকাউণ্টাৰত হত্যা কৰিব পাৰে আৰু সময়ৰ সদ্ব্যৱহাৰ কৰি তেওঁক ভুৱা আৰু মনে সজা গোচৰত বন্দী কৰিব পাৰে । এই সন্দৰ্ভত আমি লেখ আবেদন দাখিল কৰিছো’’ বুলিও তেওঁ লগতে কয় । লগতে তেওঁ দাবী কৰে যে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ আৰক্ষীক অমৃতপাল সিঙৰ গোচৰত পত্ৰ উলিয়াবলৈ নিৰ্দেশ দিছে ।

"পঞ্জাৱ আৰু হাৰিয়ানা আদালতত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ এন এছ শ্বেখাৱাটে । বিষয়টোৰ ওপৰত ১.৩০ ঘন্টা বিতৰ্ক চলিছিল, য'ত পঞ্জাৱৰ এডভোকেট জেনেৰেল আৰু পঞ্জাৱ চৰকাৰৰ অন্যান্য অধিবক্তাও উপস্থিত হৈ নিজৰ পক্ষ দাখিল কৰিছিল ।" অধিবক্তা খাৰাই কয় ৷

লগতে পঢ়ক: Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান

তেওঁ লগতে কয় যে, দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশগৰাকীয়ে পঞ্জাৱ চৰকাৰক জাননী জাৰি কৰিছে আৰু লগতে পঞ্জাৱ আৰক্ষীক অমৃতপাল সিঙৰ গোচৰত পত্ৰ উলিয়াবলৈ নিৰ্দেশ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.