Amritpal Singh hunt updates: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী চাৰি খালিস্তান সমৰ্থক

author img

By

Published : Mar 19, 2023, 8:54 PM IST

Amritpal Singh hunt updates

অমৃতপাল সিঙৰ চাৰি সহযোগীক লৈ অনা হ’ল ডিব্ৰুগড় কাৰাগাৰলৈ ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশেষ বিমানেৰে চাৰিওকে অনা হয় ডিব্ৰুগড়লৈ ৷ শীঘ্ৰেই অমৃতপাল সিং গ্ৰেপ্তাৰ হ’ব বুলি সদৰী পঞ্জাৱ আৰক্ষীৰ (Crackdown against Amritpal singh) ৷

নেশ্যনেল ডেস্ক, 19 মাৰ্চ: বিশেষ বিমানেৰে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ লৈ অনা হ’ল চাৰি খালিস্তানী সমৰ্থকক (Khalistan sympathizer Amritpal Singh) ৷ ‘ৱাৰিছ পঞ্জাৱ দে’ (Waris Punjab De) নামৰ খালিস্তান পন্থী সংগঠনটোৰ এই চাৰি সদস্যক ৰখা হ’ব ডিব্ৰুগড়ৰ কাৰাগাৰত ৷ যাৰ বাবে ডিব্ৰুগড়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (Khalistan supporter brought to Assam) ৷

ইফালে, চাৰি খালিস্তানী সমৰ্থকক কাৰাগাৰলৈ অনাৰ সময়তো ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ এটা 27 জনীয়া আৰক্ষীৰ দলে চাৰি খালিস্তানী সমৰ্থকক বিমান বন্দৰৰ পৰা লৈ আহে কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ ইফালে, এই চাৰি সদস্যৰ মাজতে অমৃতপাল সিং থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই আৰক্ষীয়ে (Khalistan supporter in Assam jail) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চাৰি সদস্যক ডিব্ৰুগড় কাৰাগাৰত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে ডিব্ৰুগড় জিলা কাৰাগাৰতো কৰা হৈছে যাৱতীয় ব্যৱস্থা ৷

উল্লেখ্য যে, শনিবাৰে অমৃতপাল সিং তথা খালিস্তান সমৰ্থকৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ মুঠ 78 জন সদস্যক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিং আছে বুলি প্ৰথম অৱস্থাত তথ্য পোহৰলৈ আহিছিল যদিও পঞ্জাৱ আৰক্ষীয়ে সেই কথা নস্যাৎ কৰি অমৃতপাল সিঙক পলাতক ঘোষণা কৰে (Amritpal hunt updates) ৷

শিখসকলক লৈ এক পৃথক খালিস্তা গঠন কৰাৰ বাবে অমৃতপালে বৃহৎ সংখ্যক লোকক একত্ৰিত কৰাৰ লগতে মাত্ৰ এটা বছৰৰ ভিতৰতে পঞ্জাৱত জনপ্ৰিয় হৈ পৰিছিল ৷ বিভিন্ন অনুষ্ঠানত শিখসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণ কৰি অহাৰ অভিযোগ উত্থাপন কৰি পৃথক খালিস্তান গঠন কৰাৰ দাবী উত্থাপন কৰি আহিছিল অমৃতপাল সিঙে (Demand of Khalistan) ৷

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ এজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি তেওঁক মোকলাই আনিবলৈ পঞ্জাৱৰ আজনালা থানাত আক্ৰমণো সংঘটিত কৰিছিল অমৃতপাল সিঙৰ নেতৃত্বত যোৱা এটা দলে ৷ আৰক্ষীৰ সৈতে হোৱা হতা-হতি, লাঠি চাৰ্জ আৰু শিলগুটি নিক্ষেপৰ ঘটনাত অমৃতপাল সিঙৰ 12 জন সমৰ্থক আহত হোৱাৰ লগতে মূৰত শিলগুটি লাগি আঘাতপ্ৰাপ্ত হৈছিল আজনালাৰ আৰক্ষী অধীক্ষক (Amritpal Singh case update) ৷

কিন্তু এই ঘটনাৰ বাবে অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ কৰাৰ পৰা বিৰত আছিল আৰক্ষী ৷ যাৰ বাবে ব্যাপক সমালোচনাৰ সম্মুখীন হৈছিল পঞ্জাৱ আৰক্ষী ৷ অৱশেষত শনিবাৰে অমৃতপাল সিঙৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে চলাই বৃহৎ অভিযান ৷

এই অভিযানৰ পাচতেই পঞ্জাৱৰ আইন-শংখলা পৰিস্থিতি বিপৰ্যয় ঘটাৰ আশংকা কৰি ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ৷ আনহাতে শীঘ্ৰেই পলাতক অমৃতপাল সিং গ্ৰেপ্তাৰ হ’ব বুলি সদৰী কৰিছে পঞ্জাৱ আৰক্ষীয়ে ৷

লগতে পঢ়ক: Operation against Amritpal Singh: সন্ধান নাই অমৃতপালৰ, তীব্ৰতৰ আৰক্ষীৰ অনুসন্ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.