ETV Bharat / state

APCC President Bhupen Borah : আজমল অসমৰ জন-জীৱনৰ আটাইতকৈ বিষাক্ত ব্যক্তি: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 9:25 PM IST

এটা বিশেষ সংবাদ প্ৰতিষ্ঠান আৰু হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা ভূপেন বৰাৰ ৷ নিৰ্দিষ্ট সংবাদ প্ৰতিষ্ঠানটোক উদ্দেশ্যি বৰাই কয় যে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ সলনি হ’ব লাগে বুলিও বাতৰি কৰিব লাগে ।

APCC President Bhupen Borah
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ৪ নৱেম্বৰ : মহানগৰীৰ বশিষ্ঠস্থিত হোটেল গ্ৰীণউডত শনিবাৰে ভূপেন বৰাৰ সৈতে ৰাইজৰ দলৰ প্ৰতিনিধিৰ এক বৈঠক অনুষ্ঠিত হৈ যায় । বৈঠকত অৰাজনৈতিক আৰু অকংগ্ৰেছীসকলক সাক্ষাৎ কৰে বুলি মন্তব্য কৰে ভূপেন বৰাই । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে বিৰোধীক হৰেকমাল বুলি কোৱা কথাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই ।

বৰাই কয় যে এটা সংবাদ প্ৰতিষ্ঠানে ভূপেন বৰাৰ মন্তব্য পাতল বা তৰল বুলি প্ৰায়েই প্ৰচাৰ কৰে । কিন্তু মুখ্যমন্ত্ৰীয়ে বিৰোধীক হৰেকমাল বুলি কোৱাটো গধুৰ কথা নে পাতল কথা ? মুখ্যমন্ত্ৰীয়ে যে ‘‘ঐ ৰঙা পুলিচ, ঐ DC’’ বুলি কয়, ৰাজহুৱা মেল মিটিঙত বিষয়াসকলক "তই" সম্বোধন কৰে সেয়া গধুৰ নে পাতল ? গতিকে সেই সংবাদ গোষ্ঠীয়ে মুখ্যমন্ত্ৰীৰ চৰিত্ৰ সলনি হ’ব লাগে বুলিও বাতৰি কৰিব লাগে ।

অহা ৩ ডিচেম্বৰৰ ১১:৩০ বজাত মুখ্যমন্ত্ৰীয়ে সকলো উত্তৰ পাব বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে কৰ্ণাটক, হিমাচল প্ৰদেশত প্ৰচাৰ চলাই আহিও মুখ্যমন্ত্ৰীয়ে বহু ডাঙৰ কথা কৈছিল । সেয়ে ৰাজস্থান, মধ্য প্ৰদেশ ছত্তীশগড়ৰ নিৰ্বাচনৰ ফলাফলৰ পাচত মুখ্যমন্ত্ৰীৰ মুখ বন্ধ হ'ব । তেলেংগানাত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে নিৰ্বাচন খেলিবলৈ সাহস কৰা নাই‌ বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে কৰ্ণাটকত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কেবামাহ পাচতো বিৰোধী দলপতি নিৰ্বাচন কৰিব পৰা নাই বিজেপিয়ে ।

আনহাতে বিজপিৰ অশোক শৰ্মা, ৰাজেন গোঁহাই, ৰমেন ডেকাৰ বিজেপি সম্পৰ্কে মত কি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই ৷ তেওঁ কয় যে ২২-২৩ নৱেম্বৰত কাৰ্বি আংলঙত বিজেপিৰ বহু লোকে কংগ্ৰেছত যোগদান কৰিব । পাহাৰৰ ১৫ টা আৰু উজনিৰ ৮ টা জাতীয় সংগঠন কংগ্ৰেছৰ সৈতে বৈঠকত বহিব । তিনি ডিচেম্বৰৰ পাচত আসনৰ নিশ্চিত সংখ্যা ক’ব পৰা যাব বুলিও ভূপেন বৰাই জনায় ।

ইফালে বদৰুদ্দিন আজমলৰ সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিবলৈ মন নাই । মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আমি দিবলৈ বেয়া নাপাওঁ, কিন্তু আজমল সন্দৰ্ভত একো কথা ক’বলৈ আমাৰ মন নাই । একাংশ সংবাদ গোষ্ঠীক বাদ দি কোনো ৰাইজৰ মাজত নাই আজমল । অসমৰ জনজীৱনৰ বাবে আটাইতকৈ বিষাক্ত ব্যক্তি হৈছে আজমল । বিষাক্ত ব্যক্তিজন আলোচনাৰ মধ্যকেন্দ্ৰ হ'ব নালাগে । আজমল আৰু মুখ্যমন্ত্ৰী দুয়ো ভাৱৰীয়া । দুয়োৰে স্ক্ৰীপ্ট ৰাইটাৰ হৈছে মুখ্যমন্ত্ৰী । এজনেই স্ক্ৰীপ্ট লিখে দুয়োজনে ভাও দিয়ে । নহ’লে ২০২১ ৰ নিৰ্বাচনৰ আগদিনা লুঙী-টুপীৰ চৰকাৰ হব বুলি মন্তব্য নকৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে ।’’

লগতে পঢ়ক : BJP leader killed in Chhattisgarh : নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.