ETV Bharat / bharat

BJP leader killed in Chhattisgarh : নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:42 PM IST

ছত্তীশগড়ত ভয়ংকৰ হত্যাকাণ্ড । নিৰ্বাচনলৈ মাজত দুদিন বাকী থকা সময়তে নাৰায়ণপুৰত বিজেপি নেতাক মাওবাদীয়ে হত্যা কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

BJP leader killed in Chhattisgarh
নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত বিজেপি নেতাক হত্যা মাওবাদীৰ

নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : অহা ৭ নৱেম্বৰত ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । মাজত মাত্ৰ দুটা দিন বাকী আছে । এনে সময়তে মাওবাদী অধ্যুষিত ৰাজ্যখনত ভয়ংকৰ ঘটনা । ৰাজ্যখনৰ নাৰায়ণপুৰ জিলাত এগৰাকী বিজেপি নেতাক হত্যা কৰা হৈছে । বিজেপি নেতাগৰাকীক মাওবাদীয়ে হত্যা কৰাৰ অভিযোগ উঠিছে । মৃত বিজেপি নেতাগৰাকী ৰতন ডুবে বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি মাওবাদীয়ে কৌশলনাৰত বিজেপিৰ জিলা উপ-সভাপতি ৰতন ডুবেক নিৰ্মমভাৱে হত্যা কৰিছে । ৰতন ডুবে ধোদাই অঞ্চলৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা আছিল । শনিবাৰে তেওঁ কৌশলনাৰ গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই আছিল । অৱশ্যে হত্যাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

ইয়াৰ পূৰ্বেও ছত্তীশগড়ত বিজেপি নেতাক মাওবাদীয়ে হত্যা কৰিছিল । মহলা মানপুৰ জিলাত বিজেপি নেতা বিৰজু তাৰেমক হত্যা কৰিছিল । মাওবাদীৰ মতে নেতাগৰাকী আৰক্ষীৰ গুপ্তচৰ আছিল । ৮-১০ টা মাওবাদীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছিল । পাছত বিজেপি নেতাসকলে ইয়াক টাৰ্গেট কিলিং বুলি অভিহিত কৰিছিল ।

উল্লেখ্য যে হত্যাকাণ্ডৰ পূৰ্বে মাওবাদীয়ে নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছিল । মাওবাদীয়ে কাঙ্কেৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা ১০ কিলোমিটাৰ দূৰত বেনাৰো লগাইছিল । বেনাৰত মাওবাদীয়ে নিৰ্বাচন বৰ্জনৰ কথা লিখিছিল । কাঙ্কেৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰত মাওবাদীয়ে বেনাৰ লগাইছিল । লগতে মাওবাদীয়ে লোকসকলক ভোটদানৰ পৰা আঁতৰি থাকিবলৈও সকীয়াই দিছে ।

লগতে পঢ়ক :Bhupesh Baghel slams BJP : ডুবাইৰ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ কি সম্পৰ্ক আছে: ভূপেশ বাঘেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.