ETV Bharat / bharat

Bhupesh Baghel slams BJP : ডুবাইৰ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ কি সম্পৰ্ক আছে: ভূপেশ বাঘেল

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:08 PM IST

ডুবাইৰ লোকৰ সৈতে বিজেপিৰ সম্পৰ্ক আছে । বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মহাদেৱ সত্তা এপৰ সৈতে জড়িত লোকৰ সৈতে সম্পৰ্ক আছে । যাৰ বাবে সেই লোকসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

Bhupesh Baghel slams BJP
ডুবাইৰ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ কি সম্পৰ্ক আছে

নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ : নিৰ্বাচনমুখী ৰাজ্যসমূহত প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে । তাৰ মাজতে দলবোৰৰ নেতাসকলৰ বাকযুদ্ধও আকৰ্ষণীয় হৈ পৰিছে । বিশেষকৈ ছত্তীশগড়ত কংগ্ৰেছ আৰু বিজেপিৰ মৌখিক যুদ্ধও লক্ষণীয় হৈ পৰিছে । ৰাজ্যখনৰ শাসকীয় কংগ্ৰেছক বিজেপিয়ে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে । তেনে সময়তে কংগ্ৰেছেও কেন্দ্ৰত থকা বিজেপিক সমালোচনা কৰাৰ সুযোগ এৰি দিয়া নাই । ইয়াৰ মাজতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ গুৰুত্বপূৰ্ণ মন্তব্য । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ নেতাগৰাকী ।

  • प्रधानमंत्री जी का दुबई कनेक्शन…हो गई डील? pic.twitter.com/wNJoM9KtBk

    — Bhupesh Baghel (@bhupeshbaghel) November 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে প্ৰধানমন্ত্ৰী মোদীক ডুবাইৰ লোকৰ সৈতে চুক্তি কৰাৰ অভিযোগ উত্থাপন কৰে । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ পাছতে ইডিয়ে অভিযান চলাই আৰু কোটি কোটি টকা উদ্ধাৰ কৰে ।

ভূপেশ বাঘেলে কয় যে বিজেপিয়ে পোনপটীয়াকৈ যুঁজ দিব নোৱাৰে । বাঘেলৰ মতে শুকুৰবাৰে বিজেপিয়ে দুখন ইস্তাহাৰ প্ৰকাশ কৰে । এখন হিন্দীত আছিল যিটো বিজেপিৰ লেটাৰ পেডত আছিল । তেওঁৰ মতে দ্বিতীয়খন ইস্তাহাৰ ইংৰাজীত আছিল যিটো ইডিৰ লেটাৰ পেডত আছিল বুলি তেওঁ অভিযোগ কৰে ।

বাঘেলৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক প্ৰশ্ন কৰিছে ডুবাইৰ লোকৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে । কিন্তু বাঘেলে প্ৰধানমন্ত্ৰী মোডীক একেটা প্ৰশ্নকে কৰিছে তেওঁৰ ডুবাইৰ লোকৰ সৈতে কি সম্পৰ্ক আছে ? তেওঁ অভিযোগ কৰা মতে লুকআউট জাৰি কৰাৰ পাছতো মহাদেৱ সত্তা এপৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই । ভূপেশ বাঘেলৰ মতে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব । মহাদেৱ সত্তা এপ কিয় বন্ধ নহয় ? সেই এপটো বন্ধ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব বুলিও বাঘেলে দাবী কৰে ।

মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে প্ৰশ্ন কৰি কয় যে ছত্তীশগড়ত ইডি আৰু আয়কৰ বিভাগৰ লোক ঘূৰি ফুৰা স্বত্বেও হোটেলখনত কেনেকৈ ধন পালে । এয়া বিজেপিৰ বিফলতা বুলি তেওঁ অভিযোগ কৰে । ধনখিনি উদ্ধাৰৰ পাছত ড্ৰাইভাৰে কৈছে যে ধনখিনি বাঘেলজীক দিব লাগিব । ভূপেশ বাঘেলৰ প্ৰশ্ন ছত্তীশগড়ত বহু বাঘেল আছে । মুখ্যমন্ত্ৰীৰ মতে ইয়াৰ অৰ্থ হৈছে বিজেপিৰ ডুবাইৰ লোকৰ সৈতে সম্পৰ্ক আছে । বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মহাদেৱ সত্তাৰ সৈতে জড়িত অভিযুক্তসকলৰ সৈতে সম্পৰ্ক আছে আৰু কংগ্ৰেছক বদনাম কৰি আছে ।

লগতে পঢ়ক :Kharge called Nitish Kumar : মিত্ৰজোঁটক লৈ অসন্তুষ্ট নীতিশ কুমাৰ, বুজনিৰ চেষ্টা খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.