ETV Bharat / state

ED summons Kejriwal: I.N.D.I.A. ৰ শক্তি দেখি আজি বিজেপি কম্পমান: অপূৰ্ব ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:37 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তক সঞ্চালকালয় চমুকৈ ED এ চমন জাৰি কৰা সন্দৰ্ভত অসমৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া । লগতে অমৃত কলহ যাত্ৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কনকলতা বৰুৱাৰ নাম নোলোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভট্টাচাৰ্যই ।

ED summons Kejriwal
APCC general secretary Apurba Kumar Bhattacharjee

অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 2 নৱেম্বৰ: আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ED এ চমন জাৰি কৰা সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘২০২৪ৰ নিৰ্বাচনৰ বাবেই আজি অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ED লগাইছে । আজিলৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ১০ বছৰীয়া শাসন কালত এবাৰো সংবাদ মাধ্যমক সম্বোধন নকৰিলে । কেজৰিৱালৰ বাবে এইবাৰ ডালি নিসিজিব বুলি গম পালে । I.N.D.I.A. মিত্ৰজোঁট গঠন হোৱাৰ আধা ঘণ্টা পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত গম পাই যে বিজেপি এতিয়া শংকিত হৈ পৰিছে ।’’

তেওঁ লগতে কয়, ‘‘I.N.D.I.A. ৰ শক্তি দেখি আজি বিজেপি কম্পমান । যাৰ বাবে বিৰোধীক ভয় খুৱাবলৈ এনে কাম কৰিছে চৰকাৰে । ৰাহুল গান্ধীকো এনেকৈ ভয় খুৱাবলৈ বিচাৰিছিল বিজেপিয়ে । কিন্তু ন্যায়লয়ে আমাক উচিত ন্যায় দিলে । কেজৰিৱালে যদি দুৰ্নীতি কৰিছিল, ইমানদিনে কিয় ED লগোৱা নাছিল ?’’

পাঞ্জাৱ, গুজৰাটত নিৰ্বাচন খেলোতে কেজৰিৱাল দুৰ্নীতি পৰায়ন আছিল নে নাই মনত পৰা নাছিল বুলিও প্রশ্ন কৰে ভট্টাচাৰ্যই । লগতে I.N.D.I.A. মিত্ৰজোঁটৰ বাবেহে বিজেপিয়ে এনে কাম কৰিছে বুলি মন্তব্য কৰে APCC সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

ইফালে অমৃত কলহ যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি ভট্টাচাৰ্যই কয়, ‘‘অমৃত কলহৰ নামত চৰকাৰে কেৱল নাটক কৰিলে । অমৃত কলহৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সকলো বীৰ সেনানীৰ নাম ল’লে, কিন্তু প্ৰধানমন্ত্ৰীয়ে এবাৰো কনকলতাৰ নাম নল’লে । কেৱল ৰাজনীতি কৰিবৰ বাবেহে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্ৰতি মৰম দেখুৱাই আৰু অসম তথা উত্তৰ-পূবৰ কথা কয় প্ৰধানমন্ত্ৰীয়ে । দেশৰ স্বাধীনতা সংগ্ৰামত কনকলতাৰ নাম উচ্চাৰণৰ অবিহনে কেতিয়াও সেয়া সম্পূৰ্ণ হ'ব নোৱাৰে । স্বাধীনতা সেনানীৰ প্ৰতি বিজেপি চৰকাৰখনৰ সদিচ্ছা নাই । এই দেশপ্ৰেম প্ৰকৃত দেশপ্ৰেম নহয়, কেৱল উত্তৰ-পূবৰ লোকক আকৰ্ষণ কৰিবৰ বাবে এনে কাম কৰে ।’’

লগতে পঢ়ক: Delhi Liquor Policy Scam : ইডিৰ জাননী অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত; কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.