ETV Bharat / bharat

Delhi Liquor Policy Scam : ইডিৰ জাননী অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত; কেজৰিৱাল

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:40 PM IST

দিল্লী সুৰা কেলেংকাৰীত আজি ইডিৰ সন্মুখত অৰবিন্দ কেজৰিৱাল
Delhi Liquor Policy Scam

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত বৃহস্পতিবাৰে ইডিৰ সন্মুখত হাজিৰ হোৱাৰ কথা আছে । ইফালে বিজেপিয়ে এই সন্দৰ্ভত আপক আক্ৰমণ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব বুলিও একাংশই অনুমান কৰিছে ।

নিউজ ডেস্ক, ২ নৱেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ জাননীখন 'সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত' আৰু 'অবৈধ' । তেওঁ লগতে কয় যে তেওঁ ইডিৰ আহ্বানত বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, বৰং ভগৱন্ত মানৰ সৈতে মধ্যপ্ৰদেশৰ চিংৰোলাত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । তেওঁ কয় যে চাৰিখন ৰাজ্যৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত তেওঁৰ অংশগ্ৰহণত বাধা দিবলৈয়ে এই ব্যৱস্থা লোৱা হৈছে ।

  • #WATCH | Heavy security deployment outside the Enforcement Directorate (ED) in Delhi.

    ED has summoned Delhi CM and AAP national convener Arvind Kejriwal to appear before them today in connection with the Delhi excise policy case. pic.twitter.com/Y274YjVy6o

    — ANI (@ANI) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা নীতি কেলেংকাৰীৰ তদন্তৰ অংশ হিচাপে বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সন্মুখত হাজিৰ হ'বলৈ জাননী জাৰি কৰা হৈছিল । ইডিয়ে তেওঁক পুৱা ১১ বজাত সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল । ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহ আৰু ইডি কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হয় ।

  • #WATCH | On ED summon to CM Arvind Kejriwal, Delhi Minister and AAP MLA Saurabh Bharadwaj says, "This is being seen by not only India but the entire world that the Centre is drunk in power and it is so arrogant that it wants to crush every small political party. Aam Aadmi Party… https://t.co/J6h8P2GNeL pic.twitter.com/R0fdHiAmbN

    — ANI (@ANI) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলিও আশংকা কৰা হৈছে । এই চৰ্চাৰ বাবে ৰাজধানীৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে ।

  • #WATCH | Delhi: On ED summons to Delhi CM Arvind Kejriwal, BJP leader Harish Khurana says, "The law is doing its work. The ED has summoned him under the law. 2 days ago, the Supreme Court observation regarding Manish Sisodia's bail said that there is a money trail of Rs. 338… pic.twitter.com/jBs03FZmKn

    — ANI (@ANI) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে মন্ত্ৰী সৌৰভ ভৰদ্বাজ, গোপাল ৰায়, আতিশী আৰু সাংসদ ৰাঘৱ চাড্ডাই এই জেৰা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিছে । তাত তেওঁলোকে কৈছে যে আম আদমী পাৰ্টীৰ কোনো কৰ্মীয়ে ভয় খোৱা নাই । তেওঁলোকে অভিযোগ কৰে যে বিজেপিয়ে আম আদমী পাৰ্টী ধ্বংস কৰিব বিচাৰে । ইয়াৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালে এক সংবাদমেল অনুষ্ঠিত কৰে আৰু চাকৰি নিয়মীয়াকৰণ কৰা অনাময় কৰ্মীসকলক অভিনন্দন জনায় । অৱশ্যে এই সংবাদমেলত তেওঁ ইডিৰ চমনৰ বিষয়ে একো এটা উল্লেখ নকৰে ।

  • दिल्ली के मुख्यमंत्री अरविंद केजरीवाल आज ED के सामने पेश नहीं होंगे।

    ED ने दिल्ली के मुख्यमंत्री और आप के राष्ट्रीय संयोजक अरविंद केजरीवाल को दिल्ली आबकारी नीति मामले में आज पेश होने के लिए बुलाया है।

    (फाइल फोटो) pic.twitter.com/8TGtRxd5yN

    — ANI_HindiNews (@AHindinews) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে যোৱা এপ্ৰিল মাহতে দিল্লীৰ মুখ্যমন্ত্ৰীক এই গোচৰটোত চিবিআয়ে সোধাপোছাৰ বাবে মাতিছিল । অৱশ্যে ইডিয়ে এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে তেওঁক জেৰা কৰিব । কিন্তু যদি বিগত কেইটামান ঘটনালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু সাংসদ সঞ্জয় সিঙক সোধাপোছাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে, আতিশী আৰু সৌৰভ ভৰদ্বাজৰ দৰে আপ নেতাসকলেও তেওঁক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Delhi liquor scam : সুৰা নীতি কেলেংকাৰী গোচৰত কেজৰিৱালক ইডিৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.