ETV Bharat / bharat

Delhi liquor scam : সুৰা নীতি কেলেংকাৰী গোচৰত কেজৰিৱালক ইডিৰ তলব

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:32 AM IST

ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২ নৱেম্বৰত সোধাপোছৰ বাবে মাতি পঠিয়াইছে । তেওঁক ইডিৰ দিল্লীস্থিত কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা হৈছে । কিন্তু কেজৰিৱাল ইডিৰ কাৰ্যালয়লৈ যাব নে ইডিৰ পৰা অধিক সময় বিচাৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

Delhi liquor scam
সুৰা নীতি কেলেংকাৰী গোচৰত কেজৰিৱালক ইডিৰ তলব

নেশ্যনেল ডেস্ক,২ নৱেম্বৰ : দিল্লীৰ সুৰা নীতি কেলেংকাৰীক লৈ ইডি আৰু চিবিআইৰ তদন্ত প্ৰক্ৰিয়া চলি আছে । তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ইডিয়ে সোধাপোছাৰ বাবে মাতিছে । ২ নৱেম্বৰ অৰ্থাৎ আজি কেজৰিৱালক ইডিৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছে । জানিব পৰা মতে মুখ্যমন্ত্ৰীগৰাকী কেইঘণ্টামান পাছতে ইডিৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰীক ইডিয়ে সোধাপোছাৰ বাবে মাতি অনাৰ বিষয়টোৱে দিল্লীৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আম আদমি পাৰ্টীৰ নেতা-কৰ্মীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও বৃহস্পতিবাৰে দিল্লী ভ্ৰমণ কৰাৰ কথা আছে আৰু কেজৰিৱালক তেওঁ সাক্ষাৎ কৰিব ।

সুৰা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত ইডিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধাপোছৰ বাবে মাতি অনাৰ বিষয়টোত আম আদমি পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে । দলৰ নেতা তথা মন্ত্ৰী সৌৰভ ভৰদ্বাজ, আতিশী, ৰাঘৱ চাদ্দা, গোপাল ৰায়ে এটাৰ পাছত আন এটা অভিযোগ উত্থাপন কৰিছে । সংবাদমেল সম্বোধন কৰি তেওঁলোকে কৈছে যে ইয়াৰ বাবে দলৰ এগৰাকী কৰ্মীও ভয় নকৰে । অভিযোগ অনুসৰি বিজেপিয়ে আম আদমি পাৰ্টীক আঁতৰাব বিচাৰে । অৱশ্যে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন সংবাদমেল সম্বোধন কৰিছিল কিন্তু তাত তেওঁ ইডিৰ চমন বা সুৰা কেলেংকাৰী সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাছিল ।

  • INDIA गठबंधन के डर से मोदी रच रहा है बहुत बड़ी साजिश ‼️

    ◾️एक-एक करके इंडिया के सभी बड़े नेताओं को जेल में डालने की है साजिश

    ◾️मोदी समझ चुका है, वो INDIA के नेताओं को जेल में डालकर ही चुनाव जीत सकता है

    पूरा प्लान समझने के लिए यह वीडियो ज़रूर देखें 👇👇 pic.twitter.com/E2tPMYzim4

    — AAP (@AamAadmiParty) November 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে, সুৰা নীতি কেলেংকাৰীত চিবিআইয়ে এপ্ৰিলত কেজৰিৱালক সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল । চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে কেজৰিৱালে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে যদি কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত হয়, তেন্তে এই পৃথিৱীত কোনো সৎ নহয় । ইফালে চিবিআই আৰু ইডিয়ে এবছৰ ধৰি সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি আছে । এতিয়ালৈকে কিন্তু দুয়োটা সংস্থাই সঠিক প্ৰমাণ লাভ নকৰাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি ১০০ কোটি টকাৰ উৎকোচ লোৱা হৈছিল । সেয়া গোৱা নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উঠিছিল । অনুসন্ধানকাৰী সংস্থাবোৰে গোৱালৈ গৈও তাৰ তদন্ত চলাইছিল ।

দিল্লীৰ আম আদমি পাৰ্টী নেতৃত্বাধীন চৰকাৰৰ সুৰা নীতি কেলেংকাৰী গোচৰত বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া । নেতাগৰাকীৰ জামিন আবেদন সোমবাৰে পুনৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে । সঞ্জয় সিঙেও তিহাৰ কাৰাগাৰত এমাহৰ বাবে ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক :United Nations Resolution: ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত অনুপস্থিত ভাৰত; প্ৰশ্ন উত্থাপন চিপিআইএমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.