ETV Bharat / state

Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়ালৈ এজেপিৰ স্মাৰকপত্র

author img

By

Published : May 12, 2023, 7:58 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰক পত্ৰ প্ৰদান অজাপৰ ৷ নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ বিজেপি চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা বুলি অভিযোগ (Delimitation of constituency) ৷

Constituency delimitation
Constituency delimitation

বিজেপিৰ ভোট বেংক সুৰক্ষাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ: অজাপ

গুৱাহাটী,১২ মে’ : সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শুকুৰবাৰে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ এটা প্ৰতিনিধি দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১১ টা বিৰোধী ৰাজনৈতিক দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল (Assam constituency delimitation) ৷

শুকুৰবাৰে এজেপিয়ে এককভাৱে স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাচত সংবাদ মাধ্যমত আগত এজেপিৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোত বিজেপি চৰকাৰে হস্তক্ষেপ কৰা দেখা গৈছে ৷ চৰকাৰী পক্ষৰ পৰা হস্তক্ষেপ কৰাটো উচিত নহয় ৷ যাৰ বাবে ১১ টা ৰাজনৈতিক দলে কিছুমান বিষয় স্পষ্ট কৰাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰিছিল ৷

শুকুৰবাৰে এজেপিৰ ফালৰ পৰা মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দাখিল কৰা হৈছে ৷ স্মাৰক পত্ৰ প্ৰদান কৰা সন্দৰ্ভত তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ আইন অনুসৰি সমষ্টি এটাৰ সীমা নিৰ্ধাৰণ কৰাৰ সময়ত দুটা বিষয় গুৰুত্বসহকাৰে ল’ব লাগে ৷ এটা হৈছে প্ৰশাসনীয় ক্ষেত্ৰসমূহৰ সীমা গুৰুত্বসহকাৰে লক্ষ্য ৰাখিব লাগে ৷ আনটো হৈছে ভৌগোলিক পৰিসীমা আৰু ভৌগোলিক পৰিস্থিতি (Constituency delimitation controversy) ৷

কিন্তু দেখা গৈছে যে নিয়মৰ বিপৰীতে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত চৰকাৰৰ ফালৰ পৰা হস্তক্ষেপ কৰি বিজেপি দলৰ ভোট সংৰক্ষিত কৰিবৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক লৈ চৰকাৰ আৰু বিজেপি দলে ৰাইজক বিভ্ৰান্ত কৰা বুলি তেওঁ অভিযোগ কৰে ৷

তেওঁ লগতে কয় যে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্য চৰকাৰৰ বিষয়া জড়িত হৈ থাকে ৷ চক্ৰ বিষয়াই প্ৰথম প্ৰস্তাৱ প্ৰেৰণ কৰে ৷ এইক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ হ’ব পাৰে ৷ এই বিষয়সমূহ মুখ্য নিৰ্বাচনী বিষয়াৰ দৃষ্টিগোচৰ কৰা হৈছে ৷ তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰিব বিচাৰিছে (AJP on constituency delimitation) ।

লগতে পঢ়ক: BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.