ETV Bharat / state

BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

author img

By

Published : May 12, 2023, 3:44 PM IST

বন্ধ হোৱাৰ উপক্ৰম হৈছে নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড অথবা নামৰূপ সাৰ কাৰখানা ৷ নতুন গোট স্থাপন কৰাত অলপো গুৰুত্ব দিয়া নাই কেন্দ্ৰই ৷ পুৰণি গোটটোৱে ক্ৰমান্বয়ে লোকচানৰ মুখ দেখি আহিছে (BVFCL) ৷ ২০১৮-১৯ বিত্তীয় বৰ্ষত লোকচান আছিল ৬৩.১৫ কোটি টকা ৷ বৰ্তমান লোকচানৰ এই পৰিমাণ ১৫০ কোটি টকা হৈছেগৈ ।

BVFCL
BVFCL

গুৱাহাটী, ১২ মে’ : বিজেপি চৰকাৰৰ দিনত এটাৰ পাচত আনটোকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বন্ধ হৈ আহিছে (Brahmaputra Valley Fertilizer Corporation Limited) ৷ দুটাকৈ কাগজ কলৰ দৰে বন্ধ হ’ব নেকি নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড অথবা নামৰূপ সাৰ কাৰখানা ৷ কাৰণ চৰকাৰখনৰ গতিবিধিত বৰ্ত্তমান সময়ত সেই প্ৰশ্নই উত্থাপন হৈছে ৷

কেন্দ্ৰীয় চৰকাৰৰ গভীৰ ষড়যন্ত্ৰৰ বাবে সাৰ কাৰখানাটোত তলা ওলমিবলৈ আৰু বেছি দিন নালাগিব ৷ উল্লেখ্য যে, জোৰা-টাপলি মাৰি বৰ্তমান এটা ইউনিটে ইউৰিয়া উৎপাদন কৰি আছে ৷ ৰাসায়নিক সাৰ উদ্যোগৰ নিয়ম অনুসৰি কেতিয়াবাই এই ইউনিটৰ আয়ুস উকলি গ’ল ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে সাৰ উদ্যোগটোত নতুন ইউনিট স্থাপন নকৰি পুৰণি ইউনিটটোতে উৎপাদন কৰি থাকিব লগা হৈছে (BVFCL) ৷

কেন্দ্ৰীয় চৰকাৰৰ ১৭ বছৰীয়া প্ৰতিশ্ৰুতিয়ে আজিও বাস্তৱত ৰূপ নাপালে ৷ ২০০৬ চনত ৬০০ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰ কাৰখানাত চতুর্থ গোট স্থাপন কৰাৰ কথা আছিল ৷ কিন্তু চতুর্থ গোটতো স্থাপনৰ বাবে বিভিন্ন সময়ত লোৱা বিভিন্ন আঁচনিৰ এটাও কার্যক্ষেত্ৰত পৰিণত নহ’ল ৷

উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া কেন্দ্ৰীয় চৰকাৰে চতুৰ্থ গোট স্থাপনৰ নামত কাৰ্যতঃ অসমক প্ৰতাৰণা কৰিলে ৷ আনকি ২০১৫ চনত লোৱা কেবিনেট সিদ্ধান্তৰ পাচতো চতুর্থ গোট স্থাপনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ ফলত বর্তমান চলি থকা গোটটোৱে ক্ৰমান্বয়ে লোকচানৰ মুখ দেখি আহিছে (Fertilizer production in Assam) ৷

চৰকাৰী তথ্যমতে নামৰূপ সাৰ কাৰখানাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত লোকচান আছিল ৬৩.১৫ কোটি টকা, ২০১৯-২০ বৰ্ষত ১২৯.৭০ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ১৩৭.৭৫ কোটি টকা ৷ লোকচানৰ এই পৰিমাণ বর্তমান প্ৰয় ১৫০ কোটি টকা হৈছেগৈ ৷ জোৰা-টাপলি মাৰি চলাই থাকিলে লোকচান হোৱাটো স্বাভাৱিক যদিও কেন্দ্ৰীয় চৰকাৰে উদ্যোগটো পুনৰ নিৰ্মাণ বা নতুন গোট স্থাপন কৰাত অলপো গুৰুত্ব দিয়া নাই (Crisis of Namrup fertilizer plant) ৷

লক্ষণীয় বিষয় যে, লোকচানৰ দোহাই দি অচিৰেই প্ৰচুৰ সম্ভাৱনা থকাৰ পাচতো নামৰূপ সাৰ কাৰখানাটো চৰকাৰে বন্ধ ঘোষণা কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে ৷ বর্তমান তেনে এটা ইংগিতেই দেখা পোৱা গৈছে ৷ কাৰণ দুটা মাহৰ পূৰ্বে দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় সাৰ ৰাসায়ন দপ্তৰৰ মন্ত্ৰীয়ে অংশ লোৱা এখন বৈঠকত চতুর্থ গোট স্থাপনৰ বাবে কোনো ইচ্ছা প্ৰকাশ নকৰিলে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷

কিন্তু ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৫ টা বন্ধ হৈ থকা সাৰ উদ্যোগ ‘নমিনেশ্যন ছিষ্টেম’ৰ যোগেদি নতুনকৈ স্থাপন কৰি বৰ্তমান উৎপাদনক্ষম কৰি তুলিলে ৷ কিন্তু নামৰূপ সাৰ কাৰখানা চলি থকা সত্বেও ইয়াত চতুর্থ গোট স্থাপনৰ বাবে ‘নমিনেশ্যন ছিষ্টেম’ৰ ব্যৱস্থা নকৰি নিবিদাৰ ব্যৱস্থা কৰে ৷ যাৰ বাবে লোকচানৰ মুখ দেখি থকা উদ্যোগটোক বিনিয়োগকৰিবলৈ কোনো আগবাঢ়ি নাহিল ৷

ইফালে নামৰূপ সাৰ উদ্যোগটোক নৱজীৱন দিয়াত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে সাংসদ তথা কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli) । সাংসদজনে দহটা বছৰত নিজৰ সমষ্টিৰ অসমৰ একমাত্ৰ সাৰ উদ্যোগটোৰ উন্নয়নৰ ক্ষেত্ৰত ফুটা-কড়ি এটাও আনিব নোৱাৰিলে ৷ এনেদৰে থাকিলে হয়টো এদিন ইতিহাস হৈ ৰ’ব নামৰূপ সাৰ কাৰখানা ।

লগতে পঢ়ক: Enact law to stop polygamy: বহুবিবাহ বন্ধৰ আইন প্ৰণয়নৰ বাবে চৰকাৰে গঠন কৰিলে বিশেষজ্ঞ সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.