ETV Bharat / state

Badruddin Ajmal: আজমলৰ মতে ৰাজীৱ ভৱনত চাউল উকলিছে ভূপেন বৰাৰ

author img

By

Published : Jul 17, 2022, 7:23 PM IST

Badruddin Ajmal
ভূপেন বৰাক নিজৰ চাকৰিৰ কথা চিন্ত‍া কৰিবলৈ আজমলৰ পৰামৰ্শ

এ আই ইউ ডি এফক গাড্ডাৰ বুলি ক'বলৈ ভূপেন বৰা(APCC President Bhupen Bora) কোন? এই প্ৰশ্ন বদৰুদ্দিন আজমলৰ ৷ আজমলে লগতে কয়, ভূপেন বৰাই নিজৰ চাকৰিৰ কথা চিন্তা কৰক ৷ তেওঁৰ চাকৰিৰ আৰু বেছি দিন নাই ।

গুৱাহাটী, ১৭ জুলাই: অব্যাহত আছে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ(Congress AIUDF conflict) । ৰাষ্ট্ৰপতি নিৰ্বাচনক(Presidential election 2022) কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজৰ সংঘাত ।

ভূপেন বৰাক নিজৰ চাকৰিৰ কথা চিন্ত‍া কৰিবলৈ আজমলৰ পৰামৰ্শ

ৰাজ্যসভাৰ নিৰ্বাচনৰ বিতৰ্কৰ পাছতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত হোৱা সংঘাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততো স্পষ্ট ৰূপত প্ৰকাশিত হৈছে । পৰস্পৰে পৰস্পৰক সন্দেহৰ আঙুলি টোঁৱাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে । দেওবাৰে পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে(AIUDF president Badruddin Ajmal) ।

এ আই ইউ ডি এফক গাড্ডাৰ বুলি ক'বলৈ ভূপেন বৰা(APCC President Bhupen Bora) কোন বুলি প্ৰশ্ন কৰি আজমলে কয় যে আমাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিবলৈ তেওঁ কোন? ভূপেন বৰাই নিজৰ চাকৰিৰ কথা চিন্তা কৰক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি আজমলে(Badruddin Ajmal) কয় যে তেওঁৰ চাকৰিৰ আৰু বেছি দিন নাই ।

যদি ভূপেন বৰাই সঁচাই গাড্ডাৰ বুলি কৈছে তেনেহ'লে প্ৰয়োজন সাপেক্ষে প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ কথাও ক’লে এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Presidential Election 2022: অখিল গগৈৰ মতে আজমলৰ দলে NDAৰ প্ৰাৰ্থীক ভোট দিয়াটো খাটাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.