ETV Bharat / state

Indrani suicide case: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ তদন্তত ন ন তথ্য়

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:22 PM IST

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰাৰ সময়তে তদন্তত ন ন তথ্য় পোহৰলৈ অহাত শংকিত হৈছে বহুতো ।

Indrani suicide case
অভিযুক্ত দ্বীবন ডেকা

অভিযুক্ত দ্বীবন ডেকা

গুৱাহাটী, ২৫ আগষ্ট :বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দ্বীবন ডেকাৰ আৰক্ষীৰ জিম্মাৰ আজি ম্যাদ উকলি যোৱাত আদালতত হাজিৰ কৰোৱা হয় । আদালতে দ্বীবন ডেকাক পুনৰ ৩ দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে । ইপিনে, কাইলৈ অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দাসৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ।

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত ন ন তথ্য উদঘাটন হৈছে । চাকৰিৰ নামত বিজেপিৰ নেতা পালিনেতাই ধন সংগ্ৰহৰ তথ্য পোহৰলৈ আহিছে । গুৱাহাটী,নলবাৰী,যোৰহাটৰ প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহৰ তথ্য পোহৰলৈ আহিছে । চাকৰিৰ নামত ধন লোৱাই নহয়, ধন দিয়া প্ৰাৰ্থীও আহিব তদন্তৰ আওতালৈ । ইতিমধ্য়ে নলবাৰীৰ ২৫ গৰাকী প্ৰাৰ্থীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

ইপিনে,নলবাৰী আৰক্ষী থানাত জেৰা কৰা নলবাৰী কিষাণ মৰ্চাৰ সম্পাদক হেমন্ত দাসৰ কন্যাৰ চাকৰিৰ নামত দিয়া এগ্ৰিমেন্ট কপি অসীম চক্ৰৱৰ্তীৰ লেপটপত লাভ কৰিছে আৰক্ষীয়ে । উল্লেখ্য় যে এই সমগ্ৰ ঘটনাটোত চানমাৰি আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈছিল । দুয়োটা গোচৰৰে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে,আন এক অভিযুক্ত অভিমন্যু দাস বৰ্তমানো পলাতক । অভিমন্যু দাসৰ বেংক একাউণ্ট ছীল কৰি দিছে আৰক্ষীয়ে ।

অভিমন্যু দাসে কাঠমাণ্ডুত আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে । সমগ্ৰ ঘটনাটোৰ তদন্তত চাকৰিৰ নামত ধন সংগ্ৰহ কৰা আৰ এছ এছ বিজেপিৰ নেতাৰ নাম লাভ কৰিছে আৰক্ষীয়ে । চাকৰিৰ নামত বেহা চলাই লাখে লাখে ধন সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ঘটনাৰ অন্যতম অভিযুক্ত অনুৰাগ চলিহাই । চাকৰিৰ নামত সংগ্ৰহ কৰা ধনৰ ভাগ লোৱা কেইবাজনো আৰ এছ এছ, বিজেপি নেতাৰ নাম লৈছে অনুৰাগে ।

তদুপৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হৈ যোৱা তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত শীৰ্ষ নেতাৰ নিৰ্দেশত ধন সংগ্ৰহ কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অনুৰাগে । ইপিনে, ইন্দ্ৰানী তহবিলদাৰৰ ফটো ভাইৰেল কৰা ঘটনা সন্দৰ্ভত ৪৯ জন লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে । পৰ্যায়ক্ৰমে তালিকাত থকা সকলোক জেৰাৰ বাবে থানলৈ তলব কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে । ইপিনে, চাকৰিৰ নামত ধন সংগ্ৰহ কৰা নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰবক্তা অসীম চক্ৰৱৰ্তীক চাকৰিৰ পৰা নিলম্বন কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:Protest against Tea factory:ধেমাজিত কৃষ্ণ চাহ উদ্যোগৰ বিৰুদ্ধে গৰজি উঠিল আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.