ETV Bharat / state

Protest against Tea factory:ধেমাজিত কৃষ্ণ চাহ উদ্যোগৰ বিৰুদ্ধে গৰজি উঠিল আছু

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:48 PM IST

Dimau Students Union protest in Dhemaji
ধেমাজিত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰাৰ অভিযোগ

ধেমাজিৰ ডিমৌত নতুনকৈ গঢ় লৈ উঠা কৃষ্ণ চাহ উদ্যোগ প্ৰতিষ্ঠানত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰা,কেঁচাপাতৰ উচিত মুল্য প্ৰদান নকৰাক লৈ আছুৰ তীব্ৰ অভিযোগ । সমস্যা সমাধানৰ আহব্বান কৃষ্ণ চাহ উদ্যোগৰ স্বত্বাধিকাৰীক ।

ধেমাজিত শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদান নকৰাৰ অভিযোগ

জোনাই, ২৫ আগষ্ট: ধেমাজি জিলাৰ চিলাপথাৰ ডিমৌ নাহৰনি বালিজানত নতুনকৈ স্থাপিত কৃষ্ণ চাহ উদ্যোগ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ লগতে শ্ৰমিক আৰু ছাত্ৰ সন্থা । প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিতৰ অভিযোগত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল চিলাপথাৰৰ কৃষ্ণ চাহ উদ্যোগ । চাহ শ্ৰমিকক চূড়ান্ত শোষণ,বঞ্চনা কৰি অহা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ইয়াৰ শ্ৰমিকসকলে । শ্ৰমিকে শ্ৰমিকক শোষণ নীতি বন্ধ কৰাৰ লগতে শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰা,উপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰাৰ দাবী জনাইছে । ফেক্টৰীৰ পৰা নিৰ্গত লেতেৰা মলসমূহ কাষতে বৈ থকা জবা নদীত মুকলি কৰি দি নৈখনৰ পানী দূষিত কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

ৰাইজৰ লগতে শ্ৰমিক আৰু ছাত্ৰ সন্থাই কয় যে কৃষ্ণ চাহ উদ্যোগৰ কৰ্তৃপক্ষই নিজ মইমতালিৰে কেচাঁপাতৰ উচিত মূল্য প্ৰদান কৰা নাই । তদুপৰি শ্ৰমিক আইন নামানি শ্ৰমিকক ১ ঘন্টাৰ বাবদ মাথো ৩০ টকা প্ৰদান কৰা বুলি অভিযোগ উঠিছে । ইপিনে,ৰাইজে বাৰম্বাৰ কাকুতি মিনতি কৰাৰ পিছতো ফেক্টৰীৰ পৰা নিৰ্গত লেতেৰা মলসমূহ কাষতে বৈ থকা জবা নদীত মুকলি কৰি দি নৈখনৰ পানী দূষিত কৰিছে । তদুপৰি য'তে ত'তে মেচিনৰ পৰা নিৰ্গত লেতেৰা মল আদি এৰি দিয়াত ফেক্টৰীৰ আশে-পাশে থকা সেউজীয়া ধাননি পথাৰবোৰ হালধীয়া বৰণৰ ৰূপ লোৱা বুলি অভিযোগ তুলিছে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ৷

ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই উল্লেখ কৰি কয় যে মুকলি কৰি দিয়া ম’লৰ ফলস্বৰূপে উক্ত পানী সেৱন কৰি বহু পশুধন ৰোগত পৰি মৃত্যুৰ দৰে ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ তুলিছে ৷ ঘটনাটোক লৈ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই ফেক্টৰীৰ চৌহদত অৰ্ধ শতাধিক সংগঠনটোৰ কৰ্মীয়ে একত্ৰিত হৈ ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷

তদুপৰি পিছপৰা গাঁওখনৰ মাজৰ পথটোৱেদি ফেক্টৰীৰ বৃহৎ বৃহৎ আকাৰৰ বাহন প্ৰৱেশ কৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত মাজে সময়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি তীব্ৰ অভিযোগ তুলি ইয়াৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বত্বাধিকাৰীক আহব্বান জনাইছে ৷ অন্যথা পৰবৰ্তী সময়ত ৰাইজৰ সহযোগত গনতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক:Banned on plastic water bottles : ৰাজ্যত নিষিদ্ধ ১০০০ মিঃলিঃৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ তথা ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.