ETV Bharat / state

Banned on plastic water bottles : ৰাজ্যত নিষিদ্ধ ১০০০ মিঃলিঃৰ তলৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ তথা ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:04 PM IST

ৰাজ্যত নিষিদ্ধ ১০০০ মিলিলিটাৰ ক্ষমতাৰ তলৰ প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ বা নিৰ্মাণ । মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ পৰা কাৰ্যকৰী হ'ব ।

Banned on plastic water bottles
অসম চৰকাৰৰ কেবিনৰ সিদ্ধান্ত

তেজপুৰ, ২৫ আগষ্ট: অসম চৰকাৰৰ কেবিনেটে যোৱা ২২ জুলাইত লোৱা এক সিদ্ধান্ত আজি মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰী কৰিছে । অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যত ২ অক্টোবৰৰ পৰা ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ পৰিৱেশ আৰু বন বিভাগে জাৰি কৰা নিৰ্দেশটোত উল্লেখ কৰা হৈছে যে প্লাষ্টিক পেকেজিং পানীৰ বটল পূৰ্বতে নিৰ্দেশ জাৰি কৰা প্লাষ্টিক বেগৰ লগত বন্ধ কৰা হোৱা নাছিল । কিন্তু এতিয়া পৰিৱেশ সংৰক্ষণ মন্ত্ৰণালয়ৰ দ্বাৰা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট আইন ২০১৬ ক পুনৰ ২০২১ ত সংশোধনী কৰি প্লাষ্টিক বটল নিষিদ্ধ ঘোষিত কৰিছে ।

Banned on plastic water bottles
অসম চৰকাৰৰ কেবিনৰ সিদ্ধান্ত

অহা ২ অক্টোবৰ অৰ্থাৎ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীটো ভাৰতত স্বচ্ছ ভাৰত অভিযান হিচাবে পালন কৰি আহিছে । অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰ এছ প্ৰসাদে eCF No.338122/24 জৰিয়তে ঘোষণা কৰে যে, যিহেতু একক ব্যৱহৃত প্লাষ্টিক বস্তু যিবোৰৰ আৱৰ্জনাৰ সম্ভাৱনা অতি বেছি, ই হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিৱেশৰ ক্ষতি কৰে আৰু স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে ।

যিহেতু ভাৰতৰ সংবিধানৰ ৪৮-ক অনুচ্ছেদত অন্যান্য বিষয়ৰ লগতে ৰাজ্যখনে পৰিৱেশ সুৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰিব বুলি কল্পনা কৰা হৈছে সেইবাবে ভাৰত চৰকাৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ত পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ৰ (১৯৮৬ চনৰ ২৯ নং আইন) অধীনত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নিয়ম ২০১৬ৰ অধিসূচনাত কিছুমান প্লাষ্টিকৰ কেৰী বেগ আৰু পাত্ৰৰ ব্যৱহাৰ আৰু ইয়াৰ পৰিচালনাত বাধা আৰোপ কৰিছিল পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ।

২০২১ চনৰ ১২ ছেপ্টেম্বৰত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাক পুনৰ অৱগত কৰা হয় আৰু (সংশোধনী) নিয়ম, ২০২১ উৎপাদন, আমদানি, মজুত, বিতৰণ, বিক্ৰী নিষিদ্ধ কৰা আৰু তলত উল্লেখ কৰা অনুসৰি ২০২২ৰ ১ জুলাই পৰা কাৰ্যকৰী হোৱাকৈ উক্ত নিয়মৰ নিয়ম ৪ৰ উপ নিয়ম (২)ত উল্লেখ কৰা ধৰণে প্লাষ্টিকৰ লাঠিৰে কাণ চাফা কৰা, বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা, মিঠাইৰ লাঠি, আইচক্ৰীমৰ লাঠি, সজ্জাৰ বাবে পলিষ্টাইৰিণ (থাৰ্মোকল) প্লাষ্টিকৰ প্লেট, কাপ, গিলাচ, কাটলেৰী যেনে কাঁটা চামুচ, চামুচ, কটাৰী, ষ্ট্ৰ', ট্ৰে, মিঠাই বাকচ, নিমন্ত্ৰণ কাৰ্ড আৰু চিগাৰেটৰ পেকেট, ১০০ মাইক্ৰন ষ্টাৰতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰৰ চাৰিওফালে ফিল্ম মেৰিয়াই বা পেকিং কৰা ইত্যাদি বন্ধ কৰা হৈছে ।

তদুপৰি ২০২১ৰ ৩০ ছেপ্টেম্বৰ পৰা কাৰ্যকৰী হোৱাকৈ ৭৫ মাইক্ৰনতকৈ কম ডাঠ আৰু ২০২২ৰ ৩১ ডিচেম্বৰ পৰা কাৰ্যকৰী হোৱাকৈ ১২০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ বেগ আদি বন্ধ কৰা হৈছে ।

কিন্ত খোৱাপানী পেকেজিঙৰ বাবে প্লাষ্টিকৰ বটল ২০২১ চনত সংশোধিত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০১৬ত ভাৰত চৰকাৰে নিষিদ্ধ কৰা এছ ইউ পিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই । সেইবাবেই পৰিৱেশ মন্ত্ৰনালয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে ১০০০ মিলিলিটাৰ আয়তনলৈকে পেকেটত ভৰোৱা খোৱাপানীৰ বটলৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰদূষণৰ সম্ভাৱনা বৃহৎ পৰিমাণৰ পেকেটত ভৰোৱা খোৱাপানীৰ বটলতকৈ বেছি ।

গতিকে পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ৰ ৫ নং ধাৰাত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি উক্ত আইনখনৰ ২৩ নং ধাৰাত ৰাজ্যক প্ৰদান কৰা ক্ষমতা অনুসৰি, ভাৰতৰ অধিসূচনা নং.S.0.152 (E) dtd. ১৯৮৮ চনৰ ১০ ফেব্ৰুৱাৰীত অসমত ১০০০ মিলিলিটাৰ ক্ষমতাৰ তলৰ প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ বা নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । এই অধিসূচনাৰ বিধান কাৰ্যকৰী কৰাটো নগৰ আৰু গ্ৰাম্য স্থানীয় সংস্থা, জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ আৰু অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ওপৰত নিহিত হ'ব । এই অধিসূচনা অহা ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক:Businessman attacked in Nagaon: নগাঁৱত ব্যৱসায়ীক ছুৰীকাঘাত দুৰ্বৃত্তৰ; কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.